ETV Bharat / bharat

Citizenship Amendment Act: উত্তৰ পূৰ্বাঞ্চলবাসীয়ে কেতিয়াও ’কা’ মানি নলয়: সদৌ অসম ছাত্ৰ সন্থা

author img

By

Published : Nov 1, 2022, 8:06 AM IST

নাগৰিকত্ব সংশোধনী আইনক প্ৰত্যাহ্বান জনাই ছুপ্ৰিম কোৰ্টত দাখিল কৰা আবেদনৰ শুনানিৰ পৰৱৰ্তী তাৰিখ নিৰ্ধাৰণ কৰা হৈছে ৬ অক্টোবৰ (Supreme Court hearing on CAA)। সোমবাৰৰ এই শুনানিৰ পাছতেই সদৌ অসম ছাত্ৰ সন্থাই (AASU) পুনৰ উল্লেখ কৰিলে, উত্তৰ-পূৰ্বাঞ্চলৰ জনসাধাৰণে নাগৰিকত্ব সংশোধনী আইন (CAA), ২০১৯ কেতিয়াও মানি নলয় ৷

Northeast will never accept CAA: AASU
উত্তৰ পূৰ্বাঞ্চলবাসীয়ে কেতিয়াও ’কা’ মানি নলয়: সদৌ অসম ছাত্ৰ সন্থা

নতুন দিল্লী, 1 নৱেম্বৰ: ‘কা’ৰ সাংবিধানিক বৈধতাক প্ৰত্যাহ্বান জনাই কৰা আবেদনসমূহৰ শুনানি উচ্চতম ন্যায়ালয়ে অহা ৬ ডিচেম্বৰলৈ স্থগিত ৰাখে (Supreme Court hearing on CAA) ৷ সোমবাৰৰ এই শুনানিৰ পাছতেই সদৌ অসম ছাত্ৰ সন্থাই (AASU) পুনৰ উল্লেখ কৰিলে, উত্তৰ-পূৰ্বাঞ্চলৰ জনসাধাৰণে নাগৰিকত্ব সংশোধনী আইন (CAA), ২০১৯ কেতিয়াও মানি নলয় (Assam students union rejects CAA) ৷

সৰ্বমুঠ ২৩২ খন আবেদন গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ে পৰৱৰ্তী শুনানিৰ তাৰিখৰ পূৰ্বে গোচৰটোৰ সৈতে জড়িত সকলো প্ৰাসংগিক নথি সংকলনৰ বাবে দুজন ন’ডেল অধিবক্তাও নিযুক্তি দিছে ।

ইটিভি ভাৰতৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই (AASU chief advisor Samujjal Kumar Bhattacharya) কয় যে, বিগত কেইবাটাও দশক ধৰি অসমৰ লগতে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলে বহিঃৰাষ্ট্ৰৰ আগ্ৰাসন আৰু আভ্যন্তৰীণ অশান্তিৰ দৰে সমস্যাৰ সন্মুখীন হৈ আহিছে (AASU against CAA) ।

ভট্টাচাৰ্যই কয়, "কা ৰূপায়ণ কৰি কেন্দ্ৰীয় চৰকাৰে অবৈধ প্ৰৱেশৰ সমস্যাটোক কেৱল উত্তৰ-পূৰ্বাঞ্চললৈ থেলি দিব বিচাৰিছে । ‘কা’ অসম চুক্তিৰ ৰূপায়নৰ বিৰুদ্ধে যায় । উত্তৰ-পূৰ্বাঞ্চল কেতিয়াও অবৈধ বিদেশীৰ ডাম্পিং গ্ৰাউণ্ড হ'ব নোৱাৰে (Dumping ground for illegal foreigners)।"

উল্লেখযোগ্য যে, ১৯৮৫ চনত সদৌ অসম ছাত্ৰ সন্থাই অবৈধ বিদেশীৰ বিৰুদ্ধে বছৰ বছৰ ধৰি চলাই যোৱা অসম আন্দোলনৰ অন্ত পেলাবলৈ কেন্দ্ৰ আৰু ৰাজ্যৰ তদানীন্তন চৰকাৰ অৰু আছুৰ নেতৃত্বই অসম চুক্তিত স্বাক্ষৰ কৰা বুলি উল্লেখ কৰি ভট্টাচাৰ্যই লগতে কয় যে, উচ্চতম ন্যায়ালয়ৰ প্ৰতি আমাৰ সম্পূৰ্ণ আস্থা আৰু বিশ্বাস আছে ।

