ETV Bharat / bharat

এটা পৰিয়ালৰে সদস্য আছিল নেপালত সন্ধানহীন বিমানখনৰ চাৰিওজন ভাৰতীয়

নেপালত সন্ধানহীন হৈ আছে এখন বিমান ৷ এই বিমানখনত থকা চাৰিওজন ভাৰতীয় ওড়িশাৰ বাসিন্দা আছিল (4 missing Indian nationals) ৷ চাৰিওজন এটা পৰিয়ালৰে সদস্য বুলি জানিব পৰা গৈছে ৷

author img

By

Published : May 29, 2022, 7:45 PM IST

nepal-aircraft-crash-4-missing-indian-nationals-all-from-a-family-belong-to-odisha
এটা পৰিয়ালৰে সদস্য আছিল Tara Air 9 NAET বিমানখনৰ চাৰিওজন ভাৰতীয় নাগৰিক

নেশ্যনেল ডেস্ক, ২৯ মে': নেপালত সন্ধানহীন বিমানখনত থকা চাৰিওজন ভাৰতীয় নাগৰিক ওড়িশাৰ বাসিন্দা আছিল (4 missing Indian nationals) ৷ চাৰিওজন এটা পৰিয়ালৰে সদস্য বুলি জানিব পৰা গৈছে ৷

উল্লেখ্য যে, দেওবাৰে পুৱাৰে পৰা দুটা ইঞ্জিনযুক্ত বিমানখনৰ সৈতে সংযোগ বিচ্ছিন্ন হৈছিল ৷ পোখৰাৰ পৰা জোমচোমলৈ উৰা মৰা বিমানখনত চাৰিগৰাকী ভাৰতীয় নাগৰিকসহ ১৯ গৰাকী যাত্ৰী আছিল Tara Airৰ 9 NAET বিমানখনত (Tara Air flight including 4 Indians has gone missing)।

বিমানখনে উৰা মৰাৰ পাছত 15 মিনিট মানৰ ভিতৰতে সংযোগ বিচ্ছিন্ন হৈ পৰিছিল । সেনাৰ মুখপাত্ৰ নাৰায়ণ চিলৱালৰ মতে, একাংশ স্থানীয় লোকে জনাইছে যে মানাপতি হিমালৰ লামচে নদীত তাৰা এয়াৰ বিমানখন দুৰ্ঘটনাগ্ৰস্ত হৈছে ৷ এই খবৰ পোৱাৰ পাছতে নেপাল সেনা সেই স্থানলৈ অগ্ৰসৰ হৈছে ।

বিমানখনত থকা মুঠ ২২ গৰাকী লোকৰ ভিতৰত চাৰি ভাৰতীয়ৰ উপৰিও তিনিগৰাকী জাপানী নাগৰিক, দুগৰাকী জাৰ্মান আৰু ১৩ গৰাকী নেপালী আছিল । তিনিগৰাকী ক্ৰু সদস্য আছিল বিমানখনত ।

লগতে পঢ়ক : দুৰ্ঘটনাত পতিত হ’ল নেকি Tara Air 9 NAET বিমান খন !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.