ETV Bharat / bharat

Chandrayaan 3 Lunar Exploration : চন্দ্ৰৰ দক্ষিণ মেৰুত মানৱ উপনিবেশ সৃষ্টিৰ সম্ভাৱনা আছে; ইছৰোৰ মুৰব্বী - ISRO Chandrayaan 3 mission

চন্দ্ৰযান-৩ অভিযানে দক্ষিণ মেৰুত মসৃণ অৱতৰণ কৰিবলৈ সক্ষম হোৱাৰ সময়তে ভাৰতে এক বিৰল কৃতিত্ব অৰ্জন কৰে । আনহাতে, ইছৰোৰ মুৰব্বী এছ সোমনাথে বৰ্ণনা কৰিছে যে মহাকাশ সংস্থাটোৱে কিয় ছফ্ট লেণ্ডিঙৰ বাবে দক্ষিণ মেৰুক বাছনি কৰিছিল ।

Chandrayaan 3 Lunar Exploration
Chandrayaan 3 Lunar Exploration
author img

By ETV Bharat Assamese Team

Published : Aug 24, 2023, 5:03 PM IST

নিউজ ডেস্ক, ২৪ আগষ্ট : বুধবাৰে মহাকাশ গৱেষণাত এক ঈৰ্ষণীয় সফতা লাভ কৰি ভাৰতে এক মাইলৰ খুঁটি স্থাপন কৰিবলৈ সক্ষম হয় । আনহাতে, চন্দ্ৰযান-৩ অভিযানৰ সফলতাৰ এদিন পিছত ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ মুৰব্বী এছ সোমনাথে কয় যে সংস্থাটোৱে চন্দ্ৰত অৱতৰণ কৰিবলৈ দক্ষিণ মেৰুক বাছনি কৰাৰ কাৰণটো হৈছে বিজ্ঞানীসকলে বিশ্বাস কৰে যে তাত মানৱ উপনিবেশ সৃষ্টিৰ সম্ভাৱনা আছে ।

"আমি দক্ষিণ মেৰুৰ ওচৰলৈ গৈছোঁ যিটো প্ৰায় ৭০ ডিগ্ৰী । সূৰ্যৰ পৰা কম পোহৰ পৰাৰ বাবে দক্ষিণ মেৰুৰ এক নিৰ্দিষ্ট সুবিধা আছে । অধিক বৈজ্ঞানিক সমল থকাৰো সম্ভাৱনা আছে ।" সংবাদ সংস্থা এএনআয়ে ইছৰোৰ মুৰব্বী এছ সোমনাথৰ উদ্ধৃতি দি এই কথা প্ৰকাশ কৰিছে ।

তেওঁ লগতে কয়, "চন্দ্ৰত কাম কৰি থকা বিজ্ঞানীসকলে দক্ষিণ মেৰুৰ প্ৰতি যথেষ্ট আগ্ৰহ দেখুৱাইছিল । কাৰণ অৱশেষত মানুহে গৈ তাত উপনিবেশ সৃষ্টি কৰিব বিচাৰে আৰু তাৰ পিছত অন্য অংশলৈ যাত্ৰা কৰিব বিচাৰে । গতিকে আমি তেনে এটুকুৰা সৰ্বশ্ৰেষ্ঠ ঠাই বিচাৰি আছোঁ আৰু দক্ষিণ মেৰু সেইটুকুৰা স্থান হোৱাৰ সম্ভাৱনা আছে...।"

উল্লেখ্য যে চন্দ্ৰযান-৩ অভিযানে দক্ষিণ মেৰুত মসৃণ অৱতৰণ কৰিবলৈ সক্ষম হোৱাৰ সময়ত ভাৰতে এক বিৰল কৃতিত্ব অৰ্জন কৰে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দক্ষিণ আফ্ৰিকাৰ পৰা এই মসৃণ অৱতৰণ ভাৰ্চুৱেলা প্ৰত্যক্ষ কৰে । তেওঁ দেশখনত ব্ৰিকছ সন্মিলনত অংশগ্ৰহণ কৰি আছে । শ্ৰীহৰিকোটাৰ সতীশ ধৱন মহাকাশ কেন্দ্ৰৰ পৰা উৎক্ষেপণ কৰা চন্দ্ৰযান-৩ৰ সফলতাৰ পিছত সমগ্ৰ দেশ আনন্দত উচ্ছ্বসিত হৈ পৰে ।

ভাৰতে এই বিৰল কৃতিত্ব অৰ্জন কৰি আমেৰিকা যুক্তৰাষ্ট্ৰ, চীন আৰু পূৰ্বৰ ছোভিয়েট ইউনিয়নৰ একে শাৰীতে স্থান লাভ কৰিছে । আনহাতে, ভাৰত চন্দ্ৰৰ দক্ষিণ মেৰুত অৱতৰণ কৰা প্ৰথমখন দেশ হিচাপে পৰিগণিত হৈছে ।

লগতে পঢ়ক :PM Modi to visit ISRO : ২৬ আগষ্টত ইছৰোৰ কাৰ্যালয়লৈ যাব প্ৰধানমন্ত্ৰী মোদী; অভিনন্দন জনাব বিজ্ঞানীসকলক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.