ETV Bharat / bharat

নাৰদা কেলেংকাৰী: মুকুল ৰয় আৰু পোদ্দাৰৰ বিৰুদ্ধে কোনো তথ্য নাপালে চিবিআইয়ে - নাৰদা ষ্টিং টেপ গোচৰ

2014 চনৰ নাৰদা ষ্টিং টেপ গোচৰত অভিযুক্ত মুকুল ৰয় আৰু অপৰুপা পোদ্দাৰৰ বিৰুদ্ধে চিবিআইৰ হাতত এতিয়ালৈকে কোনো তথ্য আহি পৰা নাই ৷ ইফালে দুবছৰ ধৰি লোকসভাৰ অধ্যক্ষৰ ওচৰত বিচাৰাধীন হৈ আছে শুভেন্দু অধিকাৰীকে ধৰি অন্য চাৰি গৰাকীৰ বিৰুদ্ধে গোচৰ চলাবলৈ বিচৰা অনুমোদন ৷

cbi found nothing against mukul roy and poddar
নাৰদা কেলেংকাৰী
author img

By

Published : May 19, 2021, 12:32 PM IST

নেচনেল ডেস্ক,19 মে': তৃণমূল কংগ্ৰেছৰ পৰা বিজেপিলৈ গমন কৰা মুকুল ৰয়ৰ লগতে তৃণমূল কংগ্ৰেছৰ সদস্য অপৰুপা পোদ্দাৰৰ বিৰুদ্ধে 2014 চনৰ নাৰদা ষ্টিং টেপ গোচৰত চিবিআইয়ে বৰ্তমানলৈকে কোনো ধৰণৰ তথ্য লাভ কৰিবলৈ সক্ষম হোৱা নাই ৷ ইফালে একেটা গোচৰতে অভিযুক্ত শুভেন্দু অধিকাৰীকে ধৰি অন্য চাৰি গৰাকীৰ বিৰুদ্ধে গোচৰ চলোৱাৰ উদ্দেশ্যে বিচৰা অনুমোদন আজি পৰ্যন্ত লোকসভা অধ্যক্ষৰ ওচৰতে বিচাৰাধীন হৈ আছে ৷ মঙলবাৰে সংশ্লিষ্ট বিষয়াই এই কথা সদৰী কৰে ৷

অৱশ্যে, ৰয় আৰু পোদ্দাৰৰ বিৰুদ্ধে তদন্ত এতিয়াও অব্যাহত আছে আৰু অভিযুক্ত দুয়ো গৰাকীকে কোনো ধৰণৰ ক্লীনশ্বিট প্ৰদান কৰা হোৱা নাই বুলি তেওঁলোকে জানিবলৈ দিয়ে ৷ সংশ্লিষ্ট বিষয়াই জানিবলৈ দিয়া মতে, ঘটনাটো সংঘটিত হোৱাৰ সময়ত নিম্ন সদনৰ সদস্য হৈ থকাৰ পৰিপ্ৰেক্ষিতত শুভেন্দু অধিকাৰী, সৌগত ৰয়, কাকলি ঘোষ দস্তিদাৰ আৰু প্ৰসুন বেনাৰ্জীৰ বিৰুদ্ধে গোচৰ চলোৱাৰ বাবে অনুমোদন বিচাৰি চিবিআইয়ে 2019 চনৰ 6 এপ্ৰিলতে লোকসভাৰ অধ্যক্ষলৈ পত্ৰ প্ৰেৰণ কৰিছিল ৷

উল্লেখ্য যে, পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ অন্যতম ঘনিষ্ঠ তথা বিশ্বাসী শুভেন্দু অধিকাৰীয়ে 2020 বৰ্ষত বিজেপিত যোগদান কৰিছিল ৷ পশ্চিমবংগৰ বিধানসভা নিৰ্বাচনত নন্দীগ্ৰাম সমষ্টিৰ পৰা খুউব কম ব্যৱধানত মমতা বেনাৰ্জীৰ বিৰুদ্ধে জয়লাভ কৰিছিল ৷ অধিকাৰী বৰ্তমান ৰাজ্যিক বিধানসভাত বিৰোধীৰ দলপতি পদত অধিষ্ঠিত হৈ আছে ৷

লগতে পঢ়ক: নাৰদা কেলেংকাৰীৰ ইতিবৃত্ত

2014 চনত নাৰদা টিভি নিউজ চেনেলৰ পৰা মেথিউ চেমুৱেল নামৰ এগৰাকী সাংবাদিকে চলোৱা ষ্টিং অপাৰেচনত তৃণমূল কংগ্ৰেছৰ মন্ত্ৰী, সাংসদ আৰু বিধায়ক সকলক অনুগ্ৰহৰ বিনিময়ত উৎকোচ লোৱা দেখা গৈছিল ৷ এই ষ্টিং অপাৰেচনৰ ভিডিঅ' 2016 ৰ পশ্চিমবংগ নিৰ্বাচনৰ ঠিক প্ৰাকমুহুৰ্তত এৰি দিয়া হৈছিল ৷ অৱশ্যে নিৰ্বাচনত এই ভিডিঅ'ই বিশেষ প্ৰভাৱ পেলাবলৈ সক্ষম হোৱা নাছিল আৰু মমতা বেনাৰ্জী নেতৃত্বাধীন তৃণমূল কংগ্ৰেছেই পুনৰ শাসনত অধিষ্ঠিত হৈছিল ৷

অৱশ্যে, 7 মে' ত ৰাজ্যপালে তেওঁলোকৰ বিৰুদ্ধে গোচৰ চলাবলৈ অনুমোদন দিয়াৰ লগে লগে সোমবাৰে তদন্তকাৰী সংস্থাটোৱে মন্ত্ৰী ফিৰহাদ হাকিম আৰু সুব্ৰত মুখাৰ্জী, তৃণমূল কংগ্ৰেছৰ বিধায়ক মদন মিত্ৰ আৰু তৃণমূল কংগ্ৰেছৰ প্ৰাক্তন নেতা তথা কলকাতাৰ পূৰ্বৰ মেয়ৰ শোভন চেটাৰ্জীক গ্ৰেপ্তাৰ কৰে ৷ জামিনত বাহিৰলৈ ওলোৱা আইপিএছ বিষয়া এচ এম এইছ মিৰ্জাও অভিযুক্তসকলৰ মাজৰ এজন ৷

সংশ্লিষ্ট বিষয়াই জানিবলৈ দিয়া মতে, গোচৰত চিবিআইয়ে উল্লেখ কৰা 13 গৰাকী অভিযুক্তৰ ভিতৰত 2017 চনৰ নৱেম্বৰত বিজেপিত যোগদান কৰা মুকুল ৰয় আৰু আৰমবাগৰ সাংসদ তথা তৃণমূল কংগ্ৰেছৰ নেতা পোদ্দাৰৰ বিৰুদ্ধে গোচৰৰ অনুমোদন বিচৰা হোৱা নাছিল ৷

লগতে পঢ়ক: আইএনএক্স মিডিয়া গোচৰ: উচ্চ ন্যায়ালয়ে জাৰি কৰিলে স্থগিতাদেশ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.