ETV Bharat / bharat

ৰাম নৱমী আৰু হনুমান জয়ন্তী পালনৰ দলীয় নিৰ্দেশনাত অসন্তুষ্ট কংগ্ৰেছ বিধায়ক

author img

By

Published : Apr 6, 2022, 11:56 AM IST

নিজ দলৰ ওপৰতে অসন্তুষ্ট ভূপালৰ বিধায়ক তথা কংগ্ৰেছ নেতা আৰিফ মাছুদ (Bhopal MLA Arif Masood is unhappy with his party)। ৰাম নৱমী আৰু হনুমান জয়ন্তী উদযাপনৰ বাবে দলৰ শীৰ্ষ নেতৃত্বই দিয়া নিৰ্দেশনাক লৈ আপত্তি বিধায়কগৰাকীৰ । ৰমজান আৰু অন্যান্য ধৰ্মীয় উৎসৱ পালনৰ বাবে কিয় এনে নিৰ্দেশনা নিদিয়ে বুলি প্ৰশ্ন বিধায়কগৰাকীৰ ।

Bhopal MLA Arif Masood
শীৰ্ষ নেতৃত্বৰ নিৰ্দেশনাক লৈ অসন্তুষ্ট কংগ্ৰেছী বিধায়ক আৰিফ মাছুদ

নেশ্যনেল ডেস্ক,৬ এপ্ৰিল : শেহতীয়াকৈ মধ্যপ্ৰদেশ কংগ্ৰেছৰ সভাপতি কমল নাথে এক নিৰ্দেশনা জাৰী কৰিছিল । সকলো কৰ্মকৰ্তাক অহা ১০ আৰু ১৬ এপ্ৰিলত ক্ৰমে ৰাম নৱমী আৰু হনুমান জয়ন্তী উদযাপনৰ বাবে নিৰ্দেশনা জাৰী কৰিছিল (MP Congress guidelines on Ram Navami celebrations)। এই নিৰ্দেশনাৰ পাছতে একাংশ কংগ্ৰেছ নেতা এতিয়া অসন্তুষ্ট হোৱা দেখা গৈছে ।

ভূপালৰ বিধায়ক তথা কংগ্ৰেছ নেতা আৰিফ মাছুদে উভটি ধৰে কমল নাথক (Arif Masood questions Congress directives to celebrate Ram Navami)। তেওঁৰ মতে ৰাম নৱমী আৰু হনুমান জয়ন্তী উপলক্ষ্যে সুন্ধাৰ্কন্দ আৰু হনুমান চালিছা পাঠ কৰিবলৈ কৰ্মকৰ্তাসকলক নিৰ্দেশনা দি কংগ্ৰেছৰ সভাপতিয়ে সমাজত এক ভুল দৃষ্টান্ত স্থাপন কৰিব বিচাৰিছে । ৰমজান বা অন্যান্য ধৰ্মৰ উৎসৱ উদযাপনৰ ক্ষেত্ৰত কংগ্ৰেছ কৰ্মীসকলক এনে ধৰণৰ নিৰ্দেশনা কিয় দিয়া নহয় বুলি তেওঁ প্ৰশ্ন উত্থাপন কৰে (Bhopal MLA Arif Masood is unhappy with his party)।

সাংবাদিকৰ সন্মুখত মাছুদে কয় যে কংগ্ৰেছে এনে ধৰণৰ নিৰ্দেশনা জাৰী কৰাটো উচিত হোৱা নাই । কাৰণ সকলো ধৰ্মৰ লোককে তেওঁলোকে সমান চকুৰে চাই । তেওঁৰ মতে নিৰ্দেশনা জাৰী নকৰিলেও প্ৰতিবছৰে কংগ্ৰেছৰ নেতা-কৰ্মীসকলে ৰাম নৱমী উৎসাহেৰে উদযাপন কৰে । যদি ৰাম নৱমী বা হনুমান জয়ন্তীৰ কাৰণে নিৰ্দেশনা জাৰী কৰে তেনেহ'লে ৰমজান আৰু অন্যান্য ধৰ্মীয় উৎসৱ পালনৰ বাবেও কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বই নিৰ্দেশনা দিব লাগে । তেওঁৰ মতে ৰাজনৈতিক দলৰ বাবে ই গ্ৰহণযোগ্য পৰম্পৰা নহয় ।

বিধায়ক মাছুদৰ এনে আপত্তিৰ পাছত মধ্যপ্ৰদেশৰ গৃহমন্ত্ৰী তথা বিজেপি নেতা নৰোত্তম মিশ্ৰাই কংগ্ৰেছক সমালোচনা কৰি কয় যে মাছুদৰ আপত্তি ন্যায় সংগত । মিশ্ৰাই সাংবাদিকৰ আগত কয় যে ৰমজানৰ সময়ত ইফতাৰ আয়োজন কৰা কংগ্ৰেছৰ নেতাসকলে এতিয়া মন্দিৰ দৰ্শন কৰা কাৰ্যক মাছুদে হজম কৰিব পৰা নাই । বিজেপিৰ নেতাসকলে ইফতাৰ আৰু অন্যান্য কাৰ্যসূচীত উপস্থিত থাকে আৰু সকলো ধৰ্মৰ উৎসৱ উদযাপন কৰে । বিজেপিয়ে সকলো ধৰ্মক সন্মান কৰে বুলি তেওঁ উল্লেখ কৰে ।

লগতে পঢ়ক :দলৰ পুনৰুজ্জীৱিতকৰণ অতি প্ৰয়োজন : ছোনিয়া গান্ধী

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.