ETV Bharat / bharat

Human sacrifice : ধনৰ লোভত কন্যাক জ্বলাই হত্যাৰ চেষ্টা মাতৃৰ

author img

By ETV Bharat Assamese Team

Published : Aug 24, 2023, 9:44 PM IST

মাতৃৰ মমতাক কলংকিত কৰাৰ ভয়ংকৰ ঘটনা ৷ তান্ত্ৰিকৰ পৰামৰ্শ অনুসৰি ধনৰ লোভত নিজ কন্যাক জীৱন্তে জ্বলালে এগৰাকী মাতৃয়ে ৷

Human sacrifice
ধনৰ লোভত কন্যাক জ্বলাই হত্যাৰ চেষ্টা মাতৃৰ

নেশ্যনেল ডেস্ক, 24 আগষ্ট : একবিংশ শতিকাৰ তথ্য প্ৰযুক্তিৰ দিনটো এতিয়াও অন্ধবিশ্বাসৰ কৰাল গ্ৰাসত সোমাই আছে আমাৰ সমাজৰ একাংশ লোক ৷ বিভিন্ন সময়ত আমাৰ সমাজত এতিয়াও অন্ধবিশ্বাসৰ ফলত জঘন্য ঘটনা সংঘটিত হোৱাৰ খবৰে বাতৰিৰ শিৰোনাম দখল কৰি আহিছে ৷ এইবাৰ পুনৰায় সংঘটিত হ’ল তেনে এক জঘন্য ঘটনা ৷

মহাৰাষ্ট্ৰৰ মিছৰাৱড়ীত সংঘটিত হৈছে মাতৃৰ মমতাক কলংকিত কৰাৰ ভয়ংকৰ ঘটনা ৷ তান্ত্ৰিকৰ পৰামৰ্শ অনুসৰি ধনৰ লোভত নিজ কন্যাক জীৱন্তে জ্বলালে এগৰাকী মাতৃৰূপী দানৱে ৷ কথমপি কন্যাৰ প্ৰাণ ৰক্ষা পৰে ৷ এই ঘটনাৰ পিচতে যুৱতীগৰাকী ভয়তে তিনিদিন ধৰি ঘৰৰ ভিতৰতে সোমাই আছিল ৷ এদিন সুযোগ বুজি যুৱতীগৰাকীয়ে ঘৰৰ পৰা পলায়ন কৰি আৰক্ষীৰ কাষ চাপে ৷

যুৱতীগৰাকীয়ে আৰক্ষীক দিয়া বিৱৰণ অনুসৰি, তেওঁ মিছাৰৱাড়ী অঞ্চলত মাতৃ আৰু ভাতৃৰ সৈতে বাস কৰে ৷ তেওঁলোকৰ পিতৃৰ কেইবছৰমানৰ পূৰ্বে মৃত্যু হৈছিল ৷ যুৱতীগৰাকী এটা ব্যক্তিগত কোম্পানীত কৰ্মৰত আছিল ৷ যোৱা 17 আগষ্টত পুৱা প্ৰায় 4 বজাত তেওঁ তেওঁৰ শৰীৰটো হঠাতে উত্তাপ অনুভৱ কৰিবলৈ আৰম্ভ কৰিছিল ৷ যেতিয়া তেওঁ টোপনিৰ পৰা সাৰ পাই তেতিয়া তেওঁ পৰিধান কৰি থকা চাদৰখন জ্বলি আছিল ৷ তেওঁৰ শৰীৰত মাতৃয়ে পেট্ৰ’ল ছটিয়াই দি থিয় হৈ চাই আছিল ৷ এই ঘটনা দেখি যুৱতীগৰাকী হতবাক হৈ পৰে ৷ তেওঁক মাতৃয়ে বচোৱাৰ পৰিৱৰ্তে তেওঁ জ্বলি যোৱালৈহে অপেক্ষা কৰি আছিল ৷ মাতৃয়ে যুৱতীগৰাকীৰ শৰীৰত পেট্ৰ'ল ছটিয়াই দিয়া হৈছিল ৷

