ETV Bharat / bharat

চিট ফাণ্ড কেলেংকাৰী: ১২৮.৮৬ কোটিৰ সম্পত্তি জব্দ

author img

By

Published : Feb 11, 2021, 3:37 PM IST

মানি ল'ণ্ডাৰিং আইনৰ অধীনত এনফ'ৰ্চমেণ্ট ডাইৰেক্ট'ৰেটে বুধবাৰে মাইক্ৰ ফাইনেন্স কোম্পানীৰ আৰু আন প্ৰতিষ্ঠানৰ ১২৮.৮৬ কোটি টকাৰ স্থাৱৰ আৰু অস্থাৱৰ সম্পত্তি জব্দ কৰাৰ নিৰ্দেশ জাৰি কৰে । কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থাৰ তদন্তত পোহৰলৈ আহিছিল অবৈধভাৱে ধনৰ লেন-দেন হোৱাৰ তথ্য ।

১২৮.৮৬ কোটিৰ সম্পত্তি বাজেয়াপ্ত কৰিলে এনফ'ৰ্চমেণ্ট ডাইৰেক্ট'ৰেটে

নেশ্যনেল ডেস্ক, ১১ ফেব্ৰুৱাৰী: মাইক্ৰ ফাইনেন্স কোম্পানীৰ আৰু আন প্ৰতিষ্ঠানৰ মুঠ ১২৮.৮৬ কোটি টকাৰ স্থাৱৰ আৰু অস্থাৱৰ সম্পত্তি বাজেয়াপ্ত কৰাৰ নিৰ্দেশ এনফ'ৰ্চমেণ্ট ডাইৰেক্ট'ৰেটৰ । প্ৰকাশ কৰা মতে, চিবিআই, এছ পি ই, এছ চি বিয়ে মাইক্ৰ' ফাইনেন্স কোম্পানী লিমিটেডৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰৰ ভিত্তিত তদন্ত কৰে সংস্থাটোৱে । বুধবাৰে এনফ'ৰ্চমেণ্ট ডাইৰেক্ট'ৰেট এক অস্থায়ী নিৰ্দেশনা জাৰি কৰে ।

ওড়িশাৰ বিভিন্ন আৰক্ষী থানাত চিট ফাণ্ড কেলেংকাৰী সন্দৰ্ভত ৰুজু কৰা গোচৰ আৰু অন্যান্য কেইবাটাও গোচৰৰ তদন্তৰ দায়িত্ব উচ্চতম ন্যায়ালয়ে কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থাক অৰ্পণ কৰিছিল । উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশতে মুঠ ৪৪টা গোচৰৰ তদন্ত আৰম্ভ কৰে কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থাই । এই ৪৪টা গোচৰৰ ভিতৰত আছে মাইক্ৰ' ফাইনেন্স কোম্পানী লিমিটেডৰ কেলেংকাৰী সন্দৰ্ভত ৰুজু হোৱা গোচৰ । ভূৱনেশ্বৰত কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থাই দাখিল কৰা চাৰ্জশ্বীটত এই তথ্য উল্লেখ কৰা হৈছে ।

এনফ'ৰ্চমেণ্ট ডাইৰেক্ট'ৰেটে প্ৰকাশ কৰা মতে, এই গোচৰ সন্দৰ্ভত কৰা তদন্তত অবৈধভাৱে বৃহৎ ধনৰ লেন-দেন হোৱাৰ ঘটনা পোহৰলৈ আহে । ইয়াৰ পিছতে এনফ'ৰ্চমেণ্ট ডাইৰেক্ট'ৰেটে অস্থায়ী নিৰ্দেশ জাৰি কৰে আৰু মাইক্ৰ' ফাইনেন্স কোম্পানী আৰু আন প্ৰতিষ্ঠানৰ ১২৮.৮৬ কোটি টকাৰ স্থাৱৰ আৰু অস্থাৱৰ সম্পত্তি বাজেয়াপ্ত কৰে ।

লগতে পঢ়ক:হোজাইত আমছুৰ গৃহ কন্দল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.