ETV Bharat / bharat

Balasore Trian accident : চিকিৎসাধীন আৰু এজনৰ মৃত্যু, মৃতকৰ সংখ্যা ২৯০ লৈ বৃদ্ধি

author img

By

Published : Jun 16, 2023, 2:09 PM IST

কটকৰ এছচিবি চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ থকা বালাছোৰ ৰে'ল দুৰ্ঘটনাৰ আন এগৰাকী ভুক্তভোগীৰ মৃত্যু । হাস্পতাল কৰ্তৃপক্ষই জনোৱা মতে ৰে'ল দুৰ্ঘটনাৰ ভুক্তভোগী দ্বিতীয়জনৰ মৃত্যু হৈছে । লোকজনৰ ঘৰ বিহাৰত আছিল ।

Balasore Trian accident
চিকিৎসাধীন আৰু এজনৰ মৃত্যু

নেশ্যনেল ডেস্ক,১৬ জুন : দশকৰ সৰ্ববৃহৎ বালাছোৰৰ ৰে'ল দুৰ্ঘটনাক লৈ প্ৰতিক্ৰিয়া অব্যাহত আছে । দুৰ্ঘটনাটোক লৈ চিবিআইয়ে তদন্ত অব্যাহত ৰাখিছে । ইয়াৰ মাজতে ভয়াৱহ ৰে'ল দুৰ্ঘটনাটোত মৃতকৰ সংখ্যা পুনৰ বৃদ্ধি পালে । কটকৰ এছচিবি চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন অৱস্থাত আন এজন যাত্ৰীৰ মৃত্যু হয় । বাহানাগা ৰে'ল দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈ হাস্পতালখনত চিকিৎসাধীন হৈ আছিল লোকজন । ইয়াৰ লগে লগে ৰে'ল দুৰ্ঘটনাটোত মৃত্যু হোৱা লোকৰ সংখ্যা ২৯০ লৈ বৃদ্ধি হয় ।

এছচিবি হাস্পতালত মৃত্যু হোৱা লোকজন বিহাৰৰ বাসিন্দা আছিল বুলি জানিব পৰা গৈছে । হাস্পতালখনত চিকিৎসাৰ বাবে ভৰ্তি হোৱা আহতসকলৰ মাজত এয়া দ্বিতীয়গৰাকী লোকৰ মৃত্যু ।

মৃত লোকজন বিহাৰৰ প্ৰকাশ ৰাম বুলি চিনাক্ত কৰা হৈছে । তেওঁক এছচিবিৰ আইচিইউত ভৰ্তি হৈ আছিল । শুকুৰবাৰে এছচিবি কৰ্তৃপক্ষই তেওঁৰ মৃত্যুৰ কথা অৱগত কৰে । ইয়াৰ পূৰ্বে একেখন হাস্পতালতে বিজয় পাছৱান নামৰ আন এজন আঘাতপ্ৰাপ্ত লোকে চিকিৎসাৰ সময়ত শেষ নিশ্বাস ত্যাগ কৰিছিল । সেইগৰাকী লোকৰ ঘৰো বিহাৰত আছিল । লোকজন ভেণ্টিলেটৰত আছিল ।

শেহতীয়াকৈ বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে এই ৰে'ল দুৰ্ঘটনাক লৈ শোকপ্ৰকাশ কৰাৰ লগতে ভুক্তভোগীসকললৈ আৰ্থিক সাহায্য ঘোষণা কৰিছে । মুখ্যমন্ত্ৰীয়ে জনোৱা মতে ৰে'ল দুৰ্ঘটনাটোত নিহত বিহাৰৰ প্ৰতিগৰাকী লোকৰ পৰিয়াললৈ ২ লাখ টকাকৈ আৰ্থিক সাহায্য প্ৰদান কৰা হ'ব । সমান্তৰালকৈ গুৰুতৰভাৱে আহত লোকসকলকো প্ৰত্যককে ৫০ হাজাৰকৈ আৰ্থিক সাহায্য প্ৰদানৰ ঘোষণা কৰিছে বিহাৰ চৰকাৰে ।

উল্লেখ্য যে যোৱা ২ জুনত ওড়িশাৰ বালাছোৰত মালবাহী ৰে'লসহ তিনিখনকৈ ৰে'ল দুৰ্ঘটনাত পতিত হৈছিল । য'ত এতিয়ালৈ ২৯০ গৰাকী লোকে প্ৰাণ হেৰুৱাইছে । ইফালে দুৰ্ঘটনাৰ পাছতে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দুৰ্ঘটনাস্থলী পৰিদৰ্শন কৰিছিল । চিবিআইৰ এটা বিশেষ দলে দুৰ্ঘটনাটোৰ তদন্ত অব্যাহত ৰাখিছে । ইফালে বহু মৃতদেহ এতিয়াও চিনাক্ত হোৱা নাই ।

লগতে পঢ়ক :Odisha Train Tragedy : ওড়িশা ৰে'ল দুৰ্ঘটনাত এতিয়াও চিনাক্ত হোৱা নাই ৮১ মৃতদেহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.