ETV Bharat / bharat

MP Urinating Case : মধ্যপ্ৰদেশৰ প্ৰস্ৰাৱ কাণ্ড; ভুক্তভোগীৰ বক্তব্যত নতুন মোৰ

সিধিৰ প্ৰস্ৰাৱ কাণ্ডত নতুন মোৰ । ভুক্তভোগীয়ে কৈছে যে ভিডিঅ'টোত দেখুওৱা ব্যক্তিজন তেওঁ নহয় । আনহাতে, বিজেপি নেতা প্ৰবেশ শুক্লাৰ পৰিয়ালে কৈছে যে ফুটেজটো পুৰণি ।

MP Urinating Case
MP Urinating Case
author img

By

Published : Jul 5, 2023, 3:14 PM IST

নিউজ ডেস্ক, ৫ জুলাই : মধ্যপ্ৰদেশৰ সিধিৰ প্ৰস্ৰাৱ কাণ্ডই এক নতুন মোৰ লৈছে । ঘটনাটোৰ ভুক্তভোগীয়ে ভাইৰেল ভিডিঅ'টোত তেওঁ থকাৰ কথা অস্বীকাৰ কৰিছে । আনহাতে, বিজেপি নেতা প্ৰবেশ শুক্লাৰ পৰিয়ালৰ সদস্যসকলে কৈছে যে ভিডিঅ'টো পুৰণি, যিটো নিৰ্বাচনী প্ৰতিদ্বন্দ্বিতাৰ বাবে ভাইৰেল হৈছে ।

উল্লেখ্য, মধ্যপ্ৰদেশৰ সিধিৰ পৰা ভাইৰেল হোৱা এটা ভিডিঅ'ত এজন জনজাতীয় লোকৰ ওপৰত প্ৰস্ৰাৱ কৰি থকা দেখা যোৱা বিজেপি নেতা প্ৰবেশ শুক্লাক বুধবাৰে মধ্যপ্ৰদেশ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে । কিন্তু আৰক্ষীয়ে এই সন্দৰ্ভত গোচৰ ৰুজু কৰাৰ পিছতেই ঘটনাটোত এটা মোৰ আহিছে । উক্ত কাণ্ডৰ ভুক্তভোগীয়ে এই কথা অস্বীকাৰ কৰি কৈছে যে ভিডিঅ'টো তেওঁৰ নহয় । আনহাতে, অভিযুক্তৰ পিতৃ আৰু পৰিয়ালৰ বক্তব্যও প্ৰকাশ পাইছে, য'ত তেওঁলোকে এই ভাইৰেল ভিডিঅ'টো ভুৱা বুলি অভিহিত কৰিছে । লগতে এই কথাও কৈছে যে তেওঁৰ পুত্ৰ এজন বিজেপি প্ৰতিনিধি আৰু ৰাজনৈতিক ষড়যন্ত্ৰৰ বাবে তেওঁৰ পুত্ৰৰ ভিডিঅ'টো ভাইৰেল কৰা হৈছে ।

ইফালে ভুক্তভোগীয়ে কৈছে যে ভিডিঅ'টোত থকা ব্যক্তিজন তেওঁ নহয় । মঙলবাৰলৈকে ভাইৰেল হৈ থকা ভিডিঅ'টোত দেখা পোৱা যুৱকজনে আৰক্ষীক দিয়া ভাষ্যত কয় যে এই ভিডিঅ'টো তেওঁৰ নহয় । "এইটো মোৰ ভিডিঅ' নহয়, মোৰ সৈতে এতিয়ালৈকে এনে কোনো ঘটনা সংঘটিত হোৱা নাই ।" যুৱকজনে কয় । তেওঁ বৰ্তমান আৰক্ষীৰ জিম্মাত আছে । পূৰ্বতে কোৱা হৈছিল যে ভুক্তভোগীজন মানসিকভাৱে অসুস্থ । কিন্তু আৰক্ষীৰ মতে, ভুক্তভোগীজন মানসিকভাৱে সুস্থ ।

