নেশ্যনেল ডেস্ক, 27 জানুৱাৰী: অনলাইন সামগ্ৰী ক্ৰয় কৰোঁতে সাৱধান হওক (Aware of Online Shopping) ৷ সংবাদ মাদ্যমত প্ৰায়েই অনলাইনযোগে সামগ্ৰী ক্ৰয় কৰি গ্ৰাহক প্ৰৱঞ্চনাৰ বলি হোৱা বাতৰি প্ৰচাৰ হৈ আহিছে ৷ তথাপিও যেন এতিয়াও সতৰ্ক হোৱা নাই একাংশ গ্ৰাহক (Fraud Online Shopping)৷ এইবাৰ পুনৰ মহাৰাষ্ট্ৰৰ অমৰাৱতী জিলাৰ চান্দুৰ ৰে’ল চহৰৰ নীলেশ চন্দৰানা নামৰ এজন লোক প্ৰৱঞ্চনাৰ বলি হোৱাৰ খবৰ পোহৰলৈ আহিছে (Online Shopping scam in Maharashtra) ৷
শেহতীয়াকৈ উৎসৱৰ বতৰৰ বাবে বহুকেইটা অনলাইন এপ্পত অফাৰ দি আছিল ৷ ইয়াকে দেখা পাই নীলেশ নামৰ ব্যক্তিজনে আগশাৰীৰ মোবাইল ফোনৰ কোম্পানী One Plus ৰ এটা ফোন অৰ্ডাৰ কৰিছিল ৷ লোকজনে কোৱা অনুসৰি যোৱা ১৭ জানুৱাৰীত পৰিয়ালৰ এজন সদস্যৰ বাবে তেঁও ২৮ হাজাৰ ৯৯৯ টকাৰ মূল্যত ৱান প্লাছ কোম্পানীৰ ২টি ৫জি মোবাইল ফোন এটা প্ৰতিষ্ঠিত অনলাইন শ্বপিঙৰ জৰিয়তে অৰ্ডাৰ কৰিছিল ।
তাৰ পিছতে মোবাইল ফোনটোৰ পাৰ্চেলটো পোৱাৰ পিচত 24 জানুৱাৰীত যেতিয়া তেওঁ ডেলিভাৰী ল’ৰাজনৰ সন্মুখত পেকিংটো খুলিছিল তেতিয়াই উলাই পৰে উৰহীৰ উৰ ৷ পেকেটটো খোলোতে তেওঁ দেখে যে ৱান প্লাছ কোম্পানীৰ মোবাইল ফোনৰ সলনি, তেওঁ ৰেডমি 9 মডেলৰ এট ফোন সোমাই আছে । ইয়াৰ লগতে এটা লাক্স আৰু লাইফবয় চাবোন পাইছিল পেকেটটোৰ ভিতৰত (Customer Recieved another mobile and soap)।
নীলেশ চন্দৰানাই এই ঘটনা দেখি আচৰিত হয় । ইয়াৰ পিচত তেওঁ ডেলিভাৰী ল’ৰাজনৰ জৰিয়তে সংশ্লিষ্ট কোম্পানীৰ ওচৰত অভিযোগ উত্থাপন কৰে ৷ অচিৰেই কোম্পানীটোৱে বিষয়টো তদন্ত কৰাৰ লগতে অপৰাধীৰ বিৰুদ্ধে ব্যৱস্থা ল’বলৈ দাবী জনায় ৷ ইয়াৰোপৰি গ্ৰাহক নীলেশ চন্দৰানাই কোম্পানীটোক এটা নতুন মোবাইল ফোন দিবলৈ অনুৰোধ জনাইছে।
অনলাইন শ্বপিংত প্ৰৱঞ্চনাৰ বলি হোৱাৰ পিছতে নীলেশ চন্দৰানাই গ্ৰাহকসকলক অনলাইনৰ পৰিৱৰ্তে দোকানৰ পৰা সামগ্ৰী ক্ৰয় কৰিবলৈ আহ্বান জনাইছে ।
লগতে পঢ়ক:Opium cultivation increases: সামৰিক অধিগ্ৰহণৰ পিছত ম্যানমাৰত ব্যাপক হাৰত বৃদ্ধি আফিং উৎপাদন