ETV Bharat / bharat

Reliance Jio : জিঅ'ৰ পৰা পদত্যাগ মুকেশ আম্বানিৰ, পুত্ৰ আকাশ নতুন অধ্যক্ষ

author img

By

Published : Jun 28, 2022, 7:37 PM IST

ৰিলায়েন্স জিঅ'ৰ পৰিচালন পৰিষদৰ পৰা পদত্যাগ মুকেশ আম্বানিৰ (Mukesh Ambani resigned from Reliance Jio) । ৰিলায়েন্স কোম্পানীৰ টেলিকম শাখা ৰিলায়েন্স জিঅ'ৰ বোৰ্ডৰ পৰা পদত্যাগ কৰাৰ কথা ঘোষণা কৰে দেশৰ শীৰ্ষস্থানীয় তথা বিশ্বৰ আগশাৰীৰ ধন কুবেৰজনে । লগতে কোম্পানীটোৰ শাসনভাৰ অৰ্পণ কৰিছে জ্যেষ্ঠ পুত্ৰ আকাশ আম্বানিৰ হাতত (Reliance Jio handed over to Akash Ambani)।

Akash Ambani
Akash Ambani

নিউজ ডেস্ক, ২৮ জুন : ৰিলায়েন্স জিঅ'ৰ পৰিচালন পৰিষদৰ পৰা পদত্যাগ মুকেশ আম্বানিৰ (Mukesh Ambani resigned from Reliance Jio) । ৰিলায়েন্স কোম্পানীৰ টেলিকম শাখা ৰিলায়েন্স জিঅ'ৰ বোৰ্ডৰ পৰা পদত্যাগ কৰাৰ কথা ঘোষণা কৰে দেশৰ শীৰ্ষস্থানীয় তথা বিশ্বৰ আগশাৰীৰ ধন কুবেৰজনে। লগতে কোম্পানীটোৰ শাসনভাৰ অৰ্পণ কৰিছে জ্যেষ্ঠ পুত্ৰ আকাশ আম্বানিৰ হাতত (Reliance Jio handed over to Akash Ambani)। উল্লেখ্য, 65 বছৰীয়া উদ্যোগপতিজনে তেওঁৰ উত্তৰাধিকাৰী হিচাবে পুত্ৰক প্ৰক্ষেপৰ পৰিকল্পনাৰ অংশ হিচাবেই এই পদক্ষেপ বুলি বিবেচনা কৰিছে অৰ্থনৈতিক বিশ্লেষকসকলে ।

ষ্টক এক্সচেঞ্জ পঞ্জীয়নত ৰিলায়েন্স জিঅ' ইনফ'কমে (Reliance Jio Infocomm) কয় যে কোম্পানীটোৰ পৰিচালন পৰিষদে ২৭ জুনত এক বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰে (New Chairman of Jio Akash Ambani) । "কোম্পানীটোৰ পৰিচালক মণ্ডলীৰ অধ্যক্ষ হিচাপে অনা-কাৰ্যবাহী সঞ্চালক আকাশ এম আম্বানিক নিযুক্তি দিয়াত অনুমোদন জনাইছে ।" বোৰ্ডৰ সিদ্ধান্তৰ কথা এনেদৰে উল্লেখ কৰা হৈছে ।

২৭ জুনত আকাশৰ পিতৃয়ে তেওঁৰ কৰ্ম সময় সমাপ্ত হোৱাৰ পিছৰে পৰা কাৰ্যকৰী হোৱাকৈ উক্ত পদবীৰ পৰা পদত্যাগ কৰাৰ কথাও উল্লেখ কৰা হৈছে । আনহাতে, অন্যান্য নিযুক্তিৰ ভিতৰত পংকজ মোহন পাৱাৰক 27 জুনৰ পৰা কাৰ্যকৰী হোৱাকৈ পাঁচ বছৰৰ বাবে কোম্পানীটোৰ পৰিচালন সঞ্চালক হিচাপে নিযুক্তি দিয়া হৈছে । ৰমিন্দৰ সিং গুজৰাল আৰু কেভি চৌধুৰীক স্বতন্ত্ৰ পৰিচালক হিচাপে নিযুক্তি দিয়া বুলিও লগতে কোৱা হৈছে ।

উল্লেখ্য, জিঅ' হৈছে এক ভাৰতীয় দূৰসংযোগ কোম্পানী আৰু জিঅ' প্লেটফৰ্মৰ এটা সহায়ক কোম্পানী । ইয়াৰ মুখ্য কাৰ্যালয় মহাৰাষ্ট্ৰৰ নৱী মুম্বাইত অৱস্থিত (Jio headquater in Navi Mumbai Maharashtra) । জিঅ'ই সৰ্বমুঠ ২২টা টেলিকম কেন্দ্ৰতে ৰাষ্ট্ৰীয় এলটিই নেটৱৰ্ক পৰিচালনা কৰে (Jio operates a national LTE network in 22 telecom circles) । জিঅ'ই বৰ্তমান 4 জি (4G) আৰু 4 জি+ সেৱা আগবঢ়াই আহিছে আৰু 5 জি (5G) আৰু 6 জি (6G) সেৱা প্ৰদান কৰাৰ বাবেও কাম কৰি আছে ।

জিঅ' আৰম্ভ হৈছিল 2015ৰ 27 ডিচেম্বৰত (Jio soft launched on 27 December 2015) । আনহাতে, 5 ছেপ্টেম্বৰ 2016 তাৰিখে ইয়াৰ সেৱা ৰাজহুৱাভাৱে উপলব্ধ হৈছিল । ই হৈছে ভাৰতৰ সৰ্ববৃহৎ মোবাইল নেটৱৰ্ক অপাৰেটৰ (largest mobile network operator in India) আৰু 42.62 কোটি (426.2 নিযুত)ৰো অধিক গ্ৰাহকৰ সৈতে বিশ্বৰ তৃতীয় সৰ্ববৃহৎ মোবাইল নেটৱৰ্ক অপাৰেটৰ (third largest mobile network operator in world) ।

ছেপ্টেম্বৰ 2019ত জিঅ'ই ফাইবাৰ (Jio fibre) সেৱা মুকলি কৰে । যিয়ে ঘৰুৱা ব্ৰডবেণ্ড, টেলিভিছন আৰু টেলিফোন সেৱা আগবঢ়াই আহিছে । ছেপ্টেম্বৰ 2020 লৈকে ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজে জিঅ' প্লেটফৰ্মত প্ৰায় 33% ইকুইটি অংশ বিক্ৰী কৰি 1.65 লাখ কোটি টকা (22 বিলিয়ন আমেৰিকান ডলাৰ) সংগ্ৰহ কৰিছে ।

লগতে পঢ়ক :সঞ্জয় ৰাউতক EDৰ চমন : EDক প্ৰত্যাহ্বান শিৱসেনাৰ সাংসদগৰাকীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.