ETV Bharat / bharat

নিৰ্বাচনৰ বাবে সাজু পশ্চিমবংগ - পশ্চিমবংগ নিৰ্বাচন

পশ্চিমবংগ নিৰ্বাচনত ৰাজ্যখনত মুক্ত আৰু শান্তিপূৰ্ণ নিৰ্বাচন নিশ্চিত কৰাটো ভাৰতৰ নিৰ্বাচন আয়োগৰ দায়িত্ব । ভোটাৰ ৰাইজে যাতে তেওঁলোকৰ গণতান্ত্ৰিক অধিকাৰ শান্তিপূৰ্ণভাৱে সাব্যস্ত কৰিব পাৰে সেয়া নিৰ্বাচন আয়োগে নিশ্চিত কৰাৰ দায়িত্ব । কলকাতা উচ্চ ন্যায়ালয়ৰ এই ঘোষণা ।

নিৰ্বাচনৰ বাবে সাজু পশ্চিমবংগ
নিৰ্বাচনৰ বাবে সাজু পশ্চিমবংগ
author img

By

Published : Mar 1, 2021, 6:21 PM IST

নিউজ ডেস্ক, ১ মাৰ্চ: অসমকে ধৰি দেশৰ পাঁচ ৰাজ্যত ২০২১ ৰ বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'ব । নিৰ্বাচনৰ বাবে সাজু হৈ উঠিছে সকলো ৰাজ্যৰ প্ৰশাসন । পশ্চিমবংগৰ নিৰ্বাচনত ৰাজ্যখনত মুক্ত আৰু শান্তিপূৰ্ণ নিৰ্বাচন নিশ্চিত কৰাটো ভাৰতৰ নিৰ্বাচন আয়োগৰ দায়িত্ব আৰু যাতে ভোটাৰ ৰাইজে তেওঁলোকৰ গণতান্ত্ৰিক অধিকাৰ শান্তিপূৰ্ণভাৱে সাব্যস্ত কৰিব পাৰে । প্ৰাক্তন এডভোকেট জেনেৰেল বিমল চেটাৰ্জীয়ে দাখিল কৰা এক আবেদনৰ উত্তৰত সোমবাৰে কলকাতা উচ্চ ন্যায়ালয়ে এইদৰে মন্তব্য কৰিছিল ।

ন্যায়াধীশ টিভি ৰাধাকৃষ্ণন আৰু চম্পা সৰকাৰৰ বিচাৰপীঠে ঘোষণা কৰি কৈছিল যে, ভোটাৰ ৰাইজে যাতে তেওঁলোকৰ গণতান্ত্ৰিক অধিকাৰ শান্তিপূৰ্ণভাৱে সাব্যস্ত কৰিব পাৰে সেয়া নিৰ্বাচন আয়োগে নিশ্চিত কৰাৰ দায়িত্ব ।

উল্লেখ্য যে, ৰাজ্যখনত মুঠ আঠটা পৰ্যায়ত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'ব । ২৯৪ খন আসনৰ বাবে ২৭ মাৰ্চৰ পৰা ২৯ এপ্ৰিললৈ অনুষ্ঠিত হ'ব বিধানসভা নিৰ্বাচন । ২ মে'ত ঘোষণা কৰা হ'ব নিৰ্বাচনৰ ফলাফল । এই নিৰ্বাচনত মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী আৰু ভাৰতীয় জনতা পাৰ্টিৰ মাজত তীব্ৰ প্ৰতিদ্বণ্ডিতা হ'ব ।

লগতে পঢ়ক:ইউ টিউবাৰৰ বিৰুদ্ধে এজাহাৰ দাখিল ভোজপুৰী অভিনেতাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.