ETV Bharat / bharat

ডিআৰডিঅ’ৰ দ্বাৰা বিকশিত এন্টি-ক’ভিড ঔষধৰ আঁৰৰ ব্যক্তিজনৰ কথাৰে... - ডাঃ ৰেড্ডীৰ গৱেষণাগাৰ

ডিআৰডিঅ'ৰ জ্যেষ্ঠ বিজ্ঞানী ডাঃ অনিল কুমাৰ মিশ্ৰাৰ দ্বাৰা উদ্ভাৱন কৰা ক’ভিডৰ ঔষধ এণ্টি-ডিঅক্সি-ডি-গ্লুকোজ (2-ডিজি) ডিচিজিআইৰ দ্বাৰা মজলীয়াৰ পৰা গুৰুতৰ ক’ভিড ৰোগীৰ ক্ষেত্ৰত জৰুৰীকালীন ব্যৱহাৰৰ বাবে অনুমোদন জনোৱা হৈছে ৷ উত্তৰ প্ৰদেশৰ বালিয়াৰ বাসিন্দা জ্যেষ্ঠ বিজ্ঞানী গৰাকীয়