ETV Bharat / bharat

Youtube ৰ পৰা বোমা বনাবলৈ শিকি বিপদত নাগপুৰৰ যুৱক

author img

By

Published : Jun 14, 2021, 6:28 AM IST

নাগপুৰৰ ৰাহুল যুৱৰাজ পাগাদে নামৰ এজন যুৱকে Youtube ত বোমা বনোৱাৰ কৌশল শিকি নিজে ঘৰতে প্ৰস্তুত কৰিলে এটা বোমা । কিন্তু বোমাটো নিস্ক্ৰিয় কৰিব নোৱাৰি আৰক্ষীৰ কাষ চাপিল যুৱকজন ।

bomb
Youtubeৰ পৰা বোমা বনাবলৈ শিকি বিপদত নাগপুৰৰ যুৱক

নেশ্যনেল ডেস্ক,14 জুন : লক ডাউনৰ সময়চোৱাত বিভিন্ন বিষয় শিকাৰ বাবে বহুতে ব্যৱহাৰ কৰিছে সামাজিক মাধ্যম । ইউ টিউবৰ জৰিয়তে বহুতে বাগিচা সজ্জা, গৃহ সজ্জাৰ সামগ্ৰী প্ৰস্তুত আদিৰ প্ৰশিক্ষণ লোৱা দেখা গৈছে । কিন্তু নাগপুৰৰ এজন যুৱকৰ আজৱ কাণ্ড । তেওঁ ইউ টিউবৰ (Youtube) জৰিয়তে শিকিছে বোমা প্ৰস্তুত কৰিবলৈ । ঘৰতে বোমা বনোৱা শিকিলে যদিও বিপদত পৰিলে যুৱকজন । বোমা প্ৰস্তুত কৰি নিস্ক্ৰিয় কৰিবলৈ নোৱাৰি হাহাকাৰ লাগিল যুৱকজনৰ । অৱশেষত স্থানীয় থানাত বোমা সহিতে উপস্থিত হ'ল যুৱকজন ।

এই ঘটনা নন্দনবন থানাৰ অন্তৰ্গত চাইবাবা নগৰৰ ঘটনা । যুৱকজনৰ নাম ৰাহুল যুৱৰাজ পাগাদে । ২৫ বছৰীয়া যুৱকজনে অৱশেষত বোমা নিস্ক্ৰিয় কৰিবলৈ আৰক্ষীৰ সহায় বিচাৰি উপস্থিত হ'ল নন্দনবন আৰক্ষী থানাত । যুৱকজনৰ হাতত বোমা দেখি উত্তেজনাময় পৰিৱেশৰ সৃষ্টি হয় থানাত ।

অৱশ্যে যুৱকজনে প্ৰথমে থানাত সেই বোমাটো ৰাষ্টাত উদ্ধাৰ কৰা বুলি কৈছিল । কিন্তু আৰক্ষীৰ সন্দেহ হোৱাত সোধ-পোছ কৰাত যুৱকজনে ইউ টিউবত চাই বোমাটো প্ৰস্তুত কৰাৰ কথা স্বীকাৰ কৰে । অৱশ্যে পৰৱৰ্তী সময়ত বোমা বিশেষজ্ঞ(Bomb Disposal Squad) খবৰ দিয়া হয় আৰু বোমাটো নিস্ক্ৰিয় কৰা হয় ।

লগতে পঢ়ক: দিল্লীত আনলক : সমাপ্ত হ’ব যুগ্ম-অযুগ্ম পদ্ধতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.