লগে লগে যুৱতীগৰাকীয়ে চিঞৰ বাখৰ কৰাত তেওঁৰ ভাতৃয়ে উঠি আহি জুই নুমুৱাই তেওঁলোকে মাতৃক আৰক্ষীৰ ওচৰত যোৱাৰ ভাবুকি দিয়ে ৷ কিন্তু মাতৃয়ে দুয়োকে আৰক্ষীৰ কাষ চাপিবলৈ নিদি যুৱতীগৰাকীক 5 দিন পৰ্যন্ত ঘৰৰ ভিতৰতে লুকুৱাই ৰাখি চিকিৎসা কৰে ৷

তাৰ পিচতেই মাতৃয়ে কিছু কামৰ বাবে ঘৰৰ পৰা বাহিৰলৈ যোৱাত যুৱতীগৰাকী ঘৰৰ পৰা পলাই গৈ আৰক্ষী চকীত উপস্থিত হয় ৷ যুৱতীগৰাকীয়ে আৰক্ষীক সমগ্ৰ ঘটনা বিৱৰি কয় ৷ আৰক্ষীয়ে লগে লগে ভুক্তভোগীগৰাকীক চিকিৎসাৰ বাবে ঘাটি চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷ যুৱতীগৰাকীয়ে কোৱাৰ দৰেই তেওঁৰ শৰীৰত বহু ঠাইত পুৰাৰ চিন স্পষ্টকৈ পাইছে আৰক্ষীয়ে ৷ পিঠি, ডিঙি আৰু চুলিত জুইয়ে পুৰাৰ দাগ আছিল ৷

ইফালে এই জঘন্য কাণ্ড সংঘটিত কৰাৰ পিচত যুৱতীগৰাকীয়ে মাতৃক কিয় জ্বলাইছে বুলি সোধাত তেওঁৰ মাতৃয়ে কৈছিল যে মিছাৰৱাড়ীত বাস কৰা শকুন্তলা নামৰ তান্ত্ৰিকগৰাকীৰ নিৰ্দেশত তেওঁ কন্যাক জ্বলাই দিবলৈ চেষ্টা কৰিছিল ৷ তান্ত্ৰিকগৰাকীয়ে মাতৃক কৈছিল যে যদি আপুনি আপোনাৰ কন্যাক জীৱন্তে হত্যা কৰে, আপুনি বহুত ধন লাভ কৰিব ৷ লগতে আপোনাৰ পুত্ৰও ভালে থাকিব ৷ সেয়েহে মই এই পদক্ষেপটো লৈছিলো, মাতৃগৰাকীয়ে অকপটে নিজ কন্যাৰ আগত এই জঘন্য মন্তব্য প্ৰকাশ কৰে ৷

ইয়াৰ পিচতে যুৱতীগৰাকীৰ স্বীকাৰোক্তিৰ ভিত্তিত মাতৃ আৰু তান্ত্ৰিক শকুন্তলাৰ বিৰুদ্ধে হত্যাৰ গোচৰ ৰুজু কৰা হৈছে ৷ ইফালে অভিযোগ কৰা হৈছে যে শকুন্তলাই ডাইনী চিকিৎসক হিচাপে কাম কৰে ৷ ইয়াৰ পূৰ্বেও শকুন্তলাই বহুলোকক একেধৰণে পৰামৰ্শ দিছিল ৷ চিআইডিচিঅ' আৰক্ষীয়ে জনোৱা অনুসৰি অচিৰেই অভিযুক্তদ্বয়ক গ্ৰেপ্তাৰ কৰা পিচতেই আইনী ব্যৱস্থা হাতত লোৱা হ’ব ৷

লগতে পঢ়ক: Ghost terror: ভূত নে ভ্ৰম ! কাৰ ভয়ত মৰ্জিনাই 24 ঘন্টাত পিন্ধি থাকে হেলমেট

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.