ETV Bharat / bharat

চিংকু পাঠানৰে সম্পৰ্ক থকা ড্ৰাগছ ব্যৱসায়ীৰ বিৰুদ্ধে পুণেত NCBৰ অভিযান - চিংকু পাঠান

চিংকু পাঠানৰ ড্ৰাগছৰ বেহাৰে জড়িত ব্যৱসায়ীৰ বিৰুদ্ধে শনিবাৰে পুণেৰ ভিৱান্দিত নাৰ্ক'টিক্স কন্ট্ৰ'ল ব্যুৰ'ৰ অভিযান । এখন গহণাৰ দোকানৰ পৰা মেফেড্ৰ'ন নামৰ ড্ৰাগছ জব্দ কৰাৰ পাছতে স্বত্বাধিকাৰীক গ্ৰেপ্তাৰ কৰে নাৰ্ক'টিক্স কন্ট্ৰ'ল ব্যুৰ'ই ।

চিংকু পাঠানৰে সম্পৰ্ক থকা ড্ৰাগছ ব্যৱসায়ীৰ বিৰুদ্ধে পুণেত NCBৰ অভিযান

author img

By

Published : Jan 23, 2021, 7:24 PM IST

নেশ্যনেল ডেস্ক, ২৩ জানুৱাৰী: ডাউদ ইব্ৰাহীমৰ অন্যতম সহযোগী হিচাপে জনাজাত চিংকু পাঠানৰ নিৰ্দেশত চলা ড্ৰাগছৰ সকলো বেহা বন্ধ কৰাৰ বাবে তৎপৰ হৈ পৰিছে নাৰ্ক'টিক্স কন্ট্ৰ'ল ব্যুৰ' । শনিবাৰে নাৰ্ক'টিক্স কন্ট্ৰ'ল ব্যুৰ'ই পুণেৰ ভিৱান্দিত অভিযান চলায় । অভিযানৰ সময়ত এখন গহণাৰ দোকানৰ পৰা মেফেড্ৰ'ন নামৰ ড্ৰাগছ জব্দ হয় । ইয়াৰ পিছতে অভিযানকাৰী দলটোৱে গহণাৰ দোকানৰ স্বত্বাধিকাৰীক গ্ৰেপ্তাৰ কৰে ।

শুক্ৰবাৰে মুম্বাইৰ ডংৰী অঞ্চলৰ পৰা নাৰ্ক'টিক্স কন্ট্ৰ'ল ব্যুৰ'ই চিংকু পাঠানৰ দলৰ আন এজন সদস্যক গ্ৰেপ্তাৰ কৰিছিল আৰু মেফেড্ৰ'ন ড্ৰাগছ জব্দ কৰে । নাৰ্ক'টিক্স কন্ট্ৰ'ল ব্যুৰ'ই প্ৰকাশ কৰা মতে, অভিযানত উদ্ধাৰ হোৱা চিংকু পাঠানৰ দিনলিপিত ২০টা ড্ৰাগছ সৰবৰাহকাৰীৰ নাম উল্লেখ আছিল ।

ড্ৰাগছৰ অবৈধ বেহাৰ জৰিয়তে উপাৰ্জন কৰা ধন ৰাষ্ট্ৰ বিৰোধী কাৰ্য-কলাপত ব্যৱহৃত হৈছিল । লগতে নাৰ্ক'টিক্স কন্ট্ৰ'ল ব্যুৰ'ই কয় যে, গেংষ্টাৰ চিংকু পাঠানৰ বিৰুদ্ধে লাভ কৰা সকলো তথ্য এনফ'ৰ্চমেণ্ট ডাইৰেক্ট'ৰেট আৰু ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থাকো যোগান ধৰা হ'ব ।

লগতে পঢ়ক:জয় শ্ৰী ৰাম ধ্বনিৰে মমতাক আদৰণি: ভাষণ প্ৰদান কৰিবলৈ অস্বীকাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.