ETV Bharat / bharat

Sharad Pawar resignation : শৰদ পাৱাৰৰ পদত্যাগ প্ৰত্যাখ্যান এনচিপিৰ মূল সমিতিৰ - NCP core committee

দলে প্ৰত্যাখ্যান কৰিলে শৰদ পাৱাৰৰ পদত্যাগ (Sharad Pawar resignation)। এনচিপিৰ সভাপতিৰ পদৰ পৰা পদত্যাগ কৰা নেতাগৰাকীক সিদ্ধান্ত উঠাই ল'বলৈ আহ্বান দলীয় কৰ্মীৰ । মূল সমিতিয়েও পাৱাৰৰ পদত্যাগ প্ৰত্যাখ্যান কৰিছে ।

Sharad Pawar resignation
শৰদ পাৱাৰৰ পদত্যাগ প্ৰত্যাখ্যান এনচিপিৰ মূল সমিতিৰ
author img

By

Published : May 5, 2023, 1:19 PM IST

নেশ্যনেল ডেস্ক,৫ মে' : নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টিৰ ৰাষ্ট্ৰীয় সভাপতি শৰদ পাৱাৰে পদত্যাগৰ ঘোষণা কৰাৰ লগে লগে ৰাজনৈতিক মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে (Sharad Pawar resigns NCP)। নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টিৰ ভিতৰচ'ৰাতো ব্যাপক অসন্তুষ্টিৰ সৃষ্টি হৈছে । ইফালে শৰদ পাৱাৰৰ পদত্যাগ প্ৰত্যাখ্যান কৰাৰ লগতে দলৰ প্ৰতিষ্ঠাপকগৰাকীক শীৰ্ষস্থানতে থাকিবলৈ আহ্বান জনোৱাৰ সিদ্ধান্ত লৈছে দলৰ শীৰ্ষ নেতাসকলে । ইতিমধ্যে এনচিপিৰ মূল সমিতিয়ে জ্যেষ্ঠ নেতা তথা দলৰ প্ৰতিষ্ঠাপকগৰাকীক শীৰ্ষস্থানত থাকিবলৈ আহ্বান জনাই এক প্ৰস্তাৱ গ্ৰহণ কৰিছে বুলি জানিব পৰা গৈছে ।

সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰি এন চি পিৰ উপ-সভাপতি প্ৰফুল পেটেলে কয় যে শৰদ পাৱাৰে মঙলবাৰে পদত্যাগৰ কথা ঘোষণা কৰাৰ পাছত নতুন দলৰ সভাপতি নিৰ্বাচনৰ বাবে দলৰ নেতাসকলৰ এখন সমিতি গঠন কৰা হৈছে । বৈঠকত এক সৰ্বসন্মত প্ৰস্তাৱ গৃহীত হয় য'ত তেওঁৰ পদত্যাগ প্ৰত্যাখ্যান কৰা হয় (NCP rejects Sharad Pawar resignation)।

পেটেলে লগতে কয় যে শৰদ পাৱাৰে দলৰ আন সদস্যসকলক অৱগত নকৰাকৈ পদত্যাগৰ সিদ্ধান্ত লৈছিল । এনচিপি নেতাসকলৰ উপৰিও সমগ্ৰ দেশৰ ৰাজনৈতিক দলৰ নেতাসকলেও তেওঁক একেটা পদতে থাকিবলৈ অনুৰোধ জনাইছে ।

এনচিপিৰ মূল সমিতিয়েও এক প্ৰস্তাৱ গ্ৰহণ কৰি দলৰ মুৰব্বীৰ পদত্যাগ প্ৰত্যাখ্যান কৰিছে (Sharad Pawar resignation)। শৰদ পাৱাৰে তেওঁৰ উত্তৰাধিকাৰী বাছনি কৰিবলৈ গঠন কৰা সমিতিখনত আছে অজিত পাৱাৰ, সুপ্ৰিয়া চুলে, প্ৰাক্তন কেন্দ্ৰীয় নেতা প্ৰফুল পেটেল আৰু ভুজবল ।

দলটোৰ দক্ষিণ মুম্বাইত চলি থকা বৈঠকখনত পাৱাৰে দলৰ পৰা পদ ত্যাগ কৰাৰ সিদ্ধান্তৰ বিৰুদ্ধে দলীয় কৰ্মীসকলে বৃহৎ সংখ্যাত একত্ৰিত হোৱাৰ মাজতে মূল সমিতিৰ সদস্যসকলে অংশগ্ৰহণ কৰে । আৱেগিক হৈ পৰা দলৰ কৰ্মীসকলে জোৰ দিছে যে পাৱাৰে একেটা পদবীতে থাকিব লাগে আৰু দলটোক নেতৃত্ব দিব লাগে (NCP proposes Pawar to continue as chief)।

উল্লেখ্য যে পাৱাৰে মঙলবাৰে তেওঁ প্ৰতিষ্ঠা কৰা দলটোৰ সভাপতি পদ ত্যাগ কৰাৰ সিদ্ধান্তৰ কথা ঘোষণা কৰিছিল । ১৯৯৯ চনৰ পৰা তেওঁ নিজৰ ৰাজনৈতিক পথ নিৰ্ধাৰণ কৰিবলৈ কংগ্ৰেছ ত্যাগ কৰিছিল । এক অনুষ্ঠানত তেওঁ কৰা এই ঘোষণাই ২৪ বছৰীয়া দলটোৰ নেতা আৰু কৰ্মীসকলক আচৰিত কৰি তোলে ।

ৰাজ্যসভাৰ সাংসদ তথা ৰাষ্ট্ৰীয় ৰাজনীতিত বিৰোধী দলৰ অন্যতম শক্তিশালী নেতা পাৱাৰে কৈছিল যে তেওঁ এনচিপিৰ সভাপতিৰ পদ ত্যাগ কৰিছে যদিও ৰাজনৈতিক জীৱনৰ পৰা অৱসৰ লোৱা নাই । অজিত পাৱাৰ আৰু কিছুমান বিধায়কে শাসনাধিষ্ঠিত ভাৰতীয় জনতা পাৰ্টিৰ সৈতে মিত্ৰতা কৰিব পাৰে বুলি সন্দেহ কৰিছে যদিও তেওঁ জীয়াই থকালৈকে এনচিপিৰ সৈতে থাকিব বুলি দাবী কৰে ।

লগতে পঢ়ক :Sharad Pawar resigns: নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টিৰ ৰাষ্ট্ৰীয় সভাপতিৰ পদ ত্যাগ শৰদ পাৱাৰৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.