চিটাৰা ডেস্ক, 19 জানুৱাৰী: ড্ৰামা কুইন ৰাখী সাৱন্তক বৃহস্পতিবাৰে আম্বোলি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে(Mumbai police detains actress Rakhi Sawant) । শ্বেৰলিন চোপ্ৰাই ৰুজু কৰা এটা গোচৰৰ ভিত্তিত আম্বোলি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৰাখীক ৷ ৰাখীক গ্ৰেপ্তাৰৰ পাছত শ্বেৰলিনে নিজেই টুইট কৰি এই তথ্য প্ৰকাশ কৰে । শ্বেৰলিনে অভিযোগ কৰা অনুসৰি, ৰাখীয়ে তেওঁৰ আপত্তিজনক ভিডিঅ' ভাইৰেল কৰিছিল ৷
শ্বেৰলিনে টুইটত উল্লেখ কৰা অনুসৰি, আম্বোলি আৰক্ষীয়ে 833/2022 এজাহাৰৰ ভিত্তিত ৰাখী সাৱন্তক গ্ৰেপ্তাৰ কৰিছে(Rakhi Sawant arrested) । বুধবাৰে ৰাখী সাৱন্তৰ এবিএ 1870/2022 মুম্বাই সত্ৰ আদালতে নাকচ কৰিছিল । শ্বেৰলিনে জানিবলৈ দিয়া অনুসৰি, তেওঁ ৰাখী সাৱন্তৰ বিৰুদ্ধে 2022 চনৰ 8 নৱেম্বৰত গোচৰ ৰুজু কৰিছিল(Sherlyn Chopra Complaint against Rakhi Sawant) ৷
ৰাখীৰ গ্ৰেপ্তাৰক লৈ ভাতৃ ৰাকেশ সাৱন্তৰ প্ৰতিক্ৰিয়া
ইফালে ৰাখীক গ্ৰেপ্তাৰৰ পাছতেই এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে তেওঁৰ ভাতৃ ৰাকেশ সাৱন্তে ৷ ৰাকেশ সাৱন্তে এইবাৰ শ্বেৰলিনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ কথা জানিবলৈ দিয়ে ৷ ৰাকেশে কয় যে, তেওঁৰ ভগ্নীয়ে কোনো ডাঙৰ অপৰাধ কৰা নাই, সেয়েহে তেওঁ ভয় নকৰে ।
পুলিচে ফোন কৰাৰ সময়ত ৰাখী সাৱন্ত কিয় যাব নোৱাৰিলে ?
সংবাদ মাধ্যমক দিয়া এক সাক্ষাৎকাৰত ৰাখী সাৱন্তৰ ভাতৃ ৰাকেশ সাৱন্তে কয়, 'আৰক্ষীয়ে দিয়া সময়ত আৰক্ষী থানালৈ যাব নোৱাৰাৰ বাবে ৰাখীক গ্ৰেপ্তাৰ কৰা হৈছে । ৰাখীৰ ভাতৃয়ে আৰু কয়, "এইটো শ্বেৰলিন আৰু ৰাখীৰ মাজত কেইবাটাও ব্যক্তিগত বিষয় আছিল, সেই বিষয়বোৰক লৈ দুয়োৰে মাজত বিবাদ আছে ৷ হয়তো ৰাখীক আৰক্ষীয়ে তলৱ কৰিছিল, কিন্তু তেওঁৰ মাতৃৰ স্বাস্থ্য বেয়া হোৱাৰ বাবে তেওঁ যাব নোৱাৰিলে ।"
শ্বেৰলিন চোপ্ৰাক প্ৰত্যাহ্বান ৰাখীৰ ভাতৃৰ
উল্লেখ্য যে, ৰাকেশ সাৱন্ত বৰ্তমান তেওঁৰ অসুস্থ মাতৃৰ লগত আছে । ৰাকেশে ৰাখীৰ সৈতে পৰিয়াল, অধিবক্তা আৰু তেওঁৰ স্বামী আদিল খান আছে বুলি জানিবলৈ দিয়ে । ৰাকেশে লগতে ভগ্নী ৰাখীক 'মহাৰাষ্ট্ৰৰ জান' বুলি অভিহিত কৰে । শ্বেৰলিনৰ সন্দৰ্ভত ৰাকেশে কয়, 'শ্বেৰলিন, আপুনি বাহিৰৰ পৰা আহিছে, ইয়াত আপোনাৰ জন্ম নেকি ? আমাৰ সমান আপোনাৰ সামৰ্থ আছেনে ? উদ্যোগটোলৈ আহিবলগীয়া নৱপ্ৰজন্মৰ ওপৰত ইয়াৰ কি প্ৰভাৱ পৰিব ?
ৰাখী সাৱন্তক কিয় গ্ৰেপ্তাৰ কৰা হৈছিল ?
শ্বেৰলিন চোপ্ৰাই 2022 চনৰ 8 নৱেম্বৰত ৰাখী সাৱন্তৰ বিৰুদ্ধে এটা অভিযোগ দাখিল কৰিছিল, যাৰবাবে ৰাখী সাৱন্তৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধি আইন আৰু তথ্য প্ৰযুক্তি আইনৰ কেইবাটাও ধাৰাৰ অধীনত গোচৰ ৰুজু কৰা হৈছিল । শ্বেৰলিনে তেওঁৰ অভিযোগত আৰক্ষীক কৈছিল যে ৰাখীয়ে এখন সংবাদমেলত তেওঁৰ (শ্বেৰলিন চোপ্ৰা) এটা আপত্তিজনক ভিডিঅ' দেখুৱাইছিল আৰু তেওঁৰ বাবে অসংবিধানিক শব্দ ব্যৱহাৰ কৰিছিল ।
লগতে পঢ়ক: Sinnar Tehsildar notice to Aishwarya Rai : মিছ ৱৰ্ল্ড ঐশ্বৰ্য ৰায়লৈ ৰাজহ বিভাগৰ জাননী