ETV Bharat / bharat

Odisha train crash: ওড়িশাৰ ৰে’ল দুৰ্ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা 292 গৰাকীকৈ বৃদ্ধি - Odisha train crash death toll rises to 292

এতিয়াও অন্ত পৰা নাই ওড়িশাৰ ভয়াৱহ ৰে’ল দুৰ্ঘটনাৰ বিভীষিকা ৷ এই দুৰ্ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যাই স্পৰ্শ কৰিলে প্ৰায় তিনিশৰ ঘৰ ৷ দেওবাৰে আন এগৰাকী আঘাতপ্ৰাপ্ত ব্যক্তিৰ চিকিৎসাধীন অৱস্থাত মৃত্যু হয় ৷

Odisha train crash
Odisha train crash
author img

By

Published : Jun 18, 2023, 7:55 PM IST

নিউজ ডেস্ক, 18 জুন: ওড়িশা শোকাৱহ তথা ভয়াৱহ ৰে’ল দুৰ্ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি পালে 292 গৰাকীলৈ ৷ দেওবাৰে চিকিৎসাধীন অৱস্থাত মৃত্যু হয় এগৰাকী আঘাতপ্ৰাপ্ত ৰে’ল যাত্ৰীৰ ৷ মৃত লোকজন পল্টু নাস্কাৰ (26) বুলি জানিব পৰা গৈছে ৷ কলিকতাৰ নিবাসী পল্টু নাস্কাৰ চিকিৎসাধীন হৈ আছিল ওড়িশাৰ SCB চিকিৎসা মহাবিদ্যালয়ত ৷

তথ্য অনুসৰি বৰ্তমানলৈকে SCB চিকিৎসা মহাবিদ্যালয়ত দুৰ্ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ চিকিৎসাধীন হৈ থকা চাৰিগৰাকী লোকৰ মৃত্যু হৈছে ৷ কিছুদিন পূৰ্বলৈকে চৰকাৰী তথ্য অনুসৰি মৃত্যু হোৱা লোকৰ সংখ্যা আছিল 288 জন ৷ কিন্তু এতিয়া সেই সংখ্যা হ’লগৈ 292 ৷

উল্লেখ্য যে, ওড়িশাৰ বালাছোৰত 2 জনু সংঘটিত হৈছিল সেই ভয়াৱহ ৰে’ল দুৰ্ঘটনা ৷ চেন্নাই অভিমুখী কোৰোমণ্ডল এক্সপ্ৰেছ, হাওৰা অভিমুখী শালিমাৰ এক্সপ্ৰেছ আৰু এখন মালবাহী ৰে’লৰ মাজত হৈছিল সংঘৰ্ষ ৷ দুৰ্ঘটনাটোত ঘটনাস্থলীতে শতাধিক লোক নিহত হোৱাৰ বিপৰীতে আঘাতপ্ৰাপ্ত হৈছিল 3 শতাধিক লোক ৷ সেই দুৰ্ঘটনাৰ ট্ৰেজেডি এতিয়াও মাৰ যোৱা নাই ৷

সম্প্ৰতি এই ঘটনাৰ তদন্ত কৰি আছে CBIয়ে ৷ চিবিআইয়ে দুৰ্ঘটনাস্থলী, ট্ৰেক, চিগনেল ৰুম, নিয়ন্ত্ৰণ কক্ষ পৰীক্ষা কৰে আৰু বাহানাগা বজাৰ ষ্টেচন মাষ্টাৰক ইতিমধ্যেই জেৰা কৰা বুলি জানিব পৰা গৈছে ৷ কিন্তু CBIয়ে আন কোনো তথ্য বৰ্তমানলৈকে সদৰী কৰা নাই ৷ উল্লেখ্য যে 21 জুনত ওড়িশাৰ বালাছোৰ ভ্ৰমণ কৰিব কেন্দ্ৰীয় ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে ৷

এই ভ্ৰমণকালত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে যোগ দিৱসৰ কাৰ্যকলাপত অংশ লোৱাৰ লগতে উদ্ধাৰ কাৰ্য চলোৱা লোকসকলৰ লগতে চিকিৎসা, নাৰ্চ, স্বাস্থ্যকৰ্মী সকলক সাক্ষাৎ কৰিব ৷

লগতে পঢ়ক: Sakshi Malik vs Babita Phogat : "কংগ্ৰেছৰ হাতৰ পুতলা সাক্ষী মালিক"-ববিতা ফোগাট

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.