আগৰতলা, 4 জুলাই : ত্ৰিপুৰাত সাংবাদিকৰ ওপৰতৰ অচিনাক্ত দুৰ্বৃত্তৰ আক্ৰমণ (Miscreants attacked journalist in Tripura) ৷ ত্ৰিপুৰাৰ এখন বাংলা আঞ্চলিক কাকতৰ সাংবাদিক তাপস দাসক দেওবাৰে নিশা কাম শেষ ঘৰলৈ গৈ থকা অৱস্থাতে নৃশংসভাৱে আক্ৰমণ কৰে কোনো দুৰ্বৃত্তই ৷ আগৰতলাৰ ইন্দ্ৰনগৰত সংঘটিত হয় এই ঘটনা ৷ নিশা প্ৰায় 12 বজাত কাৰ্যালয়ত কাম শেষ কৰি নিজৰ চাইকেলেৰে গৃহাভিমুখে গৈ আছিল সাংবাদিক দাস ৷ এই আক্ৰমণত সাংবাদিকগৰাকীৰ দুয়োখন হাতেই গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ৷ বৰ্তমান তেওঁ জি বি পন্ট হাস্পতালত চিকিৎসাধীন হৈ আছে ৷
এই ঘটনাৰ পাচতে কাকতখনৰ সম্পাদকে উল্লেখ কৰিছে যে, ত্ৰিপুৰাত সাংবাদিকৰ ওপৰত আক্ৰমণৰ ঘটনা বৃদ্ধি পাইছে (Tripura journalist attack)৷ শেহতীয়াকৈ 26 গৰাকী সাংবাদিক আক্ৰমণৰ বলি হৈছে ৰাজ্যখনত ৷ সম্পাদক গৰাকীয়ে কয়, ‘‘যদি আমাৰ সংবাদপত্ৰই কোনো ভুল কৰিছে বা সমস্যাৰ সৃষ্টি কৰিছে তেন্তে তেওঁলোক আইনৰ কাষ চাপিব পাৰে ৷ কিন্তু তাকে নকৰি আমাৰ সাংবাদিকক কিয় আক্ৰমণ কৰিছে ? আইনী প্ৰক্ৰিয়াৰ পৰিৱৰ্তে এনে আক্ৰমণ সংঘটিত কৰাতো সম্পূৰ্ণ সংবাদ মাধ্যমকেই আক্ৰমণৰ দৰে হৈছে ৷ এয়া গণতন্ত্ৰৰ ওপৰতো আক্ৰমণ’’ ৷
ইফালে, ত্ৰিপুৰাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বিৰোধী দলপতি মানিক সৰকাৰ জিবি হাস্পতালত উপস্থিত হৈ ভুক্তভোগী সাংবাদিকগৰাকীক সাক্ষাৎ কৰে ৷ তেওঁ কয়, ‘‘চিকিৎসকে তাপস দাসক পৰীক্ষা কৰি আছে ৷ দুয়োখন হাততে তেওঁ যথেষ্ট পৰিমাণে আঘাত পাইছে ৷ দুয়োখন হাতৰে আঙুলিৰ লগতে হাতৰ বিভিন্ন ঠাইতো ভাগিছে ৷ সাংবাদিকজনে মূৰতো আঘাত পাইছে ৷ শেহতীয়াকৈ আমি মুখ্য সচিবক লগ কৰি সাংবাদিকৰ ওপৰত আক্ৰমণৰ লগতে বিভিন্ন বিষয় অৱগত কৰিছোঁ ৷ সাংবাদিকজনৰ আশু আৰোগ্য কামনা কৰিছোঁ’’ ৷
সৰকাৰে লগতে এই ঘটনাৰ অভিযুক্তক আটক কৰাৰ বাবেও দাবী জনাইছে ৷ Tripura Working Journalists’ Association আৰু আগতলা প্ৰেছ ক্লাৱেও এই ঘটনাক গৰিহণা দিয়াৰ লগতে দোষীৰ শাস্তি দাবী কৰিছে ৷
লগতে পঢ়ক : ডিমা হাছাওত পথ দুৰ্ঘটনাত ৩ যুৱকৰ মৃত্যু