ETV Bharat / bharat

1 ছেপ্তেম্বৰৰ পৰা পৰ্যটকৰ বাবে মুকলি হ'ব মেঘালয় - elaxations of Covid protocols

1 ছেপ্তেম্বৰৰ পৰা মেঘালয়ক পৰ্যটকৰ বাবে মুকলি কৰি দিয়া হ'ব ৷ মেঘালয়ৰ মুখ্যমন্ত্ৰী গৰাকীয়ে সদৰী কৰিছে এই কথা ৷ পৰ্যটকৰ বাবে ৰাজ্যখন মুকলি কৰি দিয়াৰ লগতে শিক্ষানুষ্ঠানসমূহ খোলাৰ ক্ষেত্ৰতো কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ মেঘালয় চৰকাৰৰ ৷ অৱশ্যে মেঘালয়ৰ ভ্ৰমণৰ বাবে পৰ্যটকৰ বাবে মেঘালয় চৰকাৰে জাৰি কৰিছে কেতবোৰ নিৰ্দেশনা ৷

meghalaya tourism sector to reopen from 1 september
1 ছেপ্তেম্বৰৰ পৰা পৰ্যটকৰ বাবে মুকলি হ'ব মেঘালয়
author img

By

Published : Aug 27, 2021, 5:23 PM IST

নিউজ ডেস্ক, 27 আগষ্ট : পুনৰ মুকলি হ'ব মেঘালয়ৰ পৰ্যটন ক্ষেত্ৰ ৷ বৃহস্পতিবাৰে মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড কে চাংমা(Conrad K Sangma)ই ৰাজ্যৰ পৰ্যটন ক্ষেত্ৰ পুনৰ মুকলি কৰাৰ কথা ঘোষণা কৰিছে ৷ মুখ্যমন্ত্ৰী কনৰাড কে চাংমাই সদৰী কৰা অনুসৰি, ভ্ৰমণকাৰীসকলৰ বাবে ক'ভিড প্ৰট'কল শিথিল(relaxations of Covid protocols) কৰি 1 ছেপ্তেম্বৰৰ পৰা ৰাজ্যৰ পৰ্যটন ক্ষেত্ৰ পুনৰ মুকলি কৰি দিয়া হ'ব ৷

মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, সম্পূৰ্ণৰূপে ক'ভিড প্ৰতিষেধক গ্ৰহণ কৰা পৰ্যটকসকলক মেঘালয় ভ্ৰমণৰ বাবে অনুমতি দিয়া হ'ব ৷ আনহাতে কেৱল প্ৰথমপালি প্ৰতিষেধক গ্ৰহণ কৰাসকলৰ বাবে মেঘালয়ত প্ৰৱেশ কৰাৰ 72 ঘন্টা পূৰ্বে ক'ভিড পৰীক্ষাৰ ফলাফল নিগেটিভ(negative Covid test reports) হোৱাটো বাধ্যতামূলক ৷

টুইটাৰযোগে মুখ্যমন্ত্ৰীগৰাকীয়ে এই কথা সদৰী কৰে ৷ টুইটযোগে তেওঁ কয় যে, কেৱল এপালি প্ৰতিষেধক গ্ৰহণ কৰাসকলৰ হাতত 72 ঘন্টা পূৰ্বে RT-PCR/TrueNat/CBNAAT ৰ নিগেটিভ ফলাফল থকাটো বাধ্যতামূলক ৷

লগতে পঢ়ক : মেঘালয়ৰ মুখ্যমন্ত্ৰীৰ বাসগৃহলৈ পেট্ৰ'ল বোমা নিক্ষেপ

মেঘালয়ৰ বাসিন্দাসকল(Residents of Meghalaya)কো ৰাজ্যখনৰ যিকোনো পৰ্যটন স্থলী ভ্ৰমণ কৰিবলৈ অনুমতি দিয়া হ'ব বুলি তেওঁ জানিবলৈ দিয়ে ৷ 1 ছেপ্তেম্বৰৰ পৰাই মহাবিদ্যালয়সমূহত শ্ৰেণী পুনৰ আৰম্ভ কৰাৰ বাবেও বৃহস্পতিবাৰে মেঘালয়ৰ কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰে ৷ আনহাতে নগৰ অঞ্চলসমূহৰ বিদ্যালয়সমূহ(schools in urban areas)ৰ ক্ষেত্ৰত নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে পুনৰ খোলাৰ বাবে অনুমতি দিয়াৰ সম্ভাৱনা আছে ৷

মুখ্যমন্ত্ৰীগৰাকীয়ে সদৰী কৰা অনুসৰি, গ্ৰাম্য অঞ্চলৰ সকলো বিদ্যালয়ক ষষ্ঠ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে খোলাৰ বাবে অনুমতি দিয়া হ'ব ৷ ইফালে নগৰ অঞ্চলসমূহৰ বিদ্যালয়ৰ ক্ষেত্ৰত প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণী পৰ্যন্ত অনলাইন ক্লাচৰ ব্যৱস্থা থাকিব ৷ ষষ্ঠ শ্ৰেণীৰ বাবে দ্বাদশ শ্ৰেণীলৈকে school visitsৰ ব্যৱস্থা ৰখাৰ পৰিৱৰ্তে নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ বিদ্যালয় খোলাৰ সম্ভাৱনা আছে ৷

উল্লেখ্য যে, মেঘালয় চৰকাৰে 5 মে' তাৰিখে সমগ্ৰ ৰাজ্যখনতে লকডাউন জাৰি কৰিছিল ৷ সম্প্ৰতি ক'ভিডসৃষ্ট পৰিস্থিতি কিছু সুস্থিৰ অৱস্থালৈ অহাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে জাৰি কৰা নিষেধাজ্ঞাসমূহ শিথিল কৰি আহিছে ৷

লগতে পঢ়ক : শীঘ্ৰে সীমান্তৰ বিবদমান এলেকা পৰিদৰ্শন কৰিব অসম-মেঘালয়ৰ মুখ্যমন্ত্ৰীয়ে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.