ETV Bharat / bharat

দেওবাৰে ধ্বংস কৰা হ’ব দুটাকৈ ছুপাৰটেক টুইন টাৱাৰ - উচ্চতম ন্যায়ালয়

দেশত প্ৰথমবাৰৰ বাবে নতুন প্ৰযুক্তিৰে ধ্বংস কৰা হ'ব নয়ডাৰ চেক্টৰ-৯৩ ত অৱস্থিত দুটাকৈ ছুপাৰটেক টুইন টাৱাৰ(Noida Supertech Twin Towers) । টুইন টাৱাৰ দুটা নিৰ্মাণ কৰা সময়ত কঠোৰভাৱে উলংঘা কৰা হৈছিল নিৰ্মাণৰ চৰ্তসমূহ । উচ্চতম ন্যায়ালয়ে এই টুইন টাৱাৰ দুটাৰ ধ্বংসৰ বাবে অনুমোদন জনাইছিল ।

noida-supertech-twin-towers-to-be-demolished-on-28-august
দেওবাৰে ধ্বংস কৰা হ’ব দুটাকৈ ছুপাৰটেক টুইন টাৱাৰ
author img

By

Published : Aug 27, 2022, 10:45 PM IST

নিউজ ডেস্ক, 27 আগষ্ট: নয়ডাৰ চেক্টৰ-৯৩ ত অৱস্থিত দুটাকৈ ছুপাৰটেক টুইন টাৱাৰ দেওবাৰে ভাঙি পেলোৱা হ’ব(twin towers of Noida) । দেশত প্ৰথমবাৰৰ বাবে, নতুন প্ৰযুক্তিৰে ইমান ওখ অট্টালিকা দুটা ভাঙি পেলোৱা হ'ব । আকাশচুম্বী অট্টালিকা দুটা ধ্বংস কৰিবলৈ ইতিমধ্যে প্ৰস্তুতি সম্পূৰ্ণ কৰা হৈছে । ইয়াৰ গাঁথনিত প্ৰায় ৩,৫০০ কিলোগ্ৰামতকৈও অধিক বিস্ফোৰক ভৰাই দিয়া হৈছে আৰু ১০০ মিটাৰ দূৰত্বৰ পৰা বিস্ফোৰণটো পৰিচালনা কৰা হ’ব(Demolishing twin towers of Noida on August 28) ।

noida-supertech-twin-towers-to-be-demolished-on-28-august
দেওবাৰে ধ্বংস কৰা হ’ব দুটাকৈ ছুপাৰটেক টুইন টাৱাৰ

দুৰ্নীতিৰ ভেটিত নিৰ্মিত চুপাৰটেক এমাৰ্ল্ড হাউচিং চ'চাইটিৰ এই দুটা টাৱাৰ এপেক্স আৰু চিয়ানৰ উচ্চতা প্ৰায় 101-94 মিটাৰ । ইয়াক ধ্বংস কৰাৰ দায়িত্ব এডিফিচ ইঞ্জিনিয়াৰিং কোম্পানীক অপৰ্ণ কৰা হৈছে । কেন্দ্ৰীয় ভৱন গৱেষণা প্ৰতিষ্ঠানে (CBRI)য়ে ইয়াৰ বাবে এনঅ'চি প্ৰদান কৰিছিল আৰু ইয়াৰ প্ৰতিবেদন দাখিলৰ পিছত উচ্চতম ন্যায়ালয়ে এই টুইন টাৱাৰ দুটাৰ ধ্বংসৰ বাবে অনুমোদন জনাইছিল । উচ্চতম ন্যায়ালয়ে নিজৰ অনুসন্ধানত পাইছিল যে ছুপাৰটেকে এই টাৱাৰবোৰ নিৰ্মাণ কৰোঁতে নিৰ্মাণৰ চৰ্তসমূহৰ কঠোৰভাৱে উলংঘা কৰিছিল ।

