ETV Bharat / bharat

Odisha Train accident: সামাজিক মাধ্যমত বালাছোৰ ৰে’ল দুৰ্ঘটনাক সাম্প্ৰদায়িক ৰূপ দিবলৈ চেষ্টা কৰাসকলক সকীয়নি আৰক্ষীৰ - Odisha Police warn online hatemongering

ওড়িশাৰ ৰে’ল দুৰ্ঘটনাক সামাজিক মাধ্যমৰ জৰিয়তে সাম্প্ৰদায়িক ৰূপ দিবলৈ চেষ্টা কৰা সকলক কঠোৰ সকীয়নি আৰক্ষীৰ ৷ ওড়িশা আৰক্ষীৰ টুইটাৰ হেণ্ডেলত এই ঘৃণনীয় কাৰ্যৰ আঁৰত থকা ব্যক্তিসকললৈ সতৰ্কবাণীসহ এটা বাৰ্তা প্ৰেৰণ কৰা হৈছে (Odisha train accident) ৷

Odisha train accident
ভুৱা বাৰ্তা বিয়পোৱাসকলক সকীয়নি আৰক্ষীৰ
author img

By

Published : Jun 4, 2023, 7:55 PM IST

নিউজ ডেস্ক, 4 জুন: ওড়িশাৰ ৰে’ল দুৰ্ঘটনাৰ কাৰণ সন্দৰ্ভত সামাজিক মাধ্যমত সাম্প্ৰদায়িক মন্তব্যৰে ভুৱা বাৰ্তা বিয়পোৱা ব্যক্তিসকলক সকীয়নি প্ৰদান কৰিছে আৰক্ষীয়ে (Odisha train accident) ৷ ওড়িশা আৰক্ষীৰ টুইটাৰ হেণ্ডেলত এই ঘৃণনীয় কাৰ্যৰ আঁৰত থকা ব্যক্তিসকললৈ সতৰ্কবাণীসহ এটা স্পষ্ট বাৰ্তা প্ৰেৰণ কৰিছিল যদিও আৰক্ষীয়ে এই সন্দৰ্ভত এতিয়াও কাকো চিনাক্ত কৰিব পৰা নাই ৷

আৰক্ষীৰ টুইটাৰ বাৰ্তাটোত কোৱা হৈছে, "আমি সংশ্লিষ্ট সকলোকে এনে মিছা আৰু উদ্দেশ্যপ্ৰণোদিত পোষ্ট প্ৰচাৰ কৰাৰ পৰা বিৰত থাকিবলৈ অনুৰোধ জনাইছো ৷ যিসকলে উৰাবাতৰি বিয়পাই সাম্প্ৰদায়িক বিভেদ সৃষ্টি কৰিবলৈ চেষ্টা কৰি আছে তেওঁলোকৰ বিৰুদ্ধে কঠিন আইনী ব্যৱস্থা গ্ৰহণ কৰা হ'ব" (Police warn online hatemongering) ৷

টুইটাৰ বাৰ্তাটোত আৰু লিখা হৈছে যে, "কিছুমান ছ'চিয়েল মিডিয়া হেণ্ডেলে বালাচোৰত সংঘটিত হোৱা মৰ্মান্তিক ৰে’ল দুৰ্ঘটনাটোক সাম্প্ৰদায়িক ৰং দিয়া পৰিলক্ষিত হৈছে ৷ এইটো অতি দুৰ্ভাগ্যজনক ।" টুইটাৰ বাৰ্তাটোত লগতে কোৱা হৈছে যে দুৰ্ঘটনাটোৰ কাৰণ আৰু আন সকলো দিশৰ ওপৰত জি আৰ পি, ওড়িশাৰ তদন্ত চলি আছে (Odisha Police warn online hatemongering) ৷

  • It has come to notice that some social media handles are mischievously giving communal colour to the tragic train accident at Balasore. This is highly unfortunate.

    Investigation by the GRP, Odisha into the cause and all other aspects of the accident is going on.

    — Odisha Police (@odisha_police) June 4, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

সূত্ৰ অনুসৰি ক্ষতিগ্ৰস্ত ডবাবোৰত আৱদ্ধ যাত্ৰীসকলক উদ্ধাৰ সম্পূৰ্ণ হোৱাৰ পিছত ওড়িশাৰ বালাচোৰত ৰে’লৱে ট্ৰেক পুনৰুদ্ধাৰৰ কাম পূৰ্ণ গতিত অব্যাহত আছে ৷ লাইনচ্যুত হোৱা 20 টাতকৈও অধিক ডবা উদ্ধাৰ কৰা হৈছে ৷

দুৰ্ঘটনাস্থলীত নিশাটো কাম অব্যাহত আছিল; য'ত দুখন এক্সপ্ৰেছ ৰে’ল আৰু এখন মালবাহী গাড়ী দুৰ্ঘটনাত পতিত হৈছিল আৰু শ শ লোক নিহত হৈছিল লগতে সহস্ৰাধিক লোক আহত হৈছিল (Balasore Train accident) ৷

এই ৰে’ল দুৰ্ঘটনাত 288 জন যাত্ৰীৰ মৃত্যু হোৱাৰ লগতে 1000 ৰো অধিক যাত্ৰী আহত হয় ৷ ইতিমধ্যে এই বৃহৎ দুৰ্ঘটনাৰ তদন্ত অব্যাহত আছে ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই শোকাৱহ ঘটনাৰ বৰ্ণনা কৰিবলৈ কোনো শব্দ বিচাৰি পোৱা নাই বুলি মন্তব্য কৰিছে ৷ এই ভয়ংকৰ দুৰ্ঘটনা কোনো মানুহৰ দ্বাৰা নে কোনো কাৰিকৰী বিজুতিৰ বাবে সংঘটিত হ’ল সেয়া অনুসন্ধানৰ নিৰ্দেশ দিয়া হৈছে ৷

লগতে পঢ়ক: Massive cranes Posted : উৰিষ্যা ৰে’ল দুৰ্ঘটনাস্থলীত দ্ৰুতগতিত চলিছে ট্ৰেকৰ পুনৰুদ্ধাৰৰ কাম

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.