ETV Bharat / bharat

Opposition Meet in Patna : নীতিশ কুমাৰৰ বিৰোধী বৈঠক ২৩ জুনলৈ স্থগিত

author img

By

Published : Jun 5, 2023, 1:21 PM IST

বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে ১২ জুনত পাটনাত আহ্বান জনোৱা তেওঁৰ প্ৰস্তাৱিত বিৰোধী বৈঠক আগবাঢ়িব নোৱাৰিব পাৰে (Opposition meet in Patna postponed) । কাৰণ বহুকেইজন ডাঙৰ নেতা উক্ত বৈঠকত উপস্থিত থাকিব নোৱাৰাৰ সম্ভাৱনাই দেখা দিছে । কিয়নো কংগ্ৰেছ নেতা ৰাহুল গান্ধী বৰ্তমান দেশৰ বাহিৰত আছে । আনহাতে, এআইচিচিৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে আৰু তামিলনাডুৰ মুখ্যমন্ত্ৰী ষ্টেলিন উপলব্ধ নহয় । লগতে দিল্লীৰ মুখ্যমন্ত্ৰী কেজৰিৱালক লৈ সন্দেহ আছে । তেওঁ বৰ্তমান কেন্দ্ৰীয় অধ্যাদেশৰ বিৰুদ্ধে সমৰ্থন সংগ্ৰহ কৰাত ব্যস্ত ।

Opposition Meet in Patna
Opposition Meet in Patna

নিউজ ডেস্ক, ৫ জুন : বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ (Bihar Chief Minister Nitish Kumar) উদ্যোগত দেশৰ সকলো বিৰোধী দলক একেখন মঞ্চত একত্ৰিত কৰাৰ বাবে পাটনাত অহা ১২ জুনত যি এক যুটীয়া বৈঠকৰ প্ৰস্তাৱ লোৱা হৈছে, সেয়া কাৰ্যত সময়ত অনুষ্ঠিত হোৱাৰ সম্ভাৱনা নাই (Nitish Kumars Opposition meet in Patna postponed) । মহাজোঁটৰ সূত্ৰই প্ৰকাশ কৰা মতে, বিৰোধী দলসমূহৰ এই বৈঠক পিছুৱাই দিয়া হ'ব পাৰে । কিয়নো কংগ্ৰেছৰ লগতে আন কেইজনমান ডাঙৰ নেতাৰ পৰা অংশগ্ৰহণৰ কোনো নিশ্চিতি পোৱা হোৱা নাই । ফলত বৈঠকখন ২৩ জুনলৈ পিছুৱাই দিয়া হ'ব পাৰে বুলি সূত্ৰটোৱে কয় ।

ইয়াৰ মাজতে জনতা দল ইউনাইটেডৰ (জেডিইউ) নেতাসকলে পাটনাৰ জ্ঞান ভৱনত ১২ জুনৰ দুপৰীয়া ২ বজাত অনুষ্ঠিত হ'বলগীয়া বৈঠকৰ বিষয়ত নীৰৱতা অৱলম্বন কৰিছে । ইতিমধ্যে মুখ্যমন্ত্ৰী নীতিশ কুমাৰে বেছিভাগ বিৰোধী দললৈকে নিমন্ত্ৰণ পঠিয়াইছে (Nitish Kumars initiative to oppositions alliance) । তেওঁ নিজে সকলোৰে সৈতে কথা পাতিছে । উল্লেখ্য, এসময়ত জেডিইউ নেতাসকলে দাবী কৰিছিল যে বেছিভাগ বিৰোধী দলেই বৈঠকত উপস্থিত থাকিব আৰু বিজেপিৰ বিৰুদ্ধে সমগ্ৰ দেশকে বাৰ্তা প্ৰদান কৰা হ'ব ।

কিন্তু তাৰ বিপৰীতে এতিয়া কোৱা হৈছে যে বিৰোধী দলৰ কেইজনমান ডাঙৰ নেতাই বৈঠকত উপস্থিত নথকাৰ সম্ভাৱনাৰ বাবে এই বৈঠক পিছুৱাই দিয়াৰ সিদ্ধান্ত লোৱা হৈছে । সূত্ৰটোৱে জনায় । উল্লেখ্য যে কংগ্ৰেছ নেতাসকলৰ লগতে দিল্লীৰ মুখ্যমন্ত্ৰী কেজৰিৱালৰ উপস্থিতিক লৈও সন্দেহ আছিল । কাৰণ কেজৰিৱালে কেন্দ্ৰীয় চৰকাৰে অনা অধ্যাদেশৰ বিৰুদ্ধে বিৰোধী দলসমূহৰ ডাঙৰ নেতাসকলৰ পৰা সমৰ্থন বিচাৰি তেওঁলোকক লগ কৰি আছে (Delhi ordinance row) ।

