ETV Bharat / bharat

Necrophiliac Psycho killer: চাঞ্চল্যকৰ ! বৃদ্ধা মহিলাক হত্যা কৰি মৃতদেহৰ সৈতে যৌন সম্ভোগ - মৃতদেহক ধৰ্ষণ

মৃতদেহ ধৰ্ষণ কৰি আতংকৰ সৃষ্টি কৰি অহা উত্তৰ প্ৰদেশৰ দুই মানসিক বিকাৰগ্ৰস্ত অৱশেষত পৰিল আৰক্ষীৰ জালত ৷ বিগত 5 মাহত কেইবাগৰাকীও বৃদ্ধা মহিলাক হত্যা কৰি যৌন সম্ভোগ কৰি আহিছিল দুই পাষণ্ডই (Necrophiliac Psycho killer of UP) ৷

Necrophiliac Psycho killer
চাঞ্চল্যকৰ ! বৃদ্ধা মহিলাক হত্যা কৰি মৃতদেহৰ সৈতে যৌন সম্ভোগ
author img

By

Published : Mar 23, 2023, 10:45 PM IST

Updated : Mar 23, 2023, 11:02 PM IST

নেশ্যনেল ডেস্ক, 23 মাৰ্চ: অৱশেষত গ্ৰেপ্তাৰ হ’ল মৃতদেহক ধৰ্ষণ (Sex with dead bodies) কৰি আসুৰিক তৃপ্তি লাভ কৰা দুই নৰপিশাচ ৷ বৃদ্ধা মহিলাসকলক হত্যা কৰাৰ পাচত মৃতদেহৰ সৈতে যৌন সম্ভোগ কৰা দুই চাইকো চিৰিয়েল কিলাৰ যোৱা পাঁচমাহ ধৰি উত্তৰ প্ৰদেশৰ বাৰাবাঁকী আৰক্ষীৰ বাবে এক প্ৰত্যাহ্বান হৈ পৰিছিল ৷ মৃতদেহৰ সৈতে ধৰ্ষণৰ দৰে জঘন্য ঘটনা সংঘটিত কৰা এই নেক্ৰোফিলিয়াক চাইকো (Necrophiliac Psycho killers) হত্যাকাৰী দুটাই নয়ডাৰ নিথাৰী গোচৰৰ অভিযুক্ত সুৰেন্দ্ৰ কলিয়ে কৰা ঘটনাৰ কথা পুনৰ এবাৰ সকলোকে মনত পেলাই দিছে, যিয়ে মৃতদেহ ধৰ্ষণ কৰিছিল ৷

বৃদ্ধ মহিলাক হত্যা কৰি মৃতদেহৰ সৈতে যৌন সম্ভোগ কৰি উত্তৰ প্ৰদেশত সন্ত্ৰাস সৃষ্টি কৰা এটা চাইকো কিলাৰক বুধবাৰে গ্ৰেপ্তাৰ কৰে বাৰাবাঁকী আৰক্ষীয়ে ৷ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা পাষণ্ডটোৰ নাম সুৰেন্দ্ৰ বুলি জানিব পৰা গৈছে ৷ এটা চাউল কলত কৰ্মৰত আছিল সুৰেন্দ্ৰ ৷ উল্লেখ্য যে, চলিত বৰ্ষৰ 23 জানুৱাৰীত সুৰেন্দ্ৰৰ আন এক সহযোগী অমৰেন্দ্ৰক এগৰাকী বৃদ্ধি মহিলাক ধৰ্ষণৰ চেষ্টা চোলোৱাৰ সময়তে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল আৰক্ষীয়ে (Psycho serial killer arrested in UP) ৷

আৰক্ষীয়ে সদৰী কৰা অনুসৰি, দুই অভিযুক্তই অশ্লীল ভিডিঅ’ চোৱাৰ পাচত বৃদ্ধা মহিলাক হত্যা কৰি ধৰ্ষণৰ বাবে লক্ষ্য কৰি লৈছিল ৷ জনসমাগম নথকা স্থানত বৃদ্ধা মহিলাক প্ৰত্যক্ষ কৰিলেই দুই পাষণ্ডই হত্যা কৰি মৃতদেহৰ সৈতে যৌন সম্ভোগ কৰিছিল ৷ বিগত 6 মাহত কেইবাগৰাকীও বৃদ্ধা মহিলাক হত্যা কৰি মৃতদেহক ধৰ্ষণ কৰিছিল দুই নৰ পিশাচে ৷

