ETV Bharat / bharat

মধ্যপ্ৰদেশৰ পান্না জিলাত শ্ৰমিকে উদ্ধাৰ কৰিলে ৭০ লাখৰ হীৰা - কৃষ্ণ কল্যাণপুৰ বেল্ট

মধ্যপ্ৰদেশৰ কৃষ্ণ কল্যাণপুৰ বেল্টৰ এটা অগভীৰ হীৰা খনিৰ পৰা এগৰাকী দুখীয়া শ্ৰমিকে উদ্ধাৰ কৰে ৭০ লাখ টকাৰ হীৰা । যোৱা ৩ দিনত এতিয়ালৈকে খনিৰ পৰা তিনিটা হীৰা উদ্ধাৰ কৰা হৈছে । সোমবাৰে, এজন শ্ৰমিকে একেলগে দুটা হীৰা উদ্ধাৰ কৰিছিল ।

মধ্যপ্ৰদেশৰ পান্না জিলাত শ্ৰমিকে উদ্ধাৰ কৰিলে ৭০ লাখৰ হীৰা

author img

By

Published : Feb 24, 2021, 10:02 PM IST

নিউজ ডেস্ক,২৪ ফেব্ৰুৱাৰী: মধ্যপ্ৰদেশৰ পান্না জিলাত উদ্ধাৰ প্ৰায় ৭০ লাখ টকাৰ ১৪.৯ কেৰেট হীৰা । কৃষ্ণ কল্যাণপুৰ বেল্টৰ এটা অগভীৰ হীৰা খনিৰ পৰা ৰামকৃষ্ণ বিশ্বকৰ্মা নামৰ শ্ৰমিক এজনে উদ্ধাৰ কৰে হীৰা খিনি । এনএমডিচি কলনীৰ বাসিন্দা ৰামকৃষ্ণই তেওঁৰ সাতজন সহযোগীৰ সৈতে হীৰা কাৰ্যালয়ৰ পৰা লিজত লোৱা মাটিৰ টুকুৰাত খনিটো আৰম্ভ কৰিছিল ।

যোৱা ৩ দিনত এতিয়ালৈকে খনিৰ পৰা তিনিটা হীৰা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে । ইয়াৰ আগতে সোমবাৰে, এজন শ্ৰমিকে একেলগে দুটা হীৰা উদ্ধাৰ কৰিছিল । উদ্ধাৰ কৰা হীৰাখিনি হীৰা কাৰ্যালয়লৈ হস্তান্তৰ কৰা হৈছে আৰু সেইবোৰ পৰৱৰ্তী মাহত নিলামৰ বাবে ৰখা হ'ব ।

হীৰা কাৰ্যালয়ৰ এগৰাকী বিষয়াই জনোৱা মতে আধা শতাংশ ৰয়েলটি কাটি লোৱা হ'ব আৰু বাকী টকা শ্ৰমিকক দিয়া হ'ব । লগতে বিষয়াজনে জিলাখনত থকা আন শ্ৰমিকসকলকো হীৰাৰ খনি স্থাপন কৰিবলৈ আহ্বান জনায় ।

লগতে পঢ়ক:বাংগালুৰুৰ বিমানবন্দৰত স্থাপন অচল বিমান পুনৰুদ্ধাৰ কিট

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.