ETV Bharat / bharat

মধ্য প্ৰদেশত চৰকাৰে বন্ধ কৰিলে ৪৮ খন মাদ্ৰাছা - Govt Madrasa in Madhya Pradesh

অবৈধ মাদ্ৰাছাৰ বিৰুদ্ধে কঠোৰ হৈছে মধ্য প্ৰদেশ চৰকাৰ (MP government action against illegal madrasas)। যোৱা এবছৰত ৪০ খনৰো অধিক এনে মাদ্ৰাছা বন্ধ কৰিলে চৰকাৰে । আন ৫২ খন মাদ্ৰাছা বন্ধ কৰিবলৈ সাজু চৰকাৰ । ৰাজ্যখনত আছে ৭০০০ৰো অধিক মাদ্ৰাছা । অধিকাংশই অবৈধভাৱে চলি আছে ।

madarsa
মধ্য প্ৰদেশত চৰকাৰে বন্ধ কৰিলে ৪৮ খন মাদ্ৰাছা
author img

By

Published : Sep 25, 2022, 1:52 PM IST

Updated : Sep 25, 2022, 1:57 PM IST

নেশ্যনেল ডেস্ক,২৫ ছেপ্টেম্বৰ : উত্তৰ প্ৰদেশৰ সমান্তৰালকৈ মধ্য প্ৰদেশতো অবৈধ মাদ্ৰাছাৰ বিৰুদ্ধে চৰকাৰৰ অভিযান অব্যাহত আছে । মধ্য প্ৰদেশ চৰকাৰে অবৈধভাৱে চলি থকা মাদ্ৰাছাসমূহ বন্ধ কৰাৰ প্ৰক্ৰিয়া চলাইছে । জানিব পৰা মতে বিগত এবছৰত চৰকাৰে ৰাজধানী ভূপালত ৪৮ খন মাদ্ৰাছা বন্ধ কৰিছে (48 Madrasa closed in Bhopal)। আনহাতে আন ৫২ খন মাদ্ৰাছা বন্ধ কৰিবলৈ সাজু হৈছে চৰকাৰ (52 madrasas will close in MP)।

চৰকাৰী সাহায্যপ্ৰাপ্ত মাদ্ৰাছাসমূহ পৰিদৰ্শনৰ সময়ত বিভিন্ন ত্ৰুটি পোৱা গৈছিল । জানিব পৰা মতে ৰাজধানী ভূপালতে চৰকাৰী মাদ্ৰাছা আছে প্ৰায় ৪৬৮ খন (Govt Madrasa in Madhya Pradesh)। আনহাতে বেচৰকাৰী মাদ্ৰাছাৰ সংখ্যা ইয়াতকৈও বেছি ।

মধ্য প্ৰদেশ শিশু অধিকাৰ সুৰক্ষা আয়োগে পূৰ্বে ৰাজ্যখনৰ কেইবাখনো মাদ্ৰাছা পৰিদৰ্শন কৰিছিল । সেই সময়ছোৱাত, ৰাজধানী ভূপালত ৪ খন মাদ্ৰাছা অবৈধভাৱে চলি থকাৰ তথ্য পোৱা গৈছিল । একে সময়তে, বহুতো চৰকাৰী অনুদানপ্ৰাপ্ত মাদ্ৰাছাত শৈক্ষিক মানদণ্ডও দুৰ্বল দেখা গৈছিল । বহুতো মাদ্ৰাছা মাত্ৰ এটা কোঠাতে চলি আছিল । যাৰ বাবে এনেধৰণৰ প্ৰায় ৪৮ খন মাদ্ৰাছালৈ চৰকাৰে অনুদান বন্ধ কৰি দিছে ।

অনুসন্ধানত পোহৰলৈ আহিছে যে আন ৰাজ্যৰ পৰাও বহু শিক্ষাৰ্থী মাদ্ৰাছাসমূহলৈ অধ্যয়নৰ বাবে আহি আছে । মধ্য প্ৰদেশ শিশু অধিকাৰ সুৰক্ষা আয়োগৰ সদস্য ব্ৰজেশ চৌহানৰ মতে মাদ্ৰাছাত অধ্যয়ন কৰি থকা শিশুসকলক ধৰ্মীয় শিক্ষাৰ সমান্তৰালকৈ নিয়মীয়া বিদ্যালয়ৰ পাঠ্যক্ৰমো শিকোৱা উচিত । ইফালে অনুসন্ধানত বহুতো মাদ্ৰাছাই নিয়ম উলংঘা কৰা দেখা গৈছে ।

মধ্য প্ৰদেশত মাদ্ৰাছা স্থাপনৰ নিয়মবোৰ অতি সহজ, যাৰ বাবে মাদ্ৰাছাবোৰ অবৈধভাৱে গঢ়ি উঠিছিল । ৰাজ্যখনত মাদ্ৰাছা খোলাৰ বাবে কোনো অনুমতিৰ প্ৰয়োজন নালাগে । অৱশ্যে, মাদ্ৰাছাসমূহক অনুদানৰ বাবে মাদ্ৰাছা পৰিষদৰ জৰিয়তে বিদ্যালয় শিক্ষা বিভাগলৈ এটা প্ৰস্তাৱ প্ৰেৰণ কৰা হয় ।

অতি সংবেদনশীল বিষয় হোৱাৰ বাবে কোনো বিষয়াই মাদ্ৰাছাৰ বিৰুদ্ধে মাত নামাতে । অৱশ্যে, পূৰ্বে গৃহ মন্ত্ৰী নৰোত্তম মিশ্ৰাই কৈছিল যে মাদ্ৰাছাসমূহক অবৈধ কাৰ্যকলাপৰ কেন্দ্ৰ হ'বলৈ দিয়া নহ'ব ।

জানিব পৰা মতে মধ্য প্ৰদেশত ৭০০০ তকৈও অধিক মাদ্ৰাছা চলি আছে । যাৰ ভিতৰত মাত্ৰ ২২০০ খন চৰকাৰী স্বীকৃতিপ্ৰাপ্ত । এনে পৰিস্থিতিত, গুৰুত্বপূৰ্ণ প্ৰশ্নটো হ'ল বাকী মাদ্ৰাছাবোৰে কেনেদৰে কাম কৰি আছে । মাদ্ৰাছা পৰিষদত তিনি বছৰৰ বাবে পঞ্জীয়ন কৰা হয় । স্বীকৃতি অবিহনে মাদ্ৰাছা চলোৱাটো বেআইনী ।

লগতে পঢ়ক :দুৰ্গা পূজাৰ প্ৰাকক্ষণত সোণাৰিত মাৰণাস্ত্ৰসহ আটক এজন

Last Updated : Sep 25, 2022, 1:57 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.