ETV Bharat / bharat

'এণ্টিলিয়া' কাণ্ড: ঘটনাৰ তদন্ত নিয়াৰ - 'এণ্টিলিয়া'ৰ সন্মুখত বিস্ফোৰক ভৰ্তি বাহন উদ্ধাৰৰ ঘটনাৰ তদন্ত নিয়াৰ

উদ্যোগপতি মুকেশ আম্বানীৰ বাসগৃহ 'এণ্টিলিয়া'ৰ সমীপত বিস্ফোৰক ভৰ্তি বাহন উদ্ধাৰৰ ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থাই । গৃহ মন্ত্ৰালয়ৰ পৰা নিৰ্দেশ লাভ কৰাৰ পিছতে বুধবাৰৰ পৰা তদন্ত আৰম্ভ কৰিছে সংস্থাটোৱে ।

'এণ্টিলিয়া'ৰ সন্মুখত বিস্ফোৰক ভৰ্তি বাহন উদ্ধাৰৰ ঘটনাৰ তদন্ত NIAৰ

author img

By

Published : Mar 10, 2021, 6:15 PM IST

নেশ্যনেল ডেস্ক,১০ মাৰ্চ: ৰিলায়েঞ্চ গ্ৰুপৰ অধ্যক্ষ মুকেশ আম্বানীৰ মুম্বাইস্থিত বাসগৃহৰ সমীপত বিস্ফোৰক ভৰ্তি বাহন উদ্ধাৰৰ পিছতে আতংকময় পৰিস্থিতিৰ সৃষ্টি হৈছিল । যোৱা ২৫ ফেব্ৰুৱাৰীত গামদেৱী আৰক্ষী থানাত এক গোচৰ ৰুজু কৰা হৈছিল । সোমবাৰে মহাৰাষ্ট্ৰৰ গৃহ মন্ত্ৰালয় আৰু কেন্দ্ৰীয় চৰকাৰে এই ঘটনাৰ তদন্তৰ দায়িত্ব অৰ্পণ কৰে ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থাক । এই নিৰ্দেশ লাভ কৰাৰ পিছতে বুধবাৰৰ পৰা তদন্ত আৰম্ভ কৰিছে সংস্থাটোৱে ।

উল্লেখ্য যে, মুম্বাইৰ কাৰ্মিকেল ৰোডত মুকেশ আম্বানীৰ বাসগৃহ 'এণ্টিলিয়া'ৰ সমীপত এখন মহিন্দ্ৰা স্কৰপিঅ' বাহন ৰখাই থোৱা হৈছিল । আৰক্ষীয়ে অনুসন্ধান চলোৱাত বাহনখনত বিস্ফোৰক সামগ্ৰী থকাৰ কথা পোহৰলৈ আহে । ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থাৰ সূত্ৰই জনোৱা মতে, এই সন্দৰ্ভত সংস্থাটোৱে আন এক গোচৰ ৰুজু কৰি তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে । আনহাতে, মহাৰাষ্ট্ৰৰ সন্ত্ৰাসবাদ বিৰোধী স্কোৱাডে(এটিএছ) স্পষ্ট কৰিছে যে, বিস্ফোৰক ভৰ্তি বাহনখনৰ গৰাকী মনসুখ হিৰেনৰ মৃত্যুৰ গোচৰৰ তদন্ত এটিএছে কৰিব ।

কিন্তু গাড়ীখনত বিস্ফোৰক সামগ্ৰী উদ্ধাৰৰ সৈতে সম্পৰ্কিত গোচৰটো ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থাৰ দ্বাৰা তদন্ত কৰা হ'ব । মহাৰাষ্ট্ৰ আৰক্ষীয়ে শুকুৰবাৰে কয় যে, পশ্চিম মুম্বাইৰ ৰেটি বাণ্ডৰ পথত এজন অজ্ঞাত লোকৰ মৃতদেহ উদ্ধাৰ হৈছিল । পিছত মৃতদেহটো থানেৰ বাসিন্দা মনসুখ হিৰেনৰ বুলি চিনাক্ত কৰা হৈছিল । এইজন লোকৰ বাহনতে জিলেটিনযুক্ত লাঠী থৈ আম্বানীৰ বাসগৃহৰ ওচৰতে বাহনখন ৰখাই থোৱা হৈছিল ।

প্ৰথম অৱস্থাত আৰক্ষীয়ে মনসুখ হিৰেনৰ মৃত্যুক আত্মহত্যা বুলিয়েই সন্দেহ প্ৰকাশ কৰিছিল । শুকুৰবাৰে বিজেপি নেতা তথা মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাৰ্ণাৱিছে হিৰেনৰ মৃত্যুৰ তদন্তৰ দাবী জনাইছিল । মুম্বাই আৰক্ষীৰ সূত্ৰ অনুসৰি, যোৱা ২৫ ফেব্ৰুৱাৰীত মুকেশ আম্বানী আৰু তেওঁৰ পত্নী নীতা আম্বানীক উদ্দেশ্যি এখন হাতেলিখা "ভাবুকি পত্ৰ"ও বিস্ফোৰক থকা বাহনত পোৱা গৈছিল ।

গাড়ীখন সেই স্থানত ৰখা সন্দেহজনক ব্যক্তিজনক (আম্বানীৰ ঘৰৰ ওচৰত) চিচিটিভিৰ ফুটেজত দেখা পোৱা গৈছিল । কিন্তু তেওঁ মাস্ক পিন্ধি থকাৰ বাবে চিনাক্ত কৰিব পৰা হোৱা নাই । আনহাতে, বিস্ফোৰক সামগ্ৰী উদ্ধাৰ হোৱাৰ পিছত আম্বানীৰ বাসগৃহৰ বাহিৰত নিৰাপত্তাৰক্ষী মোতায়েন কৰা হৈছে ।

লগতে পঢ়ক: হিমাচলত পথ দুৰ্ঘটনাত নিহত ৮

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.