এই বিশাল অট্টালিকা দুটাৰ ওচৰত চুপাৰ টেক এমাৰ্ল্ডৰ দুটা আৱাসিক টাৱাৰ চুপাৰ টেক পান্না আৰু এটিএছ ভিলেজ চ'চাইটি আছে, যাৰ টুইন টাৱাৰৰ পৰা দূৰত্ব প্ৰায় ১০ মিটাৰ । নয়দাৰ ৯৩এ চেক্টৰৰ চুপাৰ এমাৰ্ল্ড চছাইটিৰ আৰু এটিএছ ভিলেজৰ ৫,০০০ৰো অধিক চুবুৰীয়া বাসিন্দাসকলে ২৮ আগষ্টৰ পুৱা ৭ বাজি ৩০ মিনিটৰ ভিতৰত চৌহদটো খালী কৰিব লাগিব ৷ এমাৰ্ল্ড ক'ৰ্ট গ্ৰুপ হাউচিং আৰু এটিএছ ভিলেজৰ নিৰাপত্তা কৰ্মচাৰীসকলে এই চৌহদবোৰ চোৱাচিতা কৰিবলৈ দুপৰীয়া 12 বজালৈকে থাকিব পাৰিব ৷

অট্টালিকা দুটাত বাস কৰা লোকসকলে তেওঁলোকৰ বাহনবোৰো চৌহদৰ পৰা আঁতৰাব লাগিব । প্ৰজেক্টটোৰ বিষয়াসকলে তেওঁলোকৰ সকলো সুৰক্ষা বিচাৰ কৰি অনুমতি দিয়াৰ পাছতহে নিজৰ এপাৰ্টমেণ্টলৈ ঘূৰি আহিব পাৰিব । তদুপৰি নয়ডা-গ্ৰেটাৰ নয়ডা এক্সপ্ৰেছৱেত যান-বাহন চলাচল বিয়লি ২.১৫ বজাৰ পৰা আবেলি ২.৪৫ বজালৈ সম্পূৰ্ণৰূপে বন্ধ থাকিব । জৰুৰীকালীন সেৱাৰ বাবে প্ৰয়োজনীয় অগ্নিনিৰ্বাপক গাড়ী, এম্বুলেন্স আদি টুইন টাৱাৰৰ সন্মুখত অৱস্থিত উদ্যানখনৰ পিছফালে নিৰ্মিত পথত ৰখাই থোৱা হ'ব ।

এই টুইন টাৱাৰৰ নিৰ্মাণ কাৰ্য ২০০৯ চনত আৰম্ভ হৈছিল আৰু দুটা টাৱাৰত মুঠ ৯৫০তকৈও অধিক ফ্লেট নিৰ্মাণ কৰিব লগা আছিল । অৱশ্যে, অৰ্ধনিৰ্মিত এই টুইন টাৱাৰৰ ফ্লেটসমূহ বহুলোকে ক্ৰয় কৰি অভিযোগ কৰিছিল যে, টুইন টাৱাৰৰ নিৰ্ধাৰিত পৰিকল্পনা পাছলৈ সলনি কৰা হৈছিল ৷ ২০১২ চনত তেওঁলোকে এই সন্দৰ্ভত এলাহাবাদ উচ্চ ন্যায়ালয়ৰো কাষ চাপিছিল । দেওবাৰে নয়দাৰ চেক্টৰ-৯৩ ত অৱস্থিত ছুপাৰটেক টুইন টাৱাৰ দুটা ধ্বংস কৰাৰ লাইভ ভিডিঅ’ ETV Bharat Assam ত পোনপটীয়াকৈ দেখুওৱা হ’ব(Entire process of demolishing twin towers ) ।

লগতে পঢ়ক : সোণালী ফোগাটৰ মৃত্যুৰ পূৰ্বৰ আন এটা চাঞ্চল্যকৰ চিচিটিভি ফুটেজ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.