ETV Bharat / bharat

প্ৰবজনকাৰী শ্ৰমিকৰ কৰ্ম সংস্থাপনৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ মিজোৰাম যুৱ আয়োগৰ - মন্ত্ৰী লালছনদামা ৰাল্টে

লকডাউনৰ সময়ত কামৰ অভাৱত ৰাজ্যলৈ উভতি অহা শ্ৰমিকে পুনৰ বিভিন্ন ক্ষেত্ৰত কাম কৰিব পৰাৰ সুযোগ আনি দিছে মিজোৰাম যুৱ আয়োগে । প্ৰবজনকাৰী শ্ৰমিকৰ কৰ্ম সংস্থাপনৰ বাবে গ্ৰহণ কৰা পৰিযোজনাৰ দ্বিতীয় পৰ্যায়ৰ কাৰ্যসূচীৰ শুভাৰম্ভণি কৰে মন্ত্ৰী লালছনদামা ৰাল্টেই ।

প্ৰবজনকাৰী শ্ৰমিকৰ কৰ্ম সংস্থাপনৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ মিজোৰাম যুৱ আয়োগৰ

author img

By

Published : Jan 19, 2021, 9:52 PM IST

নেশ্যনেল ডেস্ক, ১৯ জানুৱাৰী: মিজোৰাম যুৱ আয়োগৰ উদ্যোগত প্ৰবজনকাৰী শ্ৰমিকৰ কৰ্ম সংস্থাপনৰ বাবে গ্ৰহণ কৰা এক পৰিযোজনাৰ দ্বিতীয় পৰ্যায়ৰ কাৰ্যসূচীৰ শুভাৰম্ভণি কৰে শ্ৰম আৰু সংস্থাপন, দক্ষতা বিকাশ বিভাগৰ মন্ত্ৰী লালছনদামা ৰাল্টেই । আন ৰাজ্যত কাম কৰি থকা মিজোৰামৰ বহু শ্ৰমিক মহামাৰীৰ বাবে ঘোষণা কৰা লকডাউনৰ সময়ত কৰ্মহীন হৈ নিজ ৰাজ্যলৈ উভতি আহিছিল ।

কৰ্ম সংস্থাপনৰ অভাৱত দুবেলা দুমুঠি আহাৰ যোগাৰ কৰিব নোৱাৰা প্ৰবজনকাৰী শ্ৰমিকৰ বাবে এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে মিজোৰাম যুৱ আয়োগে । প্ৰবজনকাৰী শ্ৰমিকৰ কৰ্ম সংস্থাপনৰ বাবে এক পৰিযোজনাৰ গ্ৰহণ কৰে । মঙলবাৰে আইজল ক্লাবত এই পৰিযোজনাৰ দ্বিতীয় পৰ্যায়ৰ কাৰ্যসূচীৰ শুভাৰম্ভণি কৰা হয় । এই অনুষ্ঠানত মিজোৰাম যুৱ আয়োগৰ চেয়াৰমেন ড০ বনলালটেনপুইয়াই কয় যে, এই পৰিযোজনা দুটা পৰ্যায়ত বিভক্ত কৰা হয় ।

প্ৰথম পৰ্যায়ৰ কাম ফেব্ৰুৱাৰী মাহৰ ভিতৰত আৰু দ্বিতীয় পৰ্যায়ৰ কাম জুলাই মাহত সম্পূৰ্ণ হ'ব বুলি জনাইছে চেয়াৰমেনগৰাকীয়ে । এই পৰিযোজনাৰ বাবে এন ই চিয়ে ২৭০ লাখ টকা আগবঢ়াইছে । এই পৰিযোজনাৰ অধীনত ১১ খন জিলাত ৰাজমিস্ত্ৰী, ৬ খন জিলাত গাহৰি পালন, ৬ জিলাত খাদ্য প্ৰস্তুত কৰা আৰু ৫ খন জিলাত কেক তৈয়াৰ কৰাৰ প্ৰশিক্ষণ দিয়া হ'ব ।

লগতে পঢ়ক:ৰাহুল গান্ধীক কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰশ্ন জে পি নাড্ডাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.