ETV Bharat / bharat

Balasore train accident : দুৰ্ঘটনাস্থলী পৰিদৰ্শন মুখ্যমন্ত্ৰী নবীন পাটনায়কৰ

author img

By

Published : Jun 3, 2023, 12:25 PM IST

বালাচোৰত উপস্থিত ওড়িশাৰ মুখ্যমন্ত্ৰী নবীন পাটনায়ক (Naveen Patnaik in Balasore)। সমগ্ৰ পৰিস্থিতিৰ বুজ লোৱাৰ লগতে উদ্ধাৰকাৰী দলৰ সৈতে বাৰ্তালাপ মুখ্যমন্ত্ৰীৰ । ওড়িশাত শোক দিৱস পালন ।

Balasore train accident
দুৰ্ঘটনাস্থলী পৰিদৰ্শন মুখ্যমন্ত্ৰী নবীন পাটনায়কৰ

নেশ্যনেল ডেস্ক,৩ মে': ওড়িশাৰ বালাচোৰৰ ৰে'ল দুৰ্ঘটনাক লৈ দেশজুৰি শোকৰ ছাঁ পৰিছে (Balasore train accident)। প্ৰাপ্ত খবৰ অনুসৰি দুৰ্ঘটনাত মৃতকৰ সংখ্যা ২৩৮ লৈ বৃদ্ধি পাইছে । ইফালে তিনিখনকৈ ৰে'লৰ দুৰ্ঘটনাৰ ফলত ৯০০ৰো অধিক লোক আহত হৈছে । এই ঘটনাক লৈ শোক প্ৰকাশ কৰিছে ওড়িশাৰ মুখ্যমন্ত্ৰী নবীন পাটনায়কে ।

পুৱাই মুখ্যমন্ত্ৰী নবীন পাটনায়ক বালাচোৰ জিলাৰ বাহানাগা বজাৰ ৰে'ল ষ্টেচনৰ সমীপৰ দুৰ্ঘটনাস্থলী পৰিদৰ্শন কৰে (Odisha CM at Balasore)। তেওঁ পৰিস্থিতিৰ বুজ লয় আৰু ৰাজ্যৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ উদ্ধাৰকাৰী দলৰ সৈতে বাৰ্তালাপ কৰে । মুখ্যমন্ত্ৰীগৰাকীয়ে জিলাখনৰ শীৰ্ষ বিষয়া আৰু ৰাজহ কৰ্তৃপক্ষৰ সৈতেও উদ্ধাৰ অভিযানৰ অগ্ৰগতিৰ বিষয়ে আলোচনা কৰে ।

ভ্ৰমণকালত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে আহত আৰু ডবাত আৱদ্ধ লোকসকলক উদ্ধাৰ কৰাটো অভিযানত তাৎক্ষণিক অগ্ৰাধিকাৰ দিয়া হ'ব । ঘটনাস্থলী ভ্ৰমণৰ সময়ত মুখ্যমন্ত্ৰীগৰাকীৰ সৈতে কেইবাগৰাকী মন্ত্ৰী, বিধায়ক আৰু সাংসদো উপস্থিত থাকে । ইফালে দুৰ্ঘটনাত নিহত লোকৰ পৰিয়াল আৰু দুৰ্ঘটনাৰ প্ৰত্যক্ষদৰ্শীয়ে বিষয়া আৰু নেতাসকলক তেওঁলোকৰ সমস্যাৰ বিষয়ে বৰ্ণনা কৰে ।

আনহাতে মুখ্যমন্ত্ৰী নবীন পাটনায়কৰ ঘোষণাৰ পাছতে ওড়িশাত এদিনীয়া শোক দিৱস পালন কৰা হৈছে (One day mourning day in Odisha)। ওড়িশাৰ জনসাধাৰণেও আহতসকলৰ সহায়ৰ বাবে বিশেষ উদ্যোগ লৈছে । আহতসকলৰ চিকিৎসাত সহায়ৰ বাবে নিশাই ৰক্তদানৰ বাবে হাস্পতালত ভিৰ কৰিছে । উদ্ধাৰ অভিযানৰ ক্ষেত্ৰতো এনডিআৰএফ আৰু প্ৰশাসনৰ লোকক স্থানীয় লোকসকলে সহযোগিতা আগবঢ়াইছে ।

ইয়াৰ পূৰ্বে, পুৱাই ৰে'লমন্ত্ৰী অশ্বিনী বৈষ্ণৱ ঘটনাস্থলীত উপস্থিত হয় আৰু উদ্ধাৰ অভিযানৰ তদাৰক কৰে । ৰে'ল মন্ত্ৰীগৰাকীয়ে দুৰ্ঘটনাৰ এক উচ্চ পৰ্যায়ৰ তদন্ত ঘোষণা কৰিছে ।

উল্লেখ্য যে বালাচোৰত শুকুৰবাৰে শালিমাৰ-চেন্নাই ক'ৰ'মণ্ডল এক্সপ্ৰেছৰ ১০-১২ টা ডবা বালাচোৰৰ ওচৰত এখন মালবাহী ৰে'লত খুন্দা মৰাৰ পাচত লাইনচ্যুত হৈ বিপৰীত পথত বাগৰি পৰে । কিছু সময়ৰ পাছতে যশৱন্তপুৰৰ পৰা হাওৰালৈ যোৱা আন এখন ৰে'ল সেই লাইনচ্যুত ডবাবোৰত খুন্দা মাৰে যাৰ ফলত ইয়াৰ ৩-৪ টা ডবা লাইনচ্যুত হয় ।

লগতে পঢ়ক :Triple train crash in Odisha : ওড়িশাত এদিনীয়া শোক দিৱস পালন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.