ETV Bharat / bharat

Nitin Gadkari threatening call case : NIA য়ে তদন্ত কৰিব নীতিন গাডকাৰীক ভাবুকি প্ৰদান গোচৰৰ - বেআইনী কাৰ্যকলাপ প্ৰতিৰোধ আইন

নাগপুৰ আৰক্ষীয়ে নীতিন গাডকাৰীৰ ভাবুকিমূলক ফোন কল গোচৰৰ মুখ্য অভিযুক্ত জয়েশ পূজাৰী ওৰফে কান্তাক গ্ৰেপ্তাৰ কৰে (Nitin Gadkari threatening call case)। গোচৰটো এনআইএয়ে শীঘ্ৰেই তদন্ত আৰম্ভ কৰিব বুলি আশা কৰা হৈছে ।

Nitin Gadkari threatening call case
নীতিন গাডকাৰীক ভাবুকি প্ৰদানৰ এক গোচৰ
author img

By

Published : May 9, 2023, 9:57 AM IST

Updated : May 9, 2023, 10:29 AM IST

নেশ্যনেল ডেস্ক, ৯ মে' : ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাই তদন্ত কৰিব কেন্দ্ৰীয় পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীৰ জনসম্পৰ্ক কাৰ্যালয়ৰ ধন দাবীৰ গোচৰ (NIA to probe Gadkari threat case)। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে ইতিমধ্যে গোচৰটোৰ তদন্তৰ দায়িত্ব এনআইএক অৰ্পণ কৰিছে । শীঘ্ৰে এনআইএৰ দল নাগপুৰত উপস্থিত গৈ তদন্ত আৰম্ভ কৰাৰ সম্ভাৱনা আছে ।

উল্লেখ্য যে, নাগপুৰত কেন্দ্ৰীয় পৰিবহণ মন্ত্ৰীৰ জনসম্পৰ্ক কাৰ্যালয়লৈ দুবাৰকৈ ধন দাবীৰে ভাবুকিমূলক ফোন কৰিছিল এজনে । এই ক্ষেত্ৰত, নাগপুৰ আৰক্ষীয়ে জয়েশ পূজাৰী ওৰফে কান্তা নামৰ অভিযুক্তজনক গ্ৰেপ্তাৰ কৰিছিল । সেই সময়ত অভিযুক্ত জয়েশ কৰ্ণাটকৰ বেলগাঁও কাৰাগাৰত বন্দী হৈ আছিল ।

আৰক্ষীয়ে জনোৱা মতে, অভিযুক্ত জয়েশ পূজাৰীয়ে নীতিন গাডকাৰীৰ জনসম্পৰ্ক কাৰ্যালয়ত প্ৰথমে জানুৱাৰীত আৰু মাৰ্চত অৰ্থাৎ দুবাৰকৈ ১০ কোটি টকা দাবীৰে ফোন কৰিছিল । তেওঁলোকে দাবী পূৰণ নকৰিলে কৰ্মচাৰীসকলক হত্যা কৰাৰো ভাবুকি দিছিল জয়েশে । আৰক্ষীয়ে জনোৱা মতে জয়েশ পূজাৰীয়ে বেলগাঁও কাৰাগাৰৰ পৰা ফোন কৰিছিল । তাৰ পাচত, নাগপুৰ আৰক্ষীয়ে ২৮ মাৰ্চত বেলগাঁও কাৰাগাৰৰ পৰা জয়েশ পূজাৰীক গ্ৰেপ্তাৰ কৰে আৰু নাগপুৰলৈ লৈ আহে (Nitin Gadkari threatening call case)।

অনুসন্ধানৰ সময়ত, এইটো প্ৰকাশ পাইছে যে জয়েশ পূজাৰী এজন সন্ত্ৰাসবাদী আছিল আৰু তেওঁৰ ডাঙৰ মাফিয়াৰ সৈতেও সম্পৰ্ক আছিল । পৰৱৰ্তী সময়ত, নাগপুৰ আৰক্ষীয়ে ইউএপিএ (বেআইনী কাৰ্যকলাপ প্ৰতিৰোধ আইন)ৰ অধীনত জয়েশ পূজাৰীৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰে আৰু গোটেই গোচৰটো কেন্দ্ৰীয় গৃহ বিভাগক অৱগত কৰে । তাৰ পাচতে, কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে গোচৰটোৰ তদন্তৰ দায়িত্ব এনআইএক হস্তান্তৰ কৰিবলৈ সন্মত হয় । এনআইএৰ এটা দল নাগপুৰলৈ শীঘ্ৰে আহিব আৰু এই গোচৰটোৰ তদন্ত আৰম্ভ কৰিব ।

কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীক হত্যাৰ ভাবুকি দিয়াৰ বাবে নাগপুৰ চহৰৰ বাজাজ নগৰ আৰক্ষী চকীত এটা গোচৰ ৰুজু কৰা হৈছিল । জয়েশ ওৰফে কান্তা নামৰ কুখ্যাত মাফিয়াজনক এই গোচৰটোত জড়িত পোৱা গৈছিল । সেই সময়ত জয়েশ বেলগাঁও কাৰাগাৰত বন্দী হৈ আছিল । তেওঁক ২০১৬ চনত হত্যাৰ এক গোচৰত মৃত্যুদণ্ড দিয়া হৈছিল ।

জয়েশ কাৰাগাৰৰ পৰা পলাই যোৱাৰ আন এক গোচৰৰো অভিযুক্ত আৰু তেওঁৰ বিৰুদ্ধে ধন দাবীৰ পুৰণি ৰেকৰ্ডো আছে । প্ৰথমবাৰৰ বাবে জয়েশে নীতিন গাডকাৰীক ধন দাবীৰে ফোন কৰিছিল । যেতিয়া নাগপুৰ আৰক্ষীয়ে জেৰা কৰিছিল জয়েশৰ ওচৰত বহুতো ভিআইপিৰ ফোন নম্বৰ থকা এখন ডায়েৰীও পোৱা গৈছিল ।

লগতে পঢ়ক : Love Jihad Case in Darrang: ভুৱা পৰিচয়েৰে হিন্দু যুৱতীক পলুৱাই আনিলে হাৰেজ আলিয়ে

Last Updated : May 9, 2023, 10:29 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.