ETV Bharat / bharat

Muharram procession in Kashmir : ৩৪ বছৰ পিছত কাশ্মীৰত মহৰমৰ শোভাযাত্ৰা

তিনিটা দশকৰ পিছত হাজাৰ হাজাৰ ইছলামধৰ্মী চিয়া সম্প্ৰদায়ৰ লোকে কাশ্মীৰত মহৰমৰ শোভাযাত্ৰাত অংশগ্ৰহণ কৰে ।

Muharram procession in Kashmir
Muharram procession in Kashmir
author img

By

Published : Jul 27, 2023, 2:13 PM IST

নিউজ ডেস্ক, ২৭ জুলাই : জম্মু-কাশ্মীৰলৈ ঘূৰি আহিছে শান্তিৰ পৰিৱেশ । যাৰ বাবে উপত্যকাটোত শেহতীয়াভাৱে বিভিন্ন কাৰ্যসূচী ৰূপায়ণৰ অনুমতি দিছে প্ৰশাসনে । তাৰেই এক নিদৰ্শন মহৰমৰ শোভাযাত্ৰা । জম্মু-কাশ্মীৰ প্ৰশাসনৰ এক গুৰুত্বপূৰ্ণ আৰু ঐতিহাসিক সিদ্ধান্তত গুৰুবজাৰৰ পৰা শ্ৰীনগৰৰ ডালগে'টলৈ তিনি দশকতকৈও অধিক সময়ৰ ব্যৱধানত চৰ্তসাপেক্ষে মহৰমৰ শোভাযাত্ৰাৰ অনুমতি দিয়ে ।

শ্ৰীনগৰ জিলা দণ্ডাধীশ আজাজ আছাদে বুধবাৰে জাৰি কৰা এক নিৰ্দেশত এই শোভাযাত্ৰাটোৰ অনুমতি পুৱা ৬ বজাৰ পৰা ৮ বজালৈ দুঘণ্টাৰ বাবে প্ৰদান কৰে । শোভাযাত্ৰাৰ সময়ত চিয়া সম্প্ৰদায়ৰ লোকসকলক শান্তি-শৃংখলা বৰ্তাই ৰাখিবলৈও কোৱা হয় ।

উল্লেখ্য, ১৯৮৯ চনত জম্মু আৰু কাশ্মীৰত উগ্ৰবাদৰ উদ্গীৰণৰ পিছত আইন-শৃংখলা পৰিস্থিতি ব্যাহত হোৱাৰ আশংকাৰ প্ৰতি লক্ষ্য ৰাখি মহৰমৰ শোভাযাত্ৰা নিষিদ্ধ কৰা হৈছিল । অৱশ্যে অনুচ্ছেদ ৩৭০ বাতিল হোৱাৰ পিছত শোভাযাত্ৰাৰ অনুমতি দিয়াৰ প্ৰশাসনৰ এই সিদ্ধান্তত উপত্যকাটোত শান্তি স্থাপনৰ বাবে এক গুৰুত্বপূৰ্ণ সাফল্য হিচাপে দেখা গৈছে ।

আনহাতে, চিয়া সম্প্ৰদায়ৰ লোক আৰু নেতাসকলে চৰকাৰৰ এই সিদ্ধান্তক আদৰণি জনাইছে । লগতে আশা কৰিছে যে মহৰমৰ ১০ তাৰিখে উলিয়াবলগা অন্তিম শোভাযাত্ৰাটোও অনুমোদিত হ'ব । ইফালে প্ৰশাসনৰ সিদ্ধান্তৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অল জম্মু-কাশ্মীৰ চিয়া এছোচিয়েচনৰ সভাপতি মৌলবী ইমৰান ৰেজা আনছাৰীয়ে ইমাম হুছেইনৰ সকলো ভক্তক শান্তিপূৰ্ণভাৱে ঐতিহাসিক জুলুচত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায় ।

"জম্মু-কাশ্মীৰ চৰকাৰে তিনি দশকৰ পিছত মহৰমৰ ৮ তাৰিখৰ শোভাযাত্ৰাৰ অনুমতি দিছে । মই ইমাম হুছেইনৰ সকলো অনুগামীক শান্তিপূৰ্ণভাৱে এই ঐতিহাসিক জুলুচত অংশগ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ । যিটোৱে সমগ্ৰ বিশ্বৰ বাবেই হুছেইনৰ বাৰ্তা প্ৰেৰণ কৰিব । আমাৰ ভক্তি প্ৰেম আৰু সহানুভূতিৰে প্ৰতিধ্বনিত হওক, যিহেতু আমি ইমাম হুছেইনৰ ত্যাগৰ কালজয়ী বাৰ্তা বহন কৰোঁ ।" জেকেৱাইৰ মহাসচিব তথা একেএছএৰ সভাপতি মৌলবী ইমৰান ৰেছা আনছাৰে এক বিবৃতিত কয় ।

লগতে পঢ়ক :Ganga aarti: বাৰাণসীত সলনি কৰা হৈছে গংগা আৰতিৰ স্থান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.