ETV Bharat / bharat

পাৰিবাৰিক কন্দলৰ পৰিণতিত সন্তানক হত্যা - স্বামীৰ সৈতে কাজিয়া কৰি নিজ সন্তানক হত্যা

টিভি চোৱাক লৈ স্বামীৰ সৈতে কাজিয়া কৰি এগৰাকী মহিলাই হত্যা কৰিলে তিনিবছৰীয়া সন্তানক ৷ ডিঙি চেপি কন্যা সন্তানটিক হত্যা কৰি মাতৃয়ে দলিয়াই দিলে মৃতদেহ ৷

Angry on husband, Mother killed child and lied child is missing
পাৰিবাৰিক কন্দলৰ পৰিণতিত সন্তানক হত্যা
author img

By

Published : Apr 7, 2021, 9:53 PM IST

নেচনেল ডেস্ক,7 এপ্ৰিল: টিভি চোৱাক লৈ স্বামী-স্ত্ৰীৰ মাজত সূত্ৰপাত হোৱা কাজিয়াৰ পৰিণতিত প্ৰাণ হেৰুৱালে এটি তিনি বছৰীয়া কন্যা শিশুৱে ৷ প্ৰাপ্ত তথ্য অনুসৰি, বেংগালুৰুৰ আন্নাপূৰ্ণেশ্বৰী আৰক্ষী থানাৰ অন্তৰ্গত এক অঞ্চলত টিভি চোৱাক কেন্দ্ৰ কৰি স্বামী-স্ত্ৰীৰ মাজত কাজিয়াৰ সূত্ৰপাত হয় ৷ সুধা নামৰ মহিলাগৰাকীয়ে খঙৰ ভমকত তিনি বছৰীয়া কন্যা শিশুটিক হত্যা কৰি নগৰবাভি অঞ্চলৰ এক অট্টালিকা নিৰ্মাণ কৰি থকা অঞ্চলত পেলাই দিয়ে ৷

মাতৃৰ হাতত নিহত শিশুটিৰ নাম ভিনুতা ৷ প্ৰাপ্ত তথ্য অনুসৰি স্বামী ঘৰত নথকাৰ সময়ত ডিঙি চেপি সুধাই সন্তানটিক হত্যা কৰে আৰু দলিয়াই পেলায় ৷ পৰৱৰ্তী সময়ত শিশুটি হেৰুওৱাৰ অভিনয় কৰি হুলস্থুল কৰে সুধাই ৷ অৱশ্যে আৰক্ষীয়ে তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰাৰ পাছতে মাতৃয়ে শিশুটিক হত্যা কৰাৰ তথ্য পোহৰলৈ আহে ৷

ঘটনাৰ সকলো তথ্য পোহৰলৈ অহাৰ পাছতে মাল্লাথাহলী অঞ্চলত বাস কৰা অভিযুক্ত সুধাক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৷ জানিব পৰা মতে শিশুটিৰ মাতৃ সুধা এটা টাইলছ কোম্পানীত কৰ্মৰত হৈ থকাৰ বিপৰীতে পিতৃ এটা ব্যক্তিগত কোম্পানীত কৰ্মৰত আছিল ৷ মৰণোত্তৰ পৰীক্ষাৰ বাবে শিশুটিৰ মৃতদেহ ভিক্ট'ৰিয়া চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে ৷

লগতে পঢ়ক: জম্মুত প্ৰতিবাদত নামিল বন্দী চিআৰপিএফৰ পৰিয়াল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.