ETV Bharat / bharat

ম্যানমাৰৰ শৰণাৰ্থী সম্পৰ্কে জ'ৰাম থাংগাৰ প্ৰধানমন্ত্ৰীলৈ পত্ৰ

author img

By

Published : Mar 22, 2021, 4:31 PM IST

Updated : Mar 23, 2021, 2:35 PM IST

ম্যানমাৰৰ শৰণাৰ্থীসকলৰ কষ্টৰ প্ৰতি সহমৰ্মিতা প্ৰদৰ্শন কৰি মিজোৰামৰ মুখ্যমন্ত্ৰী জ'ৰাম থাংগাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ এখন পত্ৰ প্ৰেৰণ কৰিছে ৷ ম্যানমাৰৰ শৰণাৰ্থীসকলৰ বাবে আশ্ৰয়, খাদ্য তথা সংস্থাপনৰ বাবে প্ৰধানমন্ত্ৰীক আহ্বান জ'ৰাম থাংগাৰ ৷

mizoram cm writes to pm modi on myanmar refugees
ম্যানমাৰৰ শৰণাৰ্থীক লৈ জ'ৰাম থাংগাৰ প্ৰধানমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ

আইজল,22 মাৰ্চ: শেহতীয়াকৈ মিজোৰামৰ মুখ্যমন্ত্ৰী জ'ৰাম থাংগাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ প্ৰেৰণ কৰা এখন পত্ৰত এই কথা উল্লেখ কৰিছে যে, মিজোৰামৰ মিজোসকলৰ সৈতে ম্যানমাৰৰ চিন সম্প্ৰদায়ৰ লোকসকল জাতিগতভাৱে জড়িত হৈ আছে ৷ সেয়ে মিলিটেৰি শাসনৰ ফলস্বৰূপে ম্যানমাৰৰ লোকসকলে যি যাতনা আৰু কষ্ট ভোগ কৰিছে তাৰ প্ৰতি মিজোৰাম উদাসীন হৈ থাকিব নোৱাৰে ৷

জ'ৰাম থাংগাই তেওঁৰ পত্ৰখনত কিছুমান বিশেষ বৈদেশিক সম্বন্ধিত বিষয়ত ভাৰতে সতৰ্কতামূলক ব্যৱস্থা ল'বলগীয়া প্ৰয়োজনীয়তাৰ বিষয়ে উল্লেখ কৰাৰ লগতে ম্যানমাৰৰ লোকসকলে সন্মুখীন হোৱা মানৱীয় সংকটক অৱজ্ঞা নকৰাৰ প্ৰয়োজনীয়তাৰ বিষয়েও উল্লেখ কৰে ৷ বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰৰ নেতা হিছাপে প্ৰধানমন্ত্ৰী গৰাকীক ভাৰতত ম্যানমাৰৰ শৰণাৰ্থীসকলক খাদ্য আৰু আশ্ৰয় প্ৰদানৰ বাবে আহ্বান জনায় ৷

উল্লেখ্য যে, সংসদৰ দুগৰাকীকৈ সদস্যইও ম্যানমাৰত অব্যাহত থকা ৰাজনৈতিক অশান্তি আৰু মিজোৰামলৈ উভতি অহা ম্যানমাৰৰ শৰণাৰ্থীসকলৰ আশ্ৰয় তথা সংস্থাপনৰ ক্ষেত্ৰত বৈদেশিক পৰিক্ৰমা মন্ত্ৰীক লগ কৰি গভীৰ উদ্বেগ প্ৰকাশ কৰে ৷ এই ক্ষেত্ৰত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এচ জয়শংকৰে কয় যে, শৰণাৰ্থীসকলৰ অৱস্থাক লৈ সাংসদ কেইজনে উপস্থাপন কৰা বিষয়ৰ প্ৰতি গুৰুত্ব আৰোপ কৰা হৈছে ৷ সমগ্ৰ বিষয়টোৰ ক্ষেত্ৰত সাৱধানতাৰে ব্যৱস্থা গ্ৰহণ কৰা হ'ব ৷

ৰাজ্যসভাৰ সদস্য কে ভানলাভেনাইও ম্যানমাৰত সেনাৰ শাসনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি থকা প্ৰতিবাদী সকলৰ দুখৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতলৈ প্ৰৱেশ কৰাৰ ক্ষেত্ৰত ম্যানমাৰৰ শৰণাৰ্থীসকলৰ ওপৰত আৰোপ কৰা নীতি কিছু পৰিমাণে শিথিল কৰি দিবলৈ গৃহ মন্ত্ৰালয়ক আহ্বান জনাইছে ৷

লগতে পঢ়ক: মিজোৰামত বৃহৎ পৰিমাণৰ অশ্বগন্ধা জব্দ

Last Updated : Mar 23, 2021, 2:35 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.