ETV Bharat / bharat

মুখতাৰ আনছাৰীক উত্তৰ প্ৰদেশৰ বান্দা কাৰাগাৰলৈ প্ৰেৰণ - Banda Jail UP

বিএছপি নেতা মুখতাৰ আনছাৰীক উত্তৰ প্ৰদেশৰ বান্দা কাৰাগাৰলৈ প্ৰেৰণ ৷ বিএছপি বিধায়ক মুখতাৰ আনছাৰী ২০১৯ চনৰ পৰা পঞ্জাৱৰ ৰোপাৰ কাৰাগাৰত বন্দী হৈ আছিল ৷ বুধবাৰে নিশা উত্তৰ প্ৰদেশ আৰক্ষীৰ কনভয় বান্দাত উপস্থিত হয় আৰু বিএছপি বিধায়ক মুখতাৰ আনছাৰীক পঞ্জাৱৰ ৰোপাৰ কাৰাগাৰৰ পৰা উত্তৰ প্ৰদেশৰ বান্দা কাৰাগাৰলৈ স্থানান্তৰ কৰা হয় ।

mukhtar-ansari-brought-to-banda-jail-from-punjab
বিএছপি নেতা মুখতাৰ আনছাৰীক উত্তৰ প্ৰদেশৰ বান্দা কাৰাগাৰলৈ প্ৰেৰণ
author img

By

Published : Apr 7, 2021, 9:40 PM IST

নেশ্যনেল ডেস্ক,7 এপ্ৰিল: বিএছপিৰ শক্তিশালী নেতা মুখতাৰ আনছাৰীক অৱশেষত পঞ্জাৱৰ পৰা উত্তৰ প্ৰদেশৰ বান্দা কাৰাগাৰলৈ অনা হৈছে । তীব্ৰ নিৰাপত্তাৰ মাজতে উত্তৰ প্ৰদেশ আৰক্ষীৰ দলটো মুখতাৰ আনছাৰীৰ সৈতে নিশা বান্দাত উপস্থিত হয় । বিএছপি বিধায়ক মুখতাৰ আনছাৰী ২০১৯ চনৰ পৰা পঞ্জাৱৰ ৰোপাৰ কাৰাগাৰত বন্দী হৈ আছিল । বুধবাৰে নিশা উত্তৰ প্ৰদেশ আৰক্ষীৰ কনভয় বান্দাত উপস্থিত হয় আৰু অৱশেষত বিএছপি বিধায়ক মুখতাৰ আনছাৰীক পঞ্জাৱৰ ৰোপাৰ কাৰাগাৰৰ পৰা উত্তৰ প্ৰদেশৰ বান্দা কাৰাগাৰলৈ স্থানান্তৰ কৰা হয় ।

মুখতাৰ আনছাৰীক বান্দা কাৰাগাৰলৈ অনাৰ পৰিপ্ৰেক্ষিতত মঙলবাৰে নিশা লক্ষ্ণৌৰ মুখ্যমন্ত্ৰীৰ বাসভৱনত মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ নেতৃত্বত এখন উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হয় । বৈঠকত মুখ্যমন্ত্ৰীয়ে মুখতাৰ আনছাৰীক বান্দা কাৰাগাৰৰ ভিতৰত কোনো অতিৰিক্ত সুবিধা প্ৰদান কৰিব নালাগে বুলি উল্লেখ কৰি কয় যে তেওঁক কাৰাগাৰত সাধাৰণ বন্দীৰ দৰে ব্যৱহাৰ কৰিব লাগে । নিৰাপত্তাজনিত কাৰণত ৰাজ্যখনৰ ভালেমান জিলাত প্ৰশাসনে হাই এলাৰ্ট জাৰি কৰিছে ৷

লগতে পঢ়ক : কোব্ৰা জোৱানৰ মুক্তিৰ বাবে মধ্যস্থতাকাৰীৰ দাবী নক্সালবাদীৰ

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.