ETV Bharat / bharat

ভাৰতত বিনিয়োগৰ প্ৰতিশ্ৰুতি আমেৰিকাৰ কৰ্পোৰেট গোষ্ঠীৰ - নতুন ড্ৰোণ নীতি

আমেৰিকা ভ্ৰমণৰ সময়তে দেশখনৰ বৃহৎ কোম্পানীবোৰৰ মুখ্য কাৰ্যবাহী বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী । ভাৰতত কোম্পানীবোৰে ব্যৱসায় বৃদ্ধিৰ প্ৰতিশ্ৰুতি দিয়ে । প্ৰধানমন্ত্ৰীগৰাকীয়েও কোম্পানীবোৰক ভাৰতত অধিক বিনিয়োগ, গৱেষণাৰ বাবে আহ্বান জনায় ।

Modi US visit
ভাৰতত বিনিয়োগৰ প্ৰতিশ্ৰুতি আমেৰিকাৰ কৰ্পোৰেট গোষ্ঠীৰ
author img

By

Published : Sep 24, 2021, 10:32 AM IST

নেশ্যনেল ডেস্ক, ২৪ ছেপ্টেম্বৰ : ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত অংশগ্ৰহণৰ বাবে আমেৰিকাত উপস্থিত হৈছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী । ভাৰত, আমেৰিকা যুক্তৰাষ্ট্ৰ, অষ্ট্ৰেলিয়া আৰু জাপানক লৈ গঠিত কোৱাড নেতাসকলৰ প্ৰথমখন শাৰীৰিক সন্মিলনতো অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে । কিন্তু ইয়াৰ মাজতে যুক্তৰাষ্ট্ৰৰ শীৰ্ষ কৰ্পোৰেটৰসকলৰ সৈতে আলোচনাত মিলিত হৈছে প্ৰধানমন্ত্ৰীগৰাকী ।

যুক্তৰাষ্ট্ৰৰ শীৰ্ষ কৰ্পোৰেটৰসকলে ভাৰতত অধিক বিনিয়োগ, গৱেষণা আৰু বিকাশৰ বাবে প্ৰধানমন্ত্ৰীক প্ৰতিশ্ৰুতি প্ৰদান কৰিছে । চৰকাৰী সূত্ৰ অনুসৰি, প্ৰধানমন্ত্ৰীয়ে বৃহস্পতিবাৰে বিশ্বৰ সৰ্ববৃহৎ ম'বাইল ডিভাইচ চিপমেকাৰ কোৱালকমৰ (Qualcomm) মুখ্য কাৰ্যবাহী বিষয়া ক্ৰিষ্টিয়ানো আমনক সাক্ষাৎ কৰে । কোম্পানীটোৰ ভাৰতত বিশাল আধিপত্য আছে লগতে ইয়াত গৱেষণা আৰু উন্নয়নত জড়িত কোম্পানীটো ।

কোৱালকমৰ মুখ্য কাৰ্যবাহী বিষয়াৰ উপৰিও প্ৰধানমন্ত্ৰী মোডীয়ে বিশ্বৰ সৰ্ববৃহৎ ফটো আৰু ভিডিঅ' সম্পাদনা ছফ্টৱেৰ কোম্পানী ‘এডোব’ৰ (Adobe) ভাৰতীয় মূলৰ মুখ্য কাৰ্যবাহী বিষয়া শান্তনু নাৰায়ণকো সাক্ষাৎ কৰে । বৈঠকত প্ৰধানমন্ত্ৰীয়ে ফাৰ্ষ্ট চোলাৰৰ (First Solar) মুখ্য কাৰ্যবাহী বিষয়া মাৰ্ক ৱিডমাৰকো সাক্ষাৎ কৰে ।

