ETV Bharat / bharat

ক্ৰীড়াৰ মাধ্যমেৰে ড্ৰাগছৰ বিৰুদ্ধে যুঁজাৰ লক্ষ্য ত্ৰিপুৰাৰ নতুন ক্ৰীড়া মন্ত্ৰীৰ

author img

By

Published : Sep 4, 2021, 9:25 PM IST

ক্ৰীড়াৰ প্ৰচাৰৰ মাধ্যমেৰে ড্ৰাগছৰ বিৰুদ্ধে যুঁজাৰ লক্ষ্য ত্ৰিপুৰাৰ নতুন ক্ৰীড়া মন্ত্ৰী সুশান্ত চৌধুৰী( Sushanta Chowdhury)ৰ ৷ বহু কোটি টকাৰ ব্যয় সাপেক্ষে এথলেটিকছৰ বাবে নতুন Synthetic track আধাৰশিলা স্থাপন কৰি এই মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ৷ পথভ্ৰষ্ট যুৱক-যুৱতীসকলক ট্ৰেকলৈ ঘূৰাই অনাত সহায় কৰাৰ বাবে সকলোৰে পৰা পৰামৰ্শৰ আহ্বান মন্ত্ৰীগৰাকীৰ ৷

new tripura sports minister wants to promote sports to fight drug menace
ক্ৰীড়াৰ মাধ্যমেৰে ড্ৰাগছৰ বিৰুদ্ধে যুঁজাৰ লক্ষ্য ত্ৰিপুৰাৰ নতুন ক্ৰীড়া মন্ত্ৰীৰ

আগৰতলা , 4 ছেপ্তেম্বৰ : ড্ৰাগৰ অপব্যৱহাৰৰ বৰ্ধিত প্ৰৱণতাৰ বিৰুদ্ধে যুঁজিবলৈ যুৱ প্ৰজন্মৰ মাজত ক্ৰীড়াক জনপ্ৰিয় কৰাৰ লক্ষ্য ত্ৰিপুৰাৰ নতুন ক্ৰীড়া আৰু যুৱ পৰিক্ৰমা মন্ত্ৰী(Sports and Youth Affairs Minister) সুশান্ত চৌধুৰী( Sushanta Chowdhury)ৰ ৷ কাৰ্যালয়ৰ দায়িত্বভাৰ গ্ৰহণ কৰাৰ পাচতে নিজৰ প্ৰথমটো ভাষণত চৌধুৰীয়ে ড্ৰাগছৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত ক্ৰীড়াক জনপ্ৰিয় কৰাৰ পোষকতা কৰে ৷

কেন্দ্ৰৰ পৃষ্ঠপোষকতাত বহু কোটি টকাৰ ব্যয় সাপেক্ষে এথলেটিকছৰ বাবে নতুন Synthetic track আধাৰশিলা স্থাপন কৰাৰ সময়ত চৌধুৰীয়ে সকলোৰে পৰা সমৰ্থন আৰু গঠনমূলক পৰামৰ্শৰ আহ্বান জনায় ৷ ৰাজ্যখনৰ ক্ৰীড়া আন্তঃগাঁথনি উন্নত কৰাই তেওঁৰ লক্ষ্য বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে ৷

অনুষ্ঠানটোত উপস্থিত থকা লোকসকলক উদ্দেশ্যি মন্ত্ৰীগৰাকীয়ে কয় যে, জনজাতীয় অধ্যুষিত অঞ্চলসমূহ(tribal dominated areas)ত ড্ৰাগছে যুৱপ্ৰজন্মৰ ভৱিষ্যত ধ্বংস কৰি আছে । আৰক্ষীয়ে এই সমস্যা সমাধানৰ বাবে যথাসাধ্য চেষ্টা কৰি আছে যদিও এইক্ষেত্ৰত সজাগতা আটাইতকৈ প্ৰয়োজনীয় । তেওঁ কয় যে, যদিহে যুৱক-যুৱতীসকলক শাৰীৰিক ক্ৰীড়াত অংশগ্ৰহণ কৰিবলৈ আৰু গঠনমূলক কামত অন্তৰ্ভুক্ত কৰিবলৈ উৎসাহিত কৰা হয়, তেন্তে ড্ৰাগছজনিত সমস্যাসমূহ স্বাভাৱিকভাৱে শেষ হ'ব ৷

তেওঁৰ বিভাগে ক্ৰীড়া বিভাগৰ তত্বাৱধানত ফুটবল আৰু অন্যান্য জনপ্ৰিয় ক্ৰীড়াৰ জিলা পৰ্যায়ৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰিব বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে ৷ তেওঁ কয় যে, পথভ্ৰষ্ট যুৱক-যুৱতীসকলক ট্ৰেকলৈ ঘূৰাই অনাত সহায় কৰাৰ কোনো পৰামৰ্শ থাকিলে তেওঁ সেই পৰামৰ্শক স্বাগতম জনাব ৷ সকলোৰে পৰামৰ্শ ইতিবাচকভাৱে শুনা হ'ব বুলি তেওঁ সদৰী কৰে ৷

দীপা কৰ্মকাৰৰ দৰে প্ৰতিভাশালী খেলুৱৈসকলে যাতে দক্ষতা বিকাশৰ বাবে দিল্লীলৈ যাবলগীয়া নহয়, তাৰ বাবে যুৱ আৰু ক্ৰীড়া পৰিক্ৰমা বিভাগে সকলো ক্ৰীড়া প্ৰতিযোগিতাৰ বাবে পৰ্যাপ্ত আন্তঃগাঁথনি নিশ্চিত কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰিব বুলিও মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে ৷

লগতে পঢ়ক : দুবছৰৰ ভিতৰত তৃণমূলে ত্ৰিপুৰাত চৰকাৰ গঠন কৰিব: সুস্মিতা দেৱ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.