ETV Bharat / bharat

আইপিএছ বিষয়া ৰশ্মি শুক্লাক মুম্বাই আৰক্ষীৰ চমন জাৰি - ফোন টেপিং গোচৰ: মুম্বাই আৰক্ষীৰ চমন জাৰি আইপিএছ বিষয়া ৰশ্মি শুক্লাক

মুম্বাই আৰক্ষীয়ে ফোন টেপিং বিতৰ্কৰ সন্দৰ্ভত আইপিএছ বিষয়া ৰশ্মি শুক্লাক জাৰি কৰিছে চমন ৷ আইপিএছ বিষয়া ৰশ্মি শুক্লাৰ লগতে এই কাণ্ডত নাম সাঙুৰ খাইছে বিজেপি নেতা দেৱেন্দ্ৰ ফাড়নাৱিছৰ ৷

মুম্বাই আৰক্ষীৰ চমন জাৰি আইপিএছ বিষয়া ৰশ্মি শুক্লাক

author img

By

Published : Apr 27, 2021, 1:07 PM IST

নেশ্যনেল ডেস্ক,27 এপ্ৰিল: ফোন টেপিঙৰ এক বিতৰ্কৰ সন্দৰ্ভত মুম্বাই আৰক্ষীয়ে আইপিএছ বিষয়া ৰশ্মি শুক্লাক আৰক্ষী চকীত হাজিৰ হোৱাৰ বাবে চমন জাৰি কৰিছে ৷

মহাৰাষ্ট্ৰৰ মুখ্য সচিব সীতাৰাম কুন্তে তেওঁৰ তথ্য অনুসন্ধান প্ৰতিবেদনত উল্লেখ কৰা অনুসৰি, আইপিএছ বিষয়া ৰশ্মি শুক্লাই মহাৰাষ্ট্ৰ আৰক্ষী বিভাগত থকাৰ সময়তে বিজেপি নেতা দেৱেন্দ্ৰ ফাড়নাৱিছৰ বদলিকৰণৰ ক্ষেত্ৰত এক গোপনীয় পত্ৰ ৰাজহুৱা কৰাৰ সন্দেহ প্ৰকাশ কৰা হৈছে ৷ কিন্তু বিজেপি নেতা গৰাকীয়ে অভিযোগ কৰা অনুসৰি, মহাৰাষ্ট্ৰৰ মুখ্য সচিবে মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰেক এই সম্বন্ধে এক প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ জাৰি কৰিছিল ৷ যেতিয়া বিজেপি নেতা দেৱেন্দ্ৰ ফাড়নাৱিছে অভিযোগ উত্থাপন কৰিছিল যে, চৰকাৰে 'বদলিকৰণৰ কেলেংকাৰী'ৰ সন্দৰ্ভত কৰা ফোনৰ ওপৰত আধাৰিত কৰি শুক্লাৰ পত্ৰ বা প্ৰতিবেদন দাখিল কৰিছিল ।

প্ৰাপ্ত তথ্য অনুসৰি, আইপিএছ বিষয়া ৰশ্মি শুক্লাই ৰাজহুৱা কৰা পত্ৰখন ছীল মৰাৰ উপৰিও সেই গোপন পত্ৰৰ লগত আছিল এটা পেনড্ৰাইভ ৷ মুম্বাই আৰক্ষীয়ে জনোৱা মতে, যিটো পেনড্ৰাইভত আছিল বহু গুৰুত্বপূৰ্ণ তথ্য ৷ কিন্তু জানিব পৰা মতে, আইপিএছ বিষয়া ৰশ্মি শুক্লাই সেই পত্ৰৰ লগত পেনড্ৰাইভ থকাটো অস্বীকাৰ কৰে ৷

লগতে পঢ়ক: মহাৰাষ্ট্ৰত উপস্থিত দ্বিতীয়খন অক্সিজেন এক্সপ্ৰেছ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.