প্ৰধানমন্ত্ৰী মোডীৰ সৈতে হোৱা বৈঠকত কোৱালকমৰ (Qualcomm) মুখ্য কাৰ্যবাহী বিষয়া আমনে ভাৰতৰ উচ্চাকাংক্ষী ডিজিটেল কাৰ্যসূচী যেনে ৫জি টেলিকম সেৱা, প্ৰধানমন্ত্ৰী ৱানী আঁচনি আৰু আন ক্ষেত্ৰতো কাম কৰিবলৈ ইচ্ছা ব্যক্ত কৰে । প্ৰধানমন্ত্ৰী মোডীৰ সৈতে হোৱা বাৰ্তালাপত আমনে ভাৰতত উপলব্ধ সুবিধাৰ বিষয়ে উল্লেখ কৰি কয় যে, কোম্পানীটোৱে কেৱল ভাৰতক এখন ডাঙৰ বজাৰ হিচাপেই নহয়, এক বিশাল ৰপ্তানিৰ বজাৰ হিচাপেও বিবেচনা কৰে ।

ইফালে কোৱালকমৰ মুখ্য কাৰ্যবাহী বিষয়াক প্ৰধানমন্ত্ৰী মোডীয়ে আশ্বাস দিয়ে যে তেওঁৰ চৰকাৰে কোম্পানীটোৰ দ্বাৰা দিয়া প্ৰস্তাৱসমূহৰ ওপৰত সক্ৰিয়ভাৱে কাম কৰিব । সূত্ৰ অনুসৰি, প্ৰধানমন্ত্ৰীয়ে কোম্পানীটোক ভাৰতৰ নিজা নেভিগেশ্বন প্ৰণালী নাভিকৰ (system NAVIK) ক্ষেত্ৰত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায় ।

কোৱালকমৰ সৈতে কাম কৰা ভাৰতীয় প্ৰতিভাৰ বিষয়ে উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোডীয়ে কোম্পানীটোক ভাৰতৰ উৎপাদন সংযোজিত ইনচেণ্টিভ আঁচনি আৰু দেশত নিৰ্মাণৰ সুবিধা ল'বলৈ আহ্বান জনায় । প্ৰধানমন্ত্ৰীয়ে নতুন ড্ৰোণ নীতিৰ বিষয়েও কয় আৰু এই বজাৰখনত কোৱালকমে নতুন সুযোগত অংশগ্ৰহণ কৰিব পাৰিব বুলিও উল্লেখ কৰে । ফাৰ্ষ্ট চোলাৰ কোম্পানীৰ মুখ্য কাৰ্যবাহী বিষয়া মাৰ্ক ৱিডমাৰে জলবায়ু পৰিৱৰ্তনৰ ক্ষেত্ৰত ভাৰতে কৰা প্ৰচেষ্টাৰ প্ৰশংসা কৰে ।

বিশ্বৰ দ্বিতীয় সৰ্ববৃহৎ সৌৰ পেনেল নিৰ্মাতাৰ মুৰব্বী ৱিডমাৰে ভাৰতত ফটোভল্টেইক সৌৰ পেনেল কেনেদৰে নিৰ্মাণ কৰিব লাগে সেই বিষয়ে আলোচনা কৰে । সূত্ৰ অনুসৰি, প্ৰধানমন্ত্ৰী মোডীক তেওঁ ভাৰতৰ ৪৫০ গিগাৱাট নৱীকৰণযোগ্য শক্তিৰ উচ্চাকাংক্ষী লক্ষ্যৰ বিষয়েও কয় । ইফালে প্ৰধানমন্ত্ৰীয়ে আমেৰিকান সৌৰ পেনেল নিৰ্মাতাক ভাৰতত উৎপাদন সংযোজিত আঁচনি আৰু উৎপাদনৰ সুবিধা ল'বলৈ আমন্ত্ৰণ জনায় । প্ৰধানমন্ত্ৰী মোডীয়ে মুখ্য কাৰ্যবাহী বিষয়াৰ সৈতে ভাৰতৰ গ্ৰীণ হাইড্ৰ'জেন অভিযানৰ (green hydrogen mission) বিষয়েও আলোচনা কৰে ।

লগতে পঢ়ক :80 শতাংশলৈ হ্ৰাস পালে শিক্ষানুষ্ঠানসমূহৰ ওপৰত আৰোপ কৰা Patent fees

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.