নেশ্যনেল ডেস্ক, ১৬ মাৰ্চ : দিন বেয়া চলিছে পঞ্জাৱ কংগ্ৰেছৰ । বিগত নিৰ্বাচনত শোচনীয়ভাৱে পৰাজিত হৈছে শাসনত থকা দলটো । তাৰ পাছতে দেশজুৰি ব্যাপক চৰ্চা চলিছে । পঞ্জাৱৰ কংগ্ৰেছ নেতাসকলৰ মাজতো আৰম্ভ হৈছে বিবাদ ।
এই বিবাদৰ মাজতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি পদৰ পৰা পদত্যাগ কৰিলে নৱজ্যোৎ সিং সিদ্ধুৱে (Navjot Singh Sidhu resigns as Punjab Chief) । বুধবাৰে হাই কমাণ্ডক পদত্যাগ পত্ৰ প্ৰদান কৰে নেতাগৰাকীয়ে ।
-
As desired by the Congress President I have sent my resignation … pic.twitter.com/Xq2Ne1SyjJ
— Navjot Singh Sidhu (@sherryontopp) March 16, 2022 " class="align-text-top noRightClick twitterSection" data="
">As desired by the Congress President I have sent my resignation … pic.twitter.com/Xq2Ne1SyjJ
— Navjot Singh Sidhu (@sherryontopp) March 16, 2022As desired by the Congress President I have sent my resignation … pic.twitter.com/Xq2Ne1SyjJ
— Navjot Singh Sidhu (@sherryontopp) March 16, 2022
উল্লেখ্য যে, শেহতীয়াকৈ ঘোষণা কৰা ৫ খন ৰাজ্যৰ বিধানসভা নিৰ্বাচনত (Assembly election results in 5 states) শোচনীয়ভাৱে পৰাজয় ঘটিছিল কংগ্ৰেছৰ । তাৰ পাছতে উক্ত ৰাজ্যসমূহৰ প্ৰদেশ কংগ্ৰেছ কমিটী পুনৰ গঠনৰ বাবে সিদ্ধান্ত লৈছিল শীৰ্ষ নেতৃত্বই ।
মঙলবাৰে কংগ্ৰেছৰ অধ্যক্ষা ছোনিয়া গান্ধীয়ে উক্ত ৰাজ্যসমূহৰ সভাপতিসকলক পদত্যাগ কৰিবলৈ আহ্বান জনাইছিল । সেই আহ্বানৰ প্ৰতি সঁহাৰি জনাই পদত্যাগ কৰে নেতাগৰাকীয়ে । টুইটযোগে পদত্যাগৰ কথা প্ৰকাশ কৰি নেতাগৰাকীয়ে সদৰী কৰিছে যে, কংগ্ৰেছৰ অধ্যক্ষা ছোনিয়া গান্ধীয়ে বিচৰাধৰণে তেওঁ পদত্যাগ কৰিছে ।
লগতে পঢ়ক : কোন বহিব মণিপুৰৰ ৰাজ সিংহাসনত ?