যদি CAA বেয়া হয় আৰু ইয়াক ইনাৰ লাইন পাৰ্মিট আৰু ষষ্ঠ অনুসুচীৰ পৰা ৰেহাই দিয়া হয়, তেন্তে উত্তৰ-পূৰ্বাঞ্চলৰ অন্যান্য অংশৰ বাবে ই কেনেকৈ ভাল হ’ব পাৰে ।’ মুঠ ২৩২ খন আৱেদনৰ ভিতৰত ৫৩ খন উত্তৰ-পূবৰ পৰা দাখিল কৰা হৈছে আৰু ইয়াৰে ৫০ খন অসমৰ পৰা আৰু ৩ খন ত্ৰিপুৰাৰ পৰা দাখিল কৰা হৈছে ।

উচ্চতম ন্যায়ালয়ে নিযুক্তি দিয়া ন’ডেল অধিবক্তাসকলক অন্যান্য বিষয়ৰ লগতে ভৌগোলিক আৰু ধৰ্মীয় শ্ৰেণীবিভাজনৰ ভিত্তিসমূহ লক্ষ্য কৰি অন্যান্য কিছু বিষয়ক মুখ্য বিষয় হিচাপে নিৰ্ধাৰণ কৰাৰ কথা বিবেচনা কৰিবলৈ ন্যায়ালয়ে পৰামৰ্শ দিছে । লগতে অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ সৈতে জড়িত বিষয়সমূহ উত্থাপন কৰা আবেদনসমূহ পৃথকে পৃথকে শ্ৰেণীবদ্ধ কৰিবলৈকো আদালতে পৰামৰ্শ দিছে ৷

ভট্টাচাৰ্যই কয় যে, ‘কা’ সম্পৰ্কীয় শুনানি একেলগে চলি থাকিব যদিও অসম, ত্ৰিপুৰাকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ বাবে এক সুকীয়া সময় থাকিব লাগে । যিহেতু উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ পৰিস্থিতি দেশৰ অন্যান্য প্ৰান্তৰ তুলনাত পৃথক আৰু সেয়েহে উচ্চতম ন্যায়ালয়ে উত্তৰ-পূৰ্বাঞ্চলৰ গোচৰৰ পূৰ্বৰ নিৰ্দেশনাসমূহ পৃথকে বজাই ৰাখিছে- ভট্টাচাৰ্যই জানিবলৈ দিয়ে ।

তেওঁ কয় যে, বিষয়টো সন্দৰ্ভত ভাৰত চৰকাৰে আবেদন দাখিল কৰিছিল আৰু তেওঁলোকে ইয়াক দুটা ভাগত বিভক্ত কৰিছে । "যিহেতু ইণ্ডিয়ান ইউনিয়ন মুছলিম লীগ (IUML) মুখ্য আবেদনকাৰী (Indian Union Muslim League), সেয়েহে দেশৰ আন সকলো আবেদনকাৰীক তেওঁলোকৰ লগত একেলগে সামৰি লোৱা হৈছে । উত্তৰ-পূৰ্বাঞ্চলৰ কথা ক'বলৈ গ'লে, আছু মুখ্য আবেদনকাৰী হোৱাৰ বাবে অঞ্চলটোৰ বাকী সকলো আবেদন ইয়াৰ লগত একেলগে সামৰি লোৱা হৈছে ।" ভট্টাচাৰ্যই ক'লে ।

উল্লেখ্য যে, চৰকাৰে ‘কা’ক গৃহিত কৰাৰ পিছৰে পৰা উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহে আছু আৰু নেছ’ৰ নেতৃত্বত এক তীব্ৰ প্ৰতিবাদৰ সাক্ষী হৈ আহিছে । আছু আৰু নেছ’ই সমগ্ৰ উত্তৰ-পূবৰ ৰাজ্যসমূহৰ পৰা ‘কা’ বাতিল কৰিবলৈ দাবী জনাই আহিছে । ‘কা’ৰ জৰিয়তে চৰকাৰে ধৰ্মীয় নিৰ্যাতনৰ পিছত বাংলাদেশ, পাকিস্তান, আফগানিস্তানৰ পৰা অহা ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ লোকসকলক নাগৰিকত্ব দিয়াৰ সিদ্ধান্ত স্থিৰ কৰি লৈছিল ।

লগতে পঢ়ক: CAA Supreme Court Hearing : ৬ নৱেম্বৰলৈ পিছুৱাল নাগৰিকত্ব সংশোধনী আইন প্ৰত্যাহ্বানৰ শুনানি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.