তথ্য অনুসৰি, 2022 চনৰ 5 ডিচেম্বৰত উত্তৰ প্ৰদেশৰ দয়াৰাম পুৰৱাত এগৰাকী বৃদ্ধাক ধৰ্ষণ কৰাৰ চেষ্টা চলাইছিল দুই পাষণ্ডই ৷ কিন্তু সেই স্থানত লোক উপস্থিত হোৱাৰ পাচতেই দুয়ো পলাই যাবলৈ বাধ্য হৈছিল ৷ বিগত বৰ্ষৰ ডিচেম্বৰ মাহৰ 17 তাৰিখে সুৰেন্দ্ৰ আৰু অমৰেন্দ্ৰই ইব্ৰাহিমাবাদ গাঁৱত এগৰাকী বৃদ্ধ মহিলাক হত্যা কৰে আৰু তাৰ পিচত মৃতদেহটো ধৰ্ষণ কৰে ৷ এই ঘটনাৰ 12 দিনৰ পাচত, দুয়ো থাথেৰহা গাঁৱত আন এগৰাকী মহিলাৰ সৈতে একে ধৰণৰ জঘন্য ঘটনা সংঘটিত কৰিছিল (Sex with dead bodies after killing) ৷

এগৰাকীৰ পাচত আন এগৰাকী বৃদ্ধ মহিলাক দুই চাইকো কিলাৰে হত্যা কৰি ধৰ্ষণ কৰা ঘটনাই সৃষ্টি কৰিছিল তীব্ৰ চাঞ্চল্যৰ ৷ দুই চাইকো কিলাৰ আতংকৰ কাৰণ হৈ পৰিছিল উত্তৰ প্ৰদেশৰ বাৰাবাঁকী আৰু অযোধ্যা জিলাৰ বাবে ৷ মহিলাসকলে ঘৰৰ পৰা অকলে ওলাই যোৱাও বন্ধ কৰিব লগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছিল ৷ দুই চাইকো কিলাৰৰ সন্ধান দিওঁতালৈ 25 হাজাৰ টকাৰ পুৰষ্কাৰো ঘোষণা কৰিছিল আৰক্ষীয়ে ৷

উল্লেখ্য যে, এগৰাকী মহিলাক ধৰ্ষণ কৰি দুই চাইকো চিৰিয়েল কিলাৰ পলাই যোৱাৰ সময়তে এজন যুৱকে এটা ভিডিঅ’ প্ৰস্তুত কৰিবলৈ সক্ষম হৈছিল ৷ সেই ভিডিঅ’টোৰ পৰাই আৰক্ষীয়ে দুই হত্যাকাৰীৰ ফটো সংগ্ৰহ কৰি উত্তৰ প্ৰদেশৰ বিভিন্ন স্থানত প’ষ্টাৰ লগাইছিল ৷ চলিত বৰ্ষৰ 23 জানুৱাৰীত অযোধ্যা জিলাৰ হুনহুনা নামৰ গাঁৱত এগৰাকী মহিলাৰ ওপৰত হোৱা আক্ৰমণৰ সময়ত অভিযুক্ত অমৰেন্দ্ৰ আৰক্ষীৰ হাতত ধৰা পৰে ৷ অমৰেন্দ্ৰক জেৰাৰ পাচতেই আৰক্ষী নিশ্চিত হৈছিল যে এই হত্যাকাণ্ডসমূহৰ সৈতে জড়িত আছে আন এটা অপৰাধী ৷ অৱশেষত বুধবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় আনটো হত্যাকাৰী তথা চাইকো চিৰিয়েল কিলাৰ সুৰেন্দ্ৰক ৷

এই ঘটনা সন্দৰ্ভত বাৰাবাঁকী জিলা চিকিৎসালয়ৰ জ্যেষ্ঠ মনোৰোগ বিশেষজ্ঞ ডাঃ অনিতা যাদৱে কয় যে যদি শিশুসকলৰ লালন-পালন সঠিকভাৱে কৰা নহয় তেন্তে এনে ঘটনা সন্মুখলৈ আহিব পাৰে ৷ চিকিৎসকৰ মতে এয়া ব্যক্তিত্বৰ বিকাৰ ৷ এনে মানসিক ৰোগীক স্বাভাৱিক অৱস্থাত থকা দেখা পোৱা যায় আৰু তেওঁলোকে কৰা কাণ্ডৰ বাবে কোনো ধৰণৰ দুখ বা অনুশোচনা অনুভৱ নকৰে ৷

মনোৰোগ বিশেষজ্ঞগৰাকীৰ মতে, এই ৰোগ বহুতো কাৰণত হ'ব পাৰে ৷ ই এক বংশগত কাৰণো হ’ব পাৰে । শৈশৱৰ যিকোনো ঘটনাই কাৰোবাক এনেকুৱা মনোৰোগী কৰি তুলিব পাৰে । কিন্তু আটাইতকৈ ডাঙৰ কাৰণটো হ'ল যে তেওঁলোকৰ প্ৰতিপালন সঠিকভাৱে কৰা নহয় । কঠিন প্ৰতিপালনৰ ফলত ব্যক্তিত্ব বিকাৰ ৰোগ উদ্ভৱ হয় ।

লগতে পঢ়ক: Cyber crime in India : দেশৰ প্ৰায় ১৬ কোটি লোকৰ ব্যক্তিগত তথ্য চুৰি, আৰক্ষীৰ জালত দুষ্টচক্ৰ

Last Updated : Mar 23, 2023, 11:02 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.