ETV Bharat / bharat

NEET PG Exam : দিল্লীত চিকিৎসা সেৱা বৰ্জনৰ হুংকাৰ চিকিৎসকৰ

NEET(স্নাতকোত্তৰ) ৰ কাউঞ্চেলিং পলম হোৱাক লৈ ক্ষোভ প্ৰকাশ কৰি সোমবাৰে আবেলি দিল্লীত প্ৰতিবাদী সমদল বাহিৰ কৰে ফেডাৰেচন অৱ ৰেচিডেণ্ট ডক্টৰ্ছ এছ'চিয়েছনে (Resident doctors protest in delhi) । কিন্তু প্ৰতিবাদকাৰীৰ দলটো উচ্চতম ন্যায়ালয়ৰ দিশে আগবাঢ়ি যোৱাৰ সময়তে আৰক্ষীয়ে আটক কৰে একাংশ প্ৰতিবাদী চিকিৎসকক । ইয়াৰ পাচতে ক্ষুদ্ধ হৈ চিকিৎসা সেৱা বৰ্জনৰ হুংকাৰ দি মাজনিশা পৰ্যন্ত প্ৰতিবাদ সাব্যস্ত কৰে চিকিৎসকসকলে ।

Resident doctors protest in Delhi
চিকিৎসকৰ প্ৰতিবাদত উত্তাল দিল্লীৰ ৰাজপথ
author img

By

Published : Dec 28, 2021, 12:55 PM IST

নেশ্যনেল ডেস্ক, ২৮ ডিচেম্বৰ : NEET(স্নাতকোত্তৰ)ৰ কাউঞ্চেলিং তৰান্বিত কৰাৰ দাবীৰে সোমবাৰে দিল্লীত আৱাসী চিকিৎসকে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰাৰ সময়তে সৃষ্টি হৈছিল অপ্ৰীতিকৰ পৰিস্থিতি । আৰক্ষীয়ে প্ৰতিবাদকাৰী চিকিৎসকক বৰ্বৰভাৱে প্ৰহাৰ অভিযোগ তুলিছে চিকিৎসকসকলে । বিপৰীতে আটক কৰা হৈছিল একাংশ প্ৰতিবাদকাৰী চিকিৎসকক ।

ফেডাৰেচন অৱ ৰেচিডেণ্ট ডক্টৰ্ছ এছ'চিয়েছনৰ নেতৃত্বত বাহিৰ কৰা প্ৰতিবাদী সমদল সোমবাৰে সন্ধিয়া উচ্চতম ন্যায়ালয়ৰ দিশে আগবাঢ়ি যোৱাৰ সময়তে এই অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হয় । ইয়াৰ পাচতে আটক কৰা চিকিৎসকৰ মুক্তিৰ দাবীত মাজনিশাও ৰাজপথতে প্ৰতিবাদ সাব্যস্ত কৰে ফেডাৰেচন অৱ ৰেচিডেণ্ট ডক্টৰ্ছ এছ'চিয়েছনৰ সদস্যসকলে । লগতে দিল্লীৰ সকলো হাস্পতালতে চিকিৎসা সেৱা বন্ধ ৰাখিবলৈ আহ্বান জনাইছে ফেডাৰেচন অৱ ৰেচিডেণ্ট ডক্টৰ্ছ এছ'চিয়েছনে (Delhi doctors calls for shutdown of medical services) ।

NEET(স্নাতকোত্তৰ)ৰ কাউঞ্চেলিং পলম হোৱাক লৈ ক্ষোভ প্ৰকাশ কৰি চিকিৎসকে সমদল বাহিৰ কৰে আৰু আৰক্ষীয়ে আইটিঅ'ৰ ওচৰত প্ৰতিবাদকাৰীসকলক বাধা আৰোপ কৰে (Doctors protest over PG NEET counselling in Delhi) । ফেডাৰেচন অৱ ৰেচিডেণ্ট ডক্টৰ্ছ এছ'চিয়েছনে এক বিবৃতিযোগে উত্থাপন কৰা অভিযোগ অনুসৰি, সমদল কৰি গৈ থকা অৱস্থাত আৰক্ষীয়ে এহাজাৰৰো অধিক চিকিৎসকক আটক কৰিছে ।

চিকিৎসা ক্ষেত্ৰৰ ইতিহাসত এই দিনটো "ক'লা দিন" বুলি অভিহিত কৰি ফেডাৰেচন অৱ ৰেচিডেণ্ট ডক্টৰ্ছ এছ'চিয়েছনে দিল্লীৰ সকলো হাস্পতালতে চিকিৎসা সেৱা বন্ধ ৰাখিবলৈ আহ্বান জনায় । লগতে সংগঠনটোৰ প্ৰতিনিধি আৰু আৱাসী চিকিৎসক মুক্তি দিবলৈ দাবী জনায় । ফেডাৰেচন অৱ ৰেচিডেণ্ট ডক্টৰ্ছ এছ'চিয়েছনে আৰক্ষীৰ দমন নীতিক তীব্ৰ গৰিহণা দিয়ে ।

তেওঁলোকৰ মতে, NEET (স্নাতকোত্তৰ)ৰ কাউঞ্চেলিং ত্বৰান্বিত কৰাৰ দাবীত আৱাসী চিকিৎসকসকলে শান্তিপূৰ্ণভাৱে প্ৰতিবাদ সাব্যস্ত কৰি আছিল আৰু তেতিয়াই আৰক্ষীয়ে বৰ্বৰতাৰে প্ৰহাৰ কৰি তেওঁলোকক আটক কৰে । ফেডাৰেচন অৱ ৰেচিডেণ্ট ডক্টৰ্ছ এছ'চিয়েছনে দেশৰ সকলো ৰাজ্যিক আৰডিএক এই আন্দোলনত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায় । আৰডিএৰ উপ-সভাপতি ডাঃ অজয় কুমাৰে কয় যে, দিল্লী আৰক্ষীয়ে এহেজাৰৰো অধিক চিকিৎসকক আটক কৰিছে আৰু এনে বৰ্বৰ কাৰ্যৰ বাবে আৰক্ষীয়ে ক্ষমা বিচৰা উচিত ।

প্ৰতিবাদকাৰী চিকিৎসকসকলে সোমবাৰে সন্ধিয়া চফদৰজং চিকিৎসালয়ত একত্ৰিত হৈ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী মনসুখ মাণ্ডৱিয়াৰ বাসগৃহ অভিমুখে প্ৰতিবাদী সমদল উলিয়ায় । অৱশ্যে তেওঁলোকক আদবাটতে আৰক্ষীয়ে বাদা প্ৰদান কৰি সৰোজিনী নগৰ আৰক্ষী থানালৈ লৈ যায় । আৰএমএল চিকিৎসালয়ৰ আৰডিএৰ সাধাৰণ সম্পাদক ডাঃ সুৰৱেশ পাণ্ডেই কয় যে, তেওঁলোকক স্বাস্থ্য মন্ত্ৰীৰ বাসগৃহলৈ যোৱাৰ সময়ত সৰোজিনী নগৰ আৰক্ষীয়ে আটক কৰা কৰিছিল যদিও নিশা মুকলি কৰি দিয়ে । চিকিৎসকসকলে তেওঁলোকৰ প্ৰতিবাদ তীব্ৰতৰ কৰি তুলিবলৈ মাজনিশা ৰাজপথতে প্ৰতিবাদী সভা অনুষ্ঠিত কৰে ।

লগতে পঢ়ক: টেট শিক্ষাৰ্থীৰ প্ৰতিবাদত উত্তাল ছেবাৰ চৌহদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.