ETV Bharat / bharat

Modi Surname Remark: ৰাহুল গান্ধীৰ আবেদনৰ ওপৰত আজি চূৰাট আদালতৰ ৰায়দান - Indian Penal Code

'মোডী উপাধি' মন্তব্যৰ বাবে অপৰাধমূলক মানহানিৰ গোচৰত দোষী সাব্যস্ত হোৱাৰ ওপৰত স্থগিতাদেশ বিচাৰি কৰা ৰাহুল গান্ধীৰ আবেদনৰ আজি ৰায়দান । চূৰাটৰ আদালতে দিব এই ৰায় (Surat Court verdict on Rahul Gandhis plea) ।

Modi Surname Remark
Modi Surname Remark
author img

By

Published : Apr 20, 2023, 8:13 AM IST

নিউজ ডেস্ক, ২০ এপ্ৰিল : চূৰাটৰ এখন আদালতে বৃহস্পতিবাৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ আবেদনৰ ওপৰত ৰায় ঘোষণা কৰিব (Surat Court verdict on Rahul Gandhis plea against conviction) । ৰাহুল গান্ধীৰ 'মোডী উপাধি' মন্তব্যৰ ওপৰত অপৰাধমূলক মানহানিৰ গোচৰত তেওঁ দোষী সাব্যস্ত হোৱাৰ ওপৰত স্থগিতাদেশ বিচাৰি আবেদন কৰিছিল (Modi Surname Remark) । উক্ত আবেদনৰ ওপৰতে হ'ব এই ৰায় । উল্লেখ্য, যোৱা 3 এপ্ৰিলত চূৰাট সত্ৰ আদালতে কংগ্ৰেছ নেতাজনক জামিন প্ৰদান কৰে (Surat Sessions Court granted bail to Rahul) । আনহাতে, ৰাহুল গান্ধীয়ে গোচৰটোত দোষী সাব্যস্ত হোৱাৰ পাচত আপীল কৰিছিল (conviction in criminal defamation case of Rahul)) ।

উল্লেখ্য, প্ৰাক্তন সাংসদগৰাকীক জামিন প্ৰদান কৰাৰ সময়ত আদালতে অভিযোগকাৰী পূৰ্ণেশ মোডী আৰু ৰাজ্য চৰকাৰক কংগ্ৰেছ নেতাজনৰ দোষী সাব্যস্ত হোৱাৰ ওপৰত স্থগিতাদেশ ৰখাৰ আবেদনৰ ওপৰত জাননী জাৰি কৰিছিল (Rahul Gandhi plea for stay on conviction) । ইয়াৰ পাচত দুয়োটা পক্ষৰ বক্তব্য শুনি ৰায়দান ২০ এপ্ৰিললৈকে সংৰক্ষিত কৰি ৰাখিছিল ।

উল্লেখ্য যে ৱায়নাডৰ প্ৰাক্তন সাংসদ হৈছে ৰাহুল গান্ধী । ভাৰতীয় জনতা পাৰ্টীৰ (বিজেপি) বিধায়ক পূৰ্ণেশ মোডীয়ে দাখিল কৰা গোচৰত ভাৰতীয় দণ্ডবিধিৰ (Indian Penal Code, IPC) ধাৰা ৪৯৯ আৰু ৫০০ (মানহানি)ৰ অধীনত ২৩ মাৰ্চত চূৰাটৰ নিম্ন আদালতে তেওঁক দুবছৰৰ কাৰাদণ্ড বিহাৰ পাচত তেওঁক সংসদত অযোগ্য ঘোষণা কৰা হৈছিল । ২০১৯-ৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে এক নিৰ্বাচনী প্ৰচাৰ অনুষ্ঠানত ভাষণ দি ৰাহুল গান্ধীয়ে 'মোডী' উপাধি ব্যৱহাৰ কৰি কৰা মন্তব্যৰ লগত এই গোচৰটোৰ সম্পৰ্ক আছিল ।

২০১৯ চনৰ এপ্ৰিলত কৰ্ণাটকৰ কোলাৰত এক নিৰ্বাচনী ৰেলীত ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক সমালোচনা কৰি কয়, "সকলো চোৰে মোডীক উমৈহতীয়া উপাধি হিচাপে কেনেকৈ লৈছে ?" আনহাতে, দোষী সাব্যস্ত হোৱাৰ পাচত ২০১৩ চনত উচ্চতম ন্যায়ালয়ৰ ৰায় অনুসৰি ৰাহুলক ২৪ মাৰ্চত সাংসদ হিচাবে অযোগ্য ঘোষণা কৰা হয় । এই ৰায়দানৰ অধীনত যিকোনো সাংসদ বা বিধায়ক দোষী সাব্যস্ত হ'লে আৰু দুবছৰ বা ততোধিক সময়ৰ বাবে দণ্ডিত হ'লে তেওঁ বিধানসভা বা সংসদত স্বয়ংক্ৰিয়ভাৱে অযোগ্য হয় ।

লগতে পঢ়ক: Dress code in Bihar: বিহাৰ চৰকাৰী কৰ্মচাৰীৰ বাবে নিষিদ্ধ জিনছ-টিশ্বাৰ্ট

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.