ETV Bharat / bharat

ড্ৰাগছ সৰবৰাহত জড়িতৰ সন্দেহত বলীউডৰ তাৰকালৈ চমন জাৰি

ড্ৰাগছ সৰবৰাহৰ এক গোচৰত গ্ৰেপ্তাৰ হৈছে বলীউডৰ অভিনেতা এজাজ খান । এনচিবিয়ে দাবী কৰা মতে, বলীউড আৰু টেলিভিচন উদ্যোগৰ বহু তাৰকালৈ এজাজে ড্ৰাগছৰ যোগান ধৰিছিল ।

author img

By

Published : Apr 3, 2021, 2:40 PM IST

ড্ৰাগছ সৰবৰাহৰ ঘটনাত গ্ৰেপ্তাৰ অভিনেতা আজাজ খান

নেশ্যনেল ডেস্ক,৩ এপ্ৰিল: সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ পিছতে বলীউড তথা টেলিভিচন উদ্যোগৰ ড্ৰাগছ সৰবৰাহৰ এক ভয়ংকৰ তথ্য পোহৰলৈ আহিছিল । তেতিয়াৰ পৰাই মুম্বাইত যথেষ্ট সক্ৰিয় হৈ আছে নাৰ্ক'টিক্স কণ্ট্ৰল ব্যুৰ'(এনচিবি) । বলীউডৰ বহু সৰু-বৰ তাৰকাক ইতিমধ্যে জেৰা চলাইছে এনচিবিয়ে ।

ইয়াৰ মাজতে শেহতীয়াকৈ ড্ৰাগছ সৰবৰাহৰ এক গোচৰত গ্ৰেপ্তাৰ হৈছে বলীউডৰ অভিনেতা এজাজ খান । জয়পুৰৰ পৰা আহি মুম্বাই বিমানবন্দৰত উপস্থিত হোৱাৰ পিছত এজাজ খানক আটক কৰে এনচিবিয়ে । এনচিবিয়ে এজাজক ৮ ঘণ্টা ধৰি মাৰাথন জেৰা চলোৱাৰ পিছত লোখণ্ডৱালা অঞ্চলৰ আন্ধেৰীত অভিযান চলাই গ্ৰেপ্তাৰ কৰে অভিনেতাজনক । অভিনেতাগৰাকীক গ্ৰেপ্তাৰৰ পিছতে এনচিবিয়ে লাভ কৰিছে বহু গুৰুত্বপূৰ্ণ তথ্য । এনচিবিয়ে দাবী কৰা মতে বলীউড আৰু টেলিভিচন উদ্যোগৰ বহু তাৰকালৈ এজাজে ড্ৰাগছৰ যোগান ধৰিছিল ।

এনচিবিৰ এক সূত্ৰ মতে, এজাজ খানে বহু অভিনেতা-অভিনেত্ৰীক যোগান ধৰিছিল ড্ৰাগছ । আণ্ডাৰৱ’ৰ্ল্ড গেংষ্টাৰৰ সৈতে সম্পৰ্ক থকা বহু অপৰাধী আৰু অ'টিটি প্লেটফৰ্মৰ স্বত্বাধিকাৰীও আছে সেই তালিকাত ।

বিগ বছৰ সপ্তম সংস্কৰণত ৱাইল্ড কাৰ্ড প্ৰৱেশৰ দ্বাৰা জনপ্ৰিয়তা অৰ্জন কৰা এজাজ খানক ইয়াৰ পূৰ্বে নবী মুম্বাইৰ বেলাপুৰৰ এখন হোটেলৰ পৰা এনচিবিয়ে গ্ৰেপ্তাৰ কৰিছিল । এনচিবিয়ে ড্ৰাগছ ব্যৱসায়ী ফাৰুখ বাতাতা আৰু তেওঁৰ পুত্ৰ শ্বাদাব বাতাতক জেৰা চলোৱাৰ সময়ত এজাজ খানৰ নাম পোহৰলৈ আহিছিল ।

লগতে পঢ়ক: ৰাকেশ টিকেইটৰ কনভয়ত আক্ৰমণ কৰা ১৪ জনক গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.