ETV Bharat / bharat

গোৱাত ৰাছিয়ান মডেল আলেকজেন্দ্ৰা জাভিৰ ৰহস্যজনক মৃত্যু

author img

By

Published : Aug 24, 2021, 4:26 PM IST

Updated : Aug 24, 2021, 5:48 PM IST

কাঞ্চনা-3 ৰ অভিনেত্ৰী তথা ৰাছিয়ান মডেল আলেকজেন্দ্ৰা জাভি (Alexandra Djavi)ৰ ৰহস্যজনক মৃত্যুৱে সমগ্ৰ দেশতে তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে ৷ উত্তৰ গোৱাৰ চিওলিম অঞ্চলৰ ভাড়া ঘৰত চীপ লৈ থকাৰ অৱস্থাত উদ্ধাৰ হৈছিল এইগৰাকী ৰাছিয়ান মডেলৰ মৃতদেহ ৷

Alexandra Djavi
গোৱাত ৰাছিয়ান মডেল আলেকজেন্দ্ৰা ডজাভিৰ ৰহস্যজনক মৃত্যু

নিউজ ডেস্ক, 24 আগষ্ট : তামিল চলচিত্ৰ কাঞ্চনা-3 (Kanchana 3) ৰ অভিনেত্ৰী তথা ৰাছিয়ান মডেল আলেকজেন্দ্ৰা জাভি (Alexandra Djavi)ৰ ৰহস্যজনক মৃত্যুৱে সমগ্ৰ দেশতে তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে ৷ জানিব পৰা মতে, উত্তৰ গোৱাৰ চিওলিম অঞ্চলৰ ভাড়া ঘৰত চিপ লৈ থকাৰ অৱস্থাত উদ্ধাৰ হৈছিল ৰাছিয়ান মডেল গৰাকীৰ মৃতদেহ ৷

আৰক্ষীৰ সূত্ৰই সদৰি কৰা মতে, কিছু দিনৰ পূৰ্বলৈকে প্ৰেমিকৰ সৈতে সেই ভাড়া ঘৰতে একেলগতে বাস কৰিছিল তামিল চলচিত্ৰ কাঞ্চনা-3 (Kanchana 3)ৰ অভিনেত্ৰী আলেকজেন্দ্ৰা জাভি ৷ কিন্তু অভিনেত্ৰীগৰাকীৰ কিছু দিনৰ পূৰ্বে প্ৰেম বিচ্ছেদ হৈছিল বুলি জানিবলৈ দিছে চিঅ’লিম(Siolim) অঞ্চলৰ নিবাসী সকলে ৷

ইয়াৰ পাচতে মানসিকভাৱে একেবাৰে দুৰ্বল হৈ পৰিছিল 24 বছৰীয়া আলেকজেন্দ্ৰা জাভি ৷ কিছু দিনৰ পৰা চিকিৎসকৰ পৰামৰ্শ মৰ্মে মানসিকৰ ৰোগৰ ঔষধও গ্ৰহণ কৰি আহিছিল অভিনেত্ৰী গৰাকীয়ে ৷

লগতে পঢ়ক: 1 ছেপ্তেম্বৰৰ পৰা শিক্ষানুষ্ঠান খোলাৰ নিৰ্দেশ চৰকাৰৰ

গোৱা আৰক্ষীয়ে প্ৰাৰম্ভিক পৰ্যায়ত সন্দেহ কৰা মতে এইয়া এক আত্মহত্যাৰ ঘটনা ৷ প্ৰেমিকৰ সৈতে প্ৰেমৰ বিচ্ছেদ হোৱাৰ পাচতে অধিক হতাশাত আছিল অভিনেত্ৰী গৰাকী ৷ ইয়াৰ ফলশ্ৰুতিতেই অভিনেত্ৰী গৰাকীয়ে আত্মহত্যাৰ দৰে পথ বাছি লোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে ৷

এই সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰা এগৰাকী আৰক্ষীৰ বিষয়াই উল্লেখ কৰা অনুসৰি, প্ৰেমৰ বিচ্ছেদ হোৱাৰ পাচতে অভিনেত্ৰীগৰাকী আৰু তেওঁৰ প্ৰেমিক একেটা এপাৰ্টমেণ্টতে বাস কৰিছিল ৷ কিন্তু অভিনেত্ৰগৰাকীৰ মৃত্যুৰ সময়ত প্ৰেমিক সেই এপাৰ্টমেণ্টত নাছিল ৷

উল্লেখ্য যে, ৰাছিয়ান মডেল তথা কাঞ্চনা-3 ৰ অভিনেত্ৰী আলেকজেন্দ্ৰা জাভিয়ে ২০১৯ চনত চেন্নাইত এগৰাকী ফটোগ্ৰাফাৰৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ এক অভিযোগ উত্থাপন কৰিছিল ৷ অভিনেত্ৰী গৰাকীৰ এজাহাৰ ভিত্তিত সেই ফটোগ্ৰাফাৰ গৰাকীক আটক কৰিছিল চেন্নাই আৰক্ষীয়ে ৷

গতিকে, অধিবক্তা তথা ৰাছিয়ান কনচুলেট(Consulate)ৰ বিক্ৰম বৰ্মাই চেন্নাইৰ সেই ফটোগ্ৰাফাৰ গৰাকীকো তদন্তৰ আওতালৈ আনিবলৈ গোৱা আৰক্ষীক আহ্বান জনাইছে ৷

লগতে পঢ়ক: জনা-নজনা : বিশ্ব ঐতিহ্যক্ষেত্ৰ উলুৰুক আৰ্য়াছ ৰক

Last Updated : Aug 24, 2021, 5:48 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.