ETV Bharat / bharat

দেশৰ ৪ খন ৰাজ্যলৈ ৫১০ মেট্ৰিক টন তৰল অক্সিজেন এক্সপ্ৰেছৰ যাত্ৰা

author img

By

Published : Apr 29, 2021, 5:21 PM IST

ভাৰতীয় ৰে'লৱেৰ অক্সিজেন এক্সপ্ৰেছ ৰে'লসমূহে উত্তৰ প্ৰদেশ, মহাৰাষ্ট্ৰ, দিল্লী আৰু মধ্য প্ৰদেশলৈ ৫১০ মেট্ৰিক টন তৰল অক্সিজেনৰ সৈতে যাত্ৰা আৰম্ভ কৰিছে । ভাৰতীয় ৰে'লৱেই উত্তৰ প্ৰদেশলৈ ২০২ মেট্ৰিক টন, মহাৰাষ্ট্ৰলৈ ১৭৪ মেট্ৰিক টন, দিল্লীলৈ ৭০ মেট্ৰিক টন আৰু মধ্য প্ৰদেশলৈ ৬৪ মেট্ৰিক টন অক্সিজেন প্ৰেৰণ কৰিছে ।

দেশৰ ৪ খন ৰাজ্যলৈ ৫১০ মেট্ৰিক টন তৰল অক্সিজেন এক্সপ্ৰেছৰ যাত্ৰা
দেশৰ ৪ খন ৰাজ্যলৈ ৫১০ মেট্ৰিক টন তৰল অক্সিজেন এক্সপ্ৰেছৰ যাত্ৰা

নেশ্যনেল ডেস্ক, ২৯ এপ্ৰিল : ভাৰতীয় ৰেলৱেই দেশৰ বিভিন্ন প্ৰান্তলৈ তৰল অক্সিজেনৰ সৰবৰাহ অব্যাহত ৰাখিছে । ইতিমধ্যে ভাৰতীয় ৰে'লৱেৰ অক্সিজেন এক্সপ্ৰেছ ৰে'লসমূহে উত্তৰ প্ৰদেশ, মহাৰাষ্ট্ৰ, দিল্লী আৰু মধ্য প্ৰদেশলৈ ৫১০ মেট্ৰিক টন তৰল অক্সিজেনৰ সৈতে যাত্ৰা আৰম্ভ কৰিছে । হাৰিয়ানা চৰকাৰেও অক্সিজেন এক্সপ্ৰেছৰ বাবে অনুৰোধ জনাইছে ।

ইফালে ৰেল বিভাগে জনোৱা মতে বৰ্তমান ফৰিদাবাদত টেংকাৰবোৰ লোড কৰা হৈছে যাক ৰাউৰকেলালৈ অক্সিজেন ভৰ্তি কৰাৰ বাবে প্ৰেৰণ কৰা হ'ব । ইফালে পৰিকল্পনা অনুসৰি পাঁচখন টেংকাৰৰ ক্ষমতা থকা দুখন অক্সিজেন এক্সপ্ৰেছ বিশেষভাৱে হাৰিয়ানাৰ বাবে যাত্ৰা আৰম্ভ কৰিব ।

মধ্যপ্ৰদেশত বুধবাৰে পুৱাই ৬৪ মেট্ৰিক টনতকৈও অধিক তৰল অক্সিজেনৰ এক্সপ্ৰেছ উপস্থিত হৈছে । এই টেংকাৰবোৰ মধ্য প্ৰদেশৰ জবলপুৰ, ভূপাল আৰু সাগৰৰ দৰে চহৰত আনলোড কৰা হৈছে । লক্ষ্ণৌত বুধবাৰে চতুৰ্থখন অক্সিজেন এক্সপ্ৰেছৰ তৰল অক্সিজেনৰ তিনিখন টেংকাৰ উপস্থিত হয় । আন এক খালী ৰেক লক্ষ্ণৌৰ পৰা বোকাৰোলৈ গৈ আছে যিয়ে উত্তৰ প্ৰদেশলৈ অক্সিজেন যোগান পূৰণ কৰা বাবে আন এক অক্সিজেন টেংকাৰ আনিব ।

ৰেল বিভাগে জনোৱা মতে এতিয়ালৈকে ভাৰতীয় ৰে'লৱেয়ে উত্তৰ প্ৰদেশলৈ ২০২ মেট্ৰিক টন, মহাৰাষ্ট্ৰলৈ ১৭৪ মেট্ৰিক টন, দিল্লীলৈ ৭০ মেট্ৰিক টন আৰু মধ্য প্ৰদেশলৈ ৬৪ মেট্ৰিক টন অক্সিজেন প্ৰেৰণ কৰিছে ।

লগতে পঢ়ক:চিকিৎসা সাহাৰ্য লৈ ভাৰতত উপস্থিত ৰাছিয়াৰ বিমান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.