ETV Bharat / bharat

দুৰ্বাৰ প্ৰেম, আঠমঙলাত ঘৰলৈ আহি স্বামীক ঘৰত এৰি থৈ প্ৰাক্তন প্ৰেমিকৰ সৈতে...

প্ৰেমিকৰ সৈতে বিয়া দিবলৈ অপ্ৰস্তুত আছিল পিতৃ-মাতৃ ৷ বেলেগ এজনৰ সৈতে বিয়া দি দিলে নিজ কন্যাক ৷ বিয়াৰ আঠদিনৰ পিচত ঘৰলৈ অহা নিয়মৰ মাজতে ঘটিল অঘটনটো-

author img

By ETV Bharat Assamese Team

Published : Dec 25, 2023, 10:36 PM IST

West Bengal
প্ৰাক্তন প্ৰেমিকৰ সৈতে...

নেশ্যনেল ডেস্ক, 25 ডিচেম্বৰ : পশ্চিম বংগৰ ঘটনা ৷ প্ৰেম কৰিছিল ছোৱালীজনীয়ে ৷ কিন্তু সেই প্ৰেমত সন্মতি নাছিল পিতৃ-মাতৃৰ ৷ ছোৱালীজনীৰ বোলপুৰৰ এজন ব্যক্তিৰ সৈতে ৰোমান্টিক সম্পৰ্ক আছিল । এই কথা জনাৰ পিচতো পিতৃ-মাতৃয়ে তেওঁলোকৰ ছোৱালীজনীক আন এজন পুৰুষলৈ বিয়া দিয়ে ৷ নিয়মানুসৰি বিয়াৰ আঠ দিনৰ পিচত স্বামীৰ সৈতে মাতৃগৃহলৈ আহে ছোৱালীজনী ৷ ঘৰলৈ আহিয়েই পুৰণা প্ৰেমৰ স্মৃতিয়ে আমনি কৰিবলৈ ধৰিলে ছোৱালীজনীক ৷

আগ-পিছ একোকে নেচাই ওলাই গ’ল প্ৰাক্তন প্ৰেমিকৰ ওচৰলৈ ৷ এদিন গ’ল, দুদিন গ’ল, তেনেকৈয়ে সদায়ে প্ৰেমিকৰ ওচৰলৈ যাবলৈ ধৰিলে ছোৱালীজনীয়ে ৷ দৈনিক প্ৰেমিকৰ গাড়ীত উঠি ঘূৰি ফুৰিবলৈ ধৰিলে তাই ৷ পিছে এই সকলোবোৰ নজৰত আছিল ছোৱালীজনীৰ পিতৃৰ ৷ পিতৃয়ে এনেদৰে লগ কৰাৰ বিৰোধিতা কৰি দুয়োকে মানা কৰিছিল লগ কৰি ঘূৰা-ফুৰা কৰিবলৈ ৷ পিছে প্ৰেমত থকা মানুহে কাৰ কথা শুনে ? কাৰ কথা মানে ?

আনদিনাৰ দৰে সোমবাৰেও ওলাই যায় তাই প্ৰাক্তন প্ৰেমিকৰ গাড়ীত ৷ এই সকলো প্ৰত্যক্ষ কৰি থকা ছোৱালীজনীৰ পিতৃয়ে আজি হাতে লোটে দুয়োকে একেলগে গাড়ীত ধৰা পেলালে ৷ তাতেই লাগিল কেণাটো ৷ খঙত একো নাই হৈ জীয়েকৰ প্ৰেমিকে গাড়ী উঠাই দিলে পিতৃৰ দেহত ! তেজেৰে লুতুৰি-পুতুৰি হৈ মানুহজন তেনেদৰেই ৰাস্তাত পৰি ৰ’ল এডোঙা তেজৰ মাজত ৷ তেওঁক তেনেকৈয়ে এৰি থৈ পলাই গ’ল জীয়েক আৰু প্ৰেমিক ৷

এই ঘটনাটোৱে গোটেই অঞ্চলটোতে চাঞ্চল্যকৰ পৰিৱেশৰ সৃষ্টি কৰিছে ৷ আৰক্ষীয়ে এই ঘটনা সন্দৰ্ভত এটা গোচৰ ৰুজু কৰে । আৰক্ষীয়ে জনোৱা অনুসৰি, ছোৱালীজনীয়ে পিতৃ-মাতৃৰ সিদ্ধান্তত সন্মতি প্ৰকাশ কৰিয়েই বিয়াত বহিছিল ৷ আঠমঙলা উপলক্ষে, স্বামীৰ সৈতে মাতৃৰ ঘৰলৈ আহিছিল তাই । প্ৰেমিকে তাইৰ আগমনৰ বিষয়ে জানিব পাৰি চাৰিচকীয়া বাহনখন লৈ উপস্থিত হয় আৰু তাইক ফুৰাবলৈ লৈ যায় ৷ সোমবাৰে দুয়োৱে গাড়ীত ঘূৰি ফুৰাৰ সময়তে পিতৃয়ে তেওঁলোকক ধৰা পেলাই । তাৰ পিছতেই অথন্তৰ ঘটি যায় ৷ পিতৃয়ে তাইক ঘূৰি আহিবলৈ কৈছিল, কিন্তু তাই অস্বীকাৰ কৰিছিল । তেনেকুৱাতে পলাই যাবলৈ পিতৃৰ ওপৰেৰেই গাড়ী চলাই লৈ যায় প্ৰেমিকে ৷ তাৰ পিচত স্থানীয় লোকে লোকজনক ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যায় যদিও চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে ।

ছোৱালীজনীৰ পৰিয়ালৰ পৰা অভিযোগ পোৱাৰ পিচত বোলপুৰ আৰক্ষীয়ে পদক্ষেপ লয় । ছোৱালীজনীৰ স্বামী তাইৰ মাকৰ সৈতে বোলপুৰত আছে । "আমি কঠোৰ শাস্তি দাবী কৰিছো । আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে আৰু আমি নিশ্চিত যে আৰক্ষীয়ে তেওঁলোকক আটক কৰিব," মাতৃগৰাকীয়ে এইদৰে কয় ।

লগতে পঢ়ক : শিকলিৰে বান্ধি জ্বলাই হত্যা ! মাদুৰাই আইটিৰ যুৱতীক নিৰ্মমভাৱে হত্যা ৰূপান্তৰিত পুৰুষৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.