জানিব পৰা মতে, অভিযুক্তজন পূৰ্বতে সিধিৰ বিজেপি বিধায়ক কেদাৰনাথ শুক্লাৰ প্ৰতিনিধি আছিল । কিন্তু বিধায়কগৰাকীক এই বিষয়ে সোধাত তেওঁ এই কথা অস্বীকাৰ কৰে । কেৱল সেয়াই নহয়, বিধায়কজনে প্ৰবেশ শুক্লাক চিনাক্ত কৰিবলৈও অস্বীকাৰ কৰে । আনহাতে, অভিযুক্তৰ পিতৃ ৰমাকান্ত শুক্লাই কয়, "মোৰ পুত্ৰ এজন বিধায়কৰ প্ৰতিনিধি, যাৰ বাবে তেওঁ ৰাজনৈতিক ষড়যন্ত্ৰৰ বলি হৈছে । মই আশংকা কৰিছোঁ যে তেওঁক হত্যা কৰিব পাৰে ।"

ইয়াৰ উপৰি অভিযুক্তৰ পৰিয়ালৰ আন সদস্যসকলে কয়, "এইটো এটা ২ বছৰ পুৰণি ভিডিঅ', যাক ভাইৰেল কৰাৰ ভাবুকি দি ধনদাবী কৰা হৈছিল । কিন্তু যেতিয়া তেওঁলোকক দাবী কৰা ধন দিয়া হোৱা নাছিল, তেওঁলোকে এই ভিডিঅ'টো ভাইৰেল কৰি দিয়ে । এতিয়া নিৰ্বাচনী প্ৰতিদ্বন্দ্বিতাৰ বাবে এই ভিডিঅ'টো সম্পাদনা কৰি ভাইৰেল কৰা হৈছে ।

জনজাতীয় যুৱকৰ ওপৰত প্ৰস্ৰাৱ কৰাৰ ঘটনা পোহৰলৈ অহাৰ পিছত ঘটনা সম্পৰ্কীয় এখন শপতনামাও পোহৰলৈ আহিছে । এই শপতনামাত ভিডিঅ'টো ভুৱা বুলি বৰ্ণনা কৰা হৈছে । অভিযোগকাৰীয়ে দিয়া শপতনামাত কোৱা হৈছে, "প্ৰবেশ শুক্লাৰ ভাইৰেল হোৱা ভিডিঅ' মিছা আৰু ভুৱা । প্ৰবেশ শুক্লাই মোৰ সৈতে এনে কোনো কাম কৰা নাই । মোক স্থানীয় যুৱক-যুৱতীসকলে হেঁচা দিছিল যে মই প্ৰবেশ শুক্লাৰ বিৰুদ্ধে আৰক্ষীৰ ওচৰত গোচৰ ৰুজু কৰিলে টকা পাম । এই ভুৱা ভিডিঅ'টো প্ৰবেশ শুক্লাৰ ৰাজনৈতিক ভাবমূৰ্তি কলুষিত কৰিবলৈ প্ৰস্তুত কৰা হৈছে । যদি উক্ত ভিডিঅ'টোৰ ভিত্তিত মোৰ নামত প্ৰবেশ শুক্লাৰ বিৰুদ্ধে কোনো অভিযোগ কৰা হয়, তেন্তে ই বৈধ হ'ব নালাগে ।" এই শপতনামা ভিডিঅ'টো ভাইৰেল হোৱাৰ এদিন পূৰ্বৰ, ৩ জুলাইৰ ।

ইফালে প্ৰাক্তন মুখ্যমন্ত্ৰী দিগ্বিজয় সিঙে এই বিষয়টোক লৈ ৰাজ্য চৰকাৰক লক্ষ্য কৰি লৈছে । "এইটো বিজেপি আৰু আৰএছএছৰ পথ । যদি ধৰা পৰে... তেওঁ বিজেপি বা আৰএছএছৰ সদস্য নহয় । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু শিৱৰাজ সিং চৌহানে জনজাতীয় লোকসকলক আকৰ্ষিত কৰিবলৈ চেষ্টা কৰি আছে আৰু তেওঁলোকৰ কৰ্মীসকলে জনজাতীয় লোকসকলৰ ওপৰত প্ৰস্ৰাৱ কৰি আছে । প্ৰবেশ শুক্লাই য'ৰ পৰা প্ৰশিক্ষণ লৈছে, তেওঁলোকৰে এই মানসিকতা ।"

লগতে পঢ়ক :MP Urinating Case : জনজাতীয় যুৱকৰ মুখত প্ৰস্ৰাৱ কৰা প্ৰবেশ শুক্লা আৰক্ষীৰ জিম্মাত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.