আপে কংগ্ৰেছৰ পৰাও সমৰ্থন বিচাৰিছে যদিও সমৰ্থন আগবঢ়োৱাৰ ক্ষেত্ৰত কোনো সিদ্ধান্ত লোৱা নাই । এনে পৰিস্থিতিত কেজৰিৱাল বিৰোধী দলৰ বৈঠকলৈ অহাৰ কোনো সম্ভাৱনা নাছিল । আনহাতে, ওড়িশাৰ মুখ্যমন্ত্ৰী নবীন পাটনায়ক (Odisha CM Naveen Patnaik) আৰু তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাওক (Telangana CM K Chandrasekhar Rao) বৈঠকলৈ আমন্ত্ৰণ জনোৱা হোৱা নাছিল । এনে পৰিস্থিতিত যদি বেছিভাগ বিৰোধী দলৰ ডাঙৰ নেতায়ে উপস্থিত নাথাকে, তেন্তে বৈঠকৰ উদ্দেশ্য পূৰণ নহ'ব পাৰে বুলি সন্দেহৰ সৃষ্টি হৈছে ।

এই সকলোবোৰ কথা বিবেচনা কৰিয়ে নীতিশ কুমাৰে বৈঠকখন বৰ্তমান পিছুৱাই দিয়াৰ সিদ্ধান্ত লোৱা বুলি সূত্ৰই কয় । লগতে কয় যে কংগ্ৰেছ নেতাসকলৰ সৈতে কথা পতাৰ পিছত শীঘ্ৰেই পৰৱৰ্তী তাৰিখ নিৰ্ধাৰণ কৰা হ'ব । এই ক্ষেত্ৰত ক'বলৈ গ'লে নীতিশ কুমাৰে এক ডাঙৰ বিফলতাৰ সন্মুখীন হৈছে । কিয়নো তেওঁ আশা কৰা মতে ১২ জুনত বিৰোধী দলসমূহৰ সৈতে পাটনাৰ বৈঠক অনুষ্ঠিত নহ'ব ।

উল্লেখ্য, যে কংগ্ৰেছ অধ্যক্ষ মল্লিকাৰ্জুন খাৰ্গে (Congress President Mallikarjun Kharge) আৰু প্ৰাক্তন সাংসদ ৰাহুল গান্ধী (congress leader Rahul Gandhi) বৈঠকত উপস্থিত নাথাকিলে বৈঠকখনৰ উদ্দেশ্য পূৰণক লৈ সন্দেহ আছিল । একে সময়তে তামিলনাডুৰ মুখ্যমন্ত্ৰী ষ্টেলিনেও ১২ জুনত বৈঠকত উপস্থিত থাকিব নোৱাৰিব বুলি প্ৰকাশ কৰে আৰু তাৰিখটো বৃদ্ধি কৰিবলৈ অনুৰোধ জনায় ।

বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ বিগত কেইবামাহ ধৰি এই অভিযানত নিয়োজিত হৈ আছে । তেওঁ কোইবাখনো ৰাজ্যৰ কেইবাজনো মুখ্যমন্ত্ৰী আৰু বিৰোধী দলৰ ডাঙৰ নেতাসকলক লগ কৰিছিল । নীতিশে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল, পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী, এছপি প্ৰধান অখিলেশ যাদৱ, ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত চোৰেন, এনচিপিৰ সৰ্বোচ্চ নেতা শৰদ পাৱাৰ, উদ্ধৱ থাকৰে, চিপিএম নেতা সীতাৰাম য়েচুৰী আৰু চিপিআই নেতা ডি ৰাজাক সাক্ষাৎ কৰিছিল । লগতে সকলোকে প্ৰস্তাৱিত সভালৈ আমন্ত্ৰণ জনাইছিল ।

লগতে পঢ়ক :Again Train accident in Odisha : ওড়িশাত আকৌ ৰে’ল দুৰ্ঘটনা, লাইচ্যুত হৈছে এখন মালবাহী ৰে’ল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.