নেশ্যনেল ডেস্ক, 8 আগষ্ট : "ভাৰতৰ পৰিস্থিতি পাকিস্তানৰ তুলনাত ভয়াৱহ কৰি তুলিছে প্ৰধানমন্ত্ৰী মোদীয়ে । এইটো অতি দুৰ্ভাগ্যজনক । আমি দিল্লীৰ জনসাধাৰণৰ লগতে বিজেপিৰ বিৰুদ্ধে আমাৰ যুঁজ অব্যাহত ৰাখিম ৷" সংসদত বিতৰ্কিত দিল্লী সেৱা বিধেয়কখন গৃহীত হোৱাৰ পিচতে আপৰ নেতা তথা দিল্লীৰ মন্ত্ৰী আতিশীয়ে সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া ব্যক্ত কৰে ৷
সোমবাৰে উচ্চ সদনত এই বিধেয়কখন গৃহীত হয়, য’ত দিল্লীৰ লেফটেনেণ্ট গৱৰ্ণৰক দিল্লীত গ্ৰুপ এ সেৱা নিয়ন্ত্ৰণৰ ক্ষমতা প্ৰদান কৰা হৈছে ৷ য’ত নিযুক্তি, বদলি আৰু পদবীৰ সৈতে জড়িত বিষয়সমূহো অন্তৰ্ভুক্ত কৰা হৈছে । 131 জন সাংসদে এই আইনখনৰ সপক্ষে আৰু 102 জন সাংসদে বিধেয়কখনৰ বিৰুদ্ধে ভোট দিয়ে ।
বিতৰ্কিত বিধেয়কখন উত্থাপন কৰা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে দিল্লী সেৱা বিধেয়কখনে উচ্চতম ন্যায়ালয়ৰ ৰায় উলংঘা কৰা নাই, ইয়ে দিল্লীত নিৰ্বাচিত চৰকাৰখনেই 'বছ' অৰ্থাৎ "সৰ্বোচ্চ' বুলি কৈছে ।
উল্লেখ কৰা প্ৰয়োজন যে, এই প্ৰস্তাৱিত আইনখনৰ দ্বাৰা অধিক প্ৰভাৱিত হ’ব পৰা দিল্লীৰ শাসকীয় দল আপে বিৰোধীক একত্ৰিত কৰি বিগত কেইবা সপ্তাহ ধৰি সদনত ইয়াৰ বিৰুদ্ধে যুক্তি আগবঢ়ায় আহিছে । আপে যুক্তি দিছে যে এই প্ৰস্তাৱিত আইনখনে নিৰ্বাচিত চৰকাৰক একাষৰীয়া কৰি এনে এক নজিৰ গঢ়ি তুলিব যাৰ সহায়ত বিৰোধী শাসিত যিকোনো ৰাষ্ট্ৰৰ শাসন ক্ষমতা কাঢ়ি নিব পৰা যাব ।
আপ নেতা ৰাঘৱ চাড্ডাই এই সন্দৰ্ভত কয় যে, দিল্লী সেৱা বিধেয়কখন ৰাষ্ট্ৰীয় ৰাজধানীত নিৰ্বাচিত চৰকাৰৰ ক্ষমতা কাঢ়ি নিয়াৰ লক্ষ্যৰে এক "ৰাজনৈতিক প্ৰৱঞ্চনা" আৰু "সাংবিধানিক পাপ" ৷ চাড্ডাই এই বিধেয়কখনক সদনত এতিয়ালৈকে উপস্থাপন কৰা আটাইতকৈ সংবিধান বিৰোধী, অবৈধ, অগণতান্ত্ৰিক আইন বুলি অভিহিত কৰে ৷
লগতে পঢ়ক: Delhi Services Bill : সংসদত গৃহীত হ’ল বিতৰ্কিত দিল্লী সেৱা বিধেয়ক