ETV Bharat / bharat

Meghalaya Cabinet amendment: মেঘালয়ত বাস নকৰা গাৰো লোকে এতিয়াৰে পৰা আবেদন কৰিব নোৱাৰিব ৰাজ্যখনৰ চৰকাৰী চাকৰিৰ বাবে - চাকৰিৰ সংৰক্ষণৰ ক্ষেত্ৰত মেঘালয় চৰকাৰ

চাকৰিৰ সংৰক্ষণৰ ক্ষেত্ৰত মেঘালয় চৰকাৰৰ বিশেষ পদক্ষেপ ৷ কেইবাটাও সংশোধনী আনে নিযুক্তিৰ ক্ষেত্ৰত ৷ মেঘালয় কেবিনেটে সৰ্বমুঠ 7 টা গুৰুত্বপূৰ্ণ সংশোধনী কৰে ৷

Meghalaya Cabinet amendment
চাকৰিৰ সংৰক্ষণৰ ক্ষেত্ৰত মেঘালয় চৰকাৰৰ বিশেষ পদক্ষেপ
author img

By

Published : Jun 28, 2023, 1:59 PM IST

গুৱাহাটী, 28 জুন : চুবুৰীয়া ৰাজ্য মেঘালয়ত সংশ্লিষ্ট চৰকাৰে গ্ৰহণ কৰিছে কেতবোৰ গুৰুত্বপূৰ্ণ পদক্ষেপ ৷ এই উদ্দেশ্যে মেঘালয় কেবিনেটত নীতিৰ ব্যাপক সংশোধনত অনুমোদন জনোৱা হৈছে ৷ মেঘালয় কেবিনেটে সোমবাৰৰ সন্ধিয়া চাকৰি সংৰক্ষণ সন্দৰ্ভত বিভিন্ন কাৰ্যালয়ৰ স্মাৰকপত্ৰৰ ক্ষেত্ৰত সংশোধনী আনে ৷ গাৰোসকলৰ বাবে সংৰক্ষিত খালী পদৰ সন্দৰ্ভতো 1974 চনত জাৰি কৰা কাৰ্যালয় স্মাৰকৰো সংশোধন চলোৱা হৈছে ৷ সেই অনুসৰি এতিয়াৰ পৰা গাৰো শ্ৰেণীৰ বাবে যিবোৰ খালী পদ উদ্ভৱ হয়, সেইবোৰ কেৱল মেঘালয়ৰ ভিতৰত বাস কৰা গাৰো প্ৰাৰ্থীয়েহে পূৰণ কৰিব পাৰিব ।

পূৰ্বৰ অ’ এমে ৰাজ্যৰ বাহিৰৰ পৰা অহা গাৰোসকলক খালী পদ পূৰণৰ অনুমতি প্ৰদান কৰিছিল । কেবিনেটে বাতিল কৰা 1972 চনৰ চাকৰি সংৰক্ষণ নীতি অনুসৰি খাচী আৰু গাৰোসকলৰ বাবে 80 শতাংশ, আন জনগোষ্ঠীৰ বাবে 5 শতাংশ আৰু বাকী 15 শতাংশ ৰাজ্যত বাস কৰা আন লোকৰ বাবে সংৰক্ষিত হ’ব লাগে । তাৰে 40 শতাংশ গাৰো আৰু 40 শতাংশ খাচীসকলৰ বাবে সংৰক্ষিত ৷ 1972 চনৰ চাকৰি সংৰক্ষণ নীতিৰ অধীনত ৰাজ্যখনত বাস নকৰা গাৰো জনজাতিসকলে মেঘালয় চৰকাৰৰ চাকৰিৰ বাবে আবেদন কৰিবলৈ অনুমতি প্ৰদান কৰিছিল ৷ এতিয়াৰে পৰা চাকৰি সংৰক্ষণ নীতিৰ অধীনত ৰাজ্যখনত বাস নকৰা গাৰো জনজাতিৰ লোকসকলে মেঘালয় চৰকাৰৰ চাকৰিৰ বাবে আবেদন কৰিব নোৱাৰিব ।

মেঘালয় কেবিনেটে সংৰক্ষণ নীতি আৰু সংৰক্ষণ ৰ'ষ্টাৰৰ স্মাৰকপত্ৰ সংশোধন কৰিছে কৰ্মচাৰী বিভাগৰ কাৰ্যালয়ে ৷ 1972 চনৰ কাৰ্যালয় স্মাৰকত অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিসমূহৰ বাবে খালী পদ সন্দৰ্ভত কোৱা হৈছিল যে সম্ভাৱ্য সম্প্ৰদায়সমূহৰ বাবে বিজ্ঞাপন দিয়া খালী পদৰ সংখ্যা আৰু বৃদ্ধি নহ'ব, কিয়নো সংৰক্ষণৰ ৰ’ষ্টাৰ পইণ্ট অনুসৰণ কৰা হ'ব । এতিয়াৰ পৰা বিজ্ঞাপন দিয়া খালী পদসমূহ ৰ’ষ্টাৰ পইণ্ট অনুসৰি হ’ব অৰ্থাৎ বিজ্ঞাপন দিয়া খালী পদৰ সংখ্যাৰ ওপৰত ভিত্তি কৰি নহয় ।

লগতে মেঘালয় কেবিনেটে প্ৰতিবন্ধী ব্যক্তিৰ বাবে সংৰক্ষণ ৰ’ষ্টাৰৰ সন্দৰ্ভতো 2020 চনৰ কাৰ্যালয় স্মাৰকৰ ক্ষেত্ৰত সংশোধনী আনে । জিলা পৰ্যায়ত খালী পদৰ বাবে আবেদন কৰা প্ৰাৰ্থীৰ বাবে সংৰক্ষণ নীতিৰ অ’ এমত এটা নতুন ব্যৱস্থাও সংযোজন কৰা হৈছে, য’ত জিলা বাছনি সমিতিৰ জৰিয়তে আবেদন কৰা প্ৰাৰ্থীসকলে জিলাখনৰ স্থানীয় ভাষাত যোগ্যতা অৰ্জন কৰাটো বাধ্যতামূলক কৰা হৈছে ।

সৰ্বমুঠ 7 টা গুৰুত্বপূৰ্ণ সংশোধনী আনে মেঘালয় কেবিনেটে ৷

লগতে পঢ়ক : Constituency Delimitation 2023 : লাহোৱাল সমষ্টি বিলুপ্তিকৰণৰ বিৰুদ্ধে 12 ঘন্টীয়া বন্ধ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.