ETV Bharat / bharat

মুম্বাইত সাধাৰণ লোকৰ বাবে স্থানীয় ৰে'ল সেৱা আৰম্ভ

author img

By

Published : Feb 1, 2021, 1:06 PM IST

Updated : Feb 1, 2021, 1:42 PM IST

সোমবাৰৰ পৰা মুম্বাইত সাধাৰণ ৰাইজৰ বাবে পুনৰ আৰম্ভ হৈছে স্থানীয় ৰে'ল সেৱা । বিগত বৰ্ষত COVID-১৯ মহামাৰীৰ বাবে চৰকাৰে লকডাউন ঘোষণা কৰাৰ সময়ৰ পৰাই মুম্বাইৰ স্থানীয় ৰে'ল সেৱা বন্ধ হৈ আছিল । ২০১৯ চনৰ জুন মাহৰ পৰা পৰ্যায় ক্ৰমে স্থানীয় ৰে'ল সেৱা পুনৰ আৰম্ভ হৈছিল যদিও সাধাৰণ লোকক যাত্ৰা কৰিবলৈ অনুমতি দিয়া হোৱা নাছিল । প্ৰায় ৩২০ দিনৰ অন্তত সাধাৰণ লোকক ৰে'ল যাত্ৰাৰ বাবে অনুমতি দিয়া হৈছে ।

মুম্বাইত সাধাৰণ লোকৰ বাবে স্থানীয় ৰে'ল সেৱা আৰম্ভ
মুম্বাইত সাধাৰণ লোকৰ বাবে স্থানীয় ৰে'ল সেৱা আৰম্ভ

নেশ্যনেল ডেস্ক, ১ ফেব্ৰুৱাৰী: সুদীৰ্ঘ ১০ মাহৰ অন্তত আজিৰে পৰা সকলো শ্ৰেণীৰ লোকৰ বাবে মুম্বাইত স্থানীয় ৰে'ল সেৱা আৰম্ভ হৈছে । নিৰ্দিষ্ট কেইঘণ্টামানৰ বাবে সাধাৰণ লোকক স্থানীয় ৰে'লেৰে যাত্ৰা কৰাৰ অনুমতি প্ৰদান কৰা হৈছে । কেন্দ্ৰীয় ৰে'লৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া শিৱাজী সুটাৰে জনোৱা মতে, ৰে'ল যাত্ৰাৰ সময়ত হ'ব পৰা ভিৰ নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীৰ সহায় লোৱা হৈছে । লগতে যাত্ৰীৰ সুবিধাৰ্থে সকলো প্ৰৱেশ আৰু প্ৰস্থান দ্বাৰ, টিকট কাউণ্টাৰ খোলা হৈছে ।

দিনটোৰ বাবে স্থানীয় ৰে'ল সেৱা আৰম্ভ হোৱাৰ সময়ৰে পৰা পুৱা ৭ বজালৈকে, দুপৰীয়া ১২ বজাৰ পৰা আবেলি ৪ বজালৈকে আৰু নিশা ৯ বজাৰ পৰা ৰে'ল সেৱা অন্ত পৰা সময়লৈকে সকলো লোককে যাত্ৰা কৰাৰ অনুমতি দিয়া হৈছে । আনহাতে, পুৱা ৭ বজাৰ পৰা দুপৰীয়া ১২ বজালৈ আৰু আবেলি ৪ বজাৰ পৰা নিশা ৯ বজালৈ কেৱল আৱশ্যকীয় সেৱাৰ কৰ্মচাৰী, মহাৰাষ্ট্ৰ চৰকাৰ আৰু ৰে'ল মন্ত্ৰালয়ে অনুমতি প্ৰদান কৰা লোকে স্থানীয় ৰে'লৰে যাত্ৰা কৰিব পাৰিব ।

মুখ্য জনসম্পৰ্কৰক্ষী বিষয়াগৰাকীয়ে কয় যে, যাত্ৰীসকলে ৰে'ল যাত্ৰাৰ সময়ত মাস্ক পৰিধান কৰাতো বাধ্যতামূলক আৰু COVID-১৯ প্ৰট'কল উলংঘা কৰা লোকসকলে জৰিমনা দিব লাগিব । বিগত বৰ্ষত COVID-১৯ মহামাৰীৰ বাবে চৰকাৰে লকডাউন ঘোষণা কৰাৰ সময়ৰ পৰাই মুম্বাইৰ স্থানীয় ৰে'ল সেৱা বন্ধ হৈ আছিল । পিছত একেটা বছৰৰে ১৫ জুনৰ পৰা পৰ্যায় ক্ৰমে স্থানীয় ৰে'ল সেৱা পুনৰ আৰম্ভ হৈছিল যদিও সাধাৰণ লোকক যাত্ৰা কৰিবলৈ অনুমতি দিয়া হোৱা নাছিল । কেৱল আৱশ্যকীয় সেৱাৰ কৰ্মচাৰীয়েহে যাত্ৰা কৰিব পাৰিছিল । পিছত মহিলাসকলকো যাত্ৰাৰ অনুমতি দিয়া হৈছিল ।

অৱশেষত, প্ৰায় ৩২০ দিনৰ অন্তত সাধাৰণ লোকক ৰে'ল যাত্ৰাৰ বাবে অনুমতি দিয়া হৈছে । বৰ্তমান সকলো ব্যৱসায়িক টিকট কাউণ্টাৰৰ লগতে স্বয়ংক্ৰিয় টিকট ভেণ্ডিং মেচিনো খোলা হৈছে । আনহাতে, সধাৰাণতে যাত্ৰীৰ অত্যাধিক ভিৰ হোৱা ষ্টেছনসমূহত আৰক্ষী-নিৰাপত্তাৰক্ষী মোতায়েন কৰা হৈছে । বৰ্তমান মুম্বাইত ২,৯৮৫ খন স্থানীয় ৰে'লৰ চলাচল অব্যাহত আছে ।

লগতে পঢ়ক:2021-22 বৰ্ষৰ দেশৰ সাধাৰণ বাজেট দাখিল বিত্তমন্ত্ৰীৰ

Last Updated : Feb 1, 2021, 1:42 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.