ETV Bharat / bharat

জাতীয় পতাকাৰ ৰঙেৰে উদ্ভাসিত হ’ল মুকেশ আম্বানীৰ বাসগৃহ এন্টিলিয়া - 76 সংখ্যক স্বাধীনতা দিৱস

২০২২ চনৰ স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত মুম্বাইত থকা নিজৰ বিলাসী বাংলো ‘এন্টিলিয়া’ক (Mukesh Ambani's house name) ত্ৰিৰংগালৈ ৰূপান্তৰিত কৰিলে দেশৰ বৃহত্তম উদ্যোগপতি মুকেশ আম্বানীয়ে ।

Mukesh Ambani'
মুকেশ আম্বানীৰ ঘৰ জিলিকিল তিনিৰঙী জাতীয় পতাকাৰ ৰঙেৰে
author img

By

Published : Aug 15, 2022, 1:58 PM IST

চিটাৰা ডেস্ক, 15 আগষ্ট : স্বাধীনতাৰ গৌৰৱময় 75 টা বছৰ অতিক্ৰম কৰাৰ ক্ষণত ভাৰত চৰকাৰে এইবাৰ স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি ‘আজাদী কা অমৃত মহোৎসৱ ২০২২’ ৰ অধীনত ‘ঘৰে ঘৰে জাতীয় পতাকা’ অভিযান আৰম্ভ কৰে ৷ ভাৰত চৰকাৰে সকলো জনসাধাৰণকে Har Ghar Tiranga অভিযানত যোগদান কৰিবলৈ আহ্বান জনাইছে । সাধাৰণ মানুহৰ পৰা নামী-দামী তাৰকা, উদ্যোগপতি সকলোৱে অংশ লৈছে এই অভিযানত ৷

সকলোৰে ঘৰে ঘৰে উৰিছে একো একোখনকৈ জাতীয় পতাকা ৷ কিন্তু অভিযানৰ মাজতে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে ভাৰতৰ বিশিষ্ট উদ্যোগপতি মুকেশ আম্বানীৰ বাসগৃহই ৷ মুকেশ আম্বানীয়ে মুম্বাইত থকা নিজৰ বিলাসী বাংলো ‘এন্টিলিয়া’ক ত্ৰিৰংগালৈ ৰূপান্তৰিত কৰিছে (Mukesh Ambani's house name)। তিনি বৰণীয়া জাতীয় পতাকাখনৰ ৰঙেৰে অতি বিলাসী আৰু সুন্দৰ শৈলীৰে সজাই পৰাই তোলা হৈছে ‘এন্টিলিয়া’ক ৷ এতিয়া দূৰ-দূৰণিৰ পৰা মানুহ আহিছে মুকেশ আম্বানীৰ বাংলো চাবলৈ ৷

ত্ৰিৰঙী লাইটেৰে সজাই তোলা মুকেশ আম্বানীৰ বাংলো এন্টিলিয়াৰ ফটো আৰু ভিডিঅ’ ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত । স্বাধীনতা দিৱস উপলক্ষে সমগ্ৰ আম্বানী পৰিয়ালে দেশৰ স্বাধীনতা উদযাপন কৰিছে ।

ইয়াৰ উপৰিও এন্টিলিয়া অভিমুখী পথবোৰো জাতীয় পতাকাৰ ৰঙৰ লাইট লগাই সেই পোহৰেৰে সজাই তোলা হৈছে । ভিডিঅ’টোত দেখা গৈছে অশোক চক্ৰক বহু লাইটেৰে প্ৰস্তুত কৰা হৈছে । ছ’চিয়েল মিডিয়াত ইউজাৰে মুকেশ আম্বানীৰ দেশভক্তিক প্ৰশংসা কৰিছে ৷

১৯৪৭ চনৰ ১৫ আগষ্টত আমাৰ দেশ ইংৰাজৰ কবলৰ পৰা মুক্ত হৈছিল । ১৯৪৭ চনৰ পৰা আজি ভাৰতে স্বাধীনতাৰ 75 বছৰ সম্পূৰ্ণ কৰি ভৰি থ’লে 76 বছৰত ৷ 76 সংখ্যক স্বাধীনতা দিৱস উদযাপন বাবে এইবাৰ চৰকাৰে আৰম্ভ কৰিছে ‘Har Ghar Tiranga’ অভিযান, য’ত প্ৰতিঘৰ মানুহে নিজৰ বাসগৃহত লগাইছে একোখনকৈ পতাকা ৷

লগতে পঢ়ক : বলীউড তাৰকাৰ স্বাধীনতা দিৱস উদযাপনৰ ফটো

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.