ETV Bharat / bharat

ISRO ৰ প্ৰধান লক্ষ্য গগনযান; ইছৰোৰ অধ্যক্ষ এছ সোমনাথ

ISRO ৰ প্ৰধান লক্ষ্য হৈছে গগনযান- কলকাতাৰ ৰাজভৱনত আয়োজিত এক অনুষ্ঠানত এই মন্তব্য ইছৰোৰ অধ্যক্ষ এছ সোমনাথৰ ৷ ইছৰোৰ অধ্যক্ষগৰাকীয়ে চন্দ্ৰযান 3 ৰ সফলতা আৰু অধিক পৰিকল্পনাৰ বিষয়ে উল্লেখ কৰে অনুষ্ঠানটোত ।

Now main goal is Gaganayaan, reveals ISRO chairman Somanath
ISRO ৰ প্ৰধান লক্ষ্য গগনযান
author img

By ETV Bharat Assamese Team

Published : Nov 29, 2023, 1:36 PM IST

Updated : Nov 29, 2023, 5:01 PM IST

নেশ্যনেল ডেস্ক, 29 নৱেম্বৰ: "ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ISRO) ৰ মূল লক্ষ্য হৈছে মানুহক মহাকাশলৈ প্ৰেৰণ কৰাৰ লগতে নিৰাপদে পৃথিৱীলৈ ঘূৰাই অনা"- বুধবাৰে পুৱা কলকাতাৰ ৰাজভৱনত 'বিজ্ঞান আৰু বিশ্বাস' বিষয়ক আলোচনাত অংশগ্ৰহণ কৰি ইছৰোৰ অধ্যক্ষ এছ সোমনাথে এই মন্তব্য আগবঢ়ায় । "ভৱিষ্যতে বহু গুৰুত্বপূৰ্ণ লক্ষ্য আছে । প্ৰাথমিক লক্ষ্য হ'ল গগনযান । আমাৰ লক্ষ্য হৈছে মানুহক মহাকাশলৈ প্ৰেৰণ কৰি সুকলমে পূথিৱীলৈ ঘূৰাই অনা ৷"

বুধবাৰে ৰাজভৱনত লিখকসকলৰ সৈতে মত বিনিময় অনুষ্ঠানত অংশগ্ৰহণ কৰে সোমনাথে । গ্ল'বেল এনাৰ্জি পাৰ্লিয়ামেণ্টৰ দ্বাৰা আয়োজন কৰা হৈছে এই অনুষ্ঠানৰ ৷ ইছৰোৰ অধ্যক্ষগৰাকীয়ে চন্দ্ৰযান 3 ৰ সফলতা আৰু অধিক পৰিকল্পনাৰ বিষয়ে উল্লেখ কৰে অনুষ্ঠানটোত। বিজ্ঞান আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত বিশেষ কৃতিত্ব অৰ্জন কৰাৰ বাবে পশ্চিমবংগৰ গৱৰ্ণৰ চি ভি আনন্দ বসুৱে বিজ্ঞানীগৰাকীলৈ আগবঢ়ায় ৰাজ্যপালৰ উৎকৃষ্টতাৰ বঁটা । ইছৰোৰ মুৰব্বীগৰাকীক ৰাজ্যপাল বসু নিজেই এই বঁটা প্ৰদান কৰে ।

এছ সোমনাথে এই সন্মান পায় আপ্লুত হৈ পৰা বুলি উল্লেখ কৰে । সহকৰ্মীসকললৈও কৃতজ্ঞতা জনায় জনায় এছ সোমনাথে । সোমনাথে কয়, "এই বঁটাই একেলগে কাম কৰিবলৈ শক্তি যোগাব।" পৰৱৰ্তী অভিযান সন্দৰ্ভত ইছৰোৰ অধ্যক্ষ এছ সোমনাথে কয়, "জি-20 উপগ্ৰহসমূহে কেৱল জি-20 দেশসমূহৰ স্বাৰ্থই নহয়, সমগ্ৰ বিশ্বৰ প্ৰতি সেৱা আগবঢ়াব। তাৰেই প্ৰস্তুতি চলি আছে । বিজ্ঞান আৰু প্ৰযুক্তি, শান্তি আৰু বিশ্বজনীন বিষয়, পৰিৱেশ, সংস্কৃতি, আৰু মানৱ সম্পদ উন্নয়নৰ বাবে যত্ন লোৱা হ'ব।"

Global Energy Parliament (GEP) ব্ৰিটেইন, ফ্ৰান্স, জাৰ্মানী, স্পেইন, চুইজাৰলেণ্ড, থাইলেণ্ড আৰু শ্ৰীলংকাত অৱস্থিত এটা আন্তঃৰাষ্ট্ৰীয় সংস্থা ।

লগতে পঢ়ক: তামিলনাডুৰ চাহ ব্যৱসায়ীৰ পুত্ৰৰ উপগ্ৰহ উদ্ভাৱন; বায়ু প্ৰদূষণ নিৰীক্ষণত বৈপ্লৱিক পৰিৱৰ্তনৰ আশা

Last Updated : Nov 29, 2023, 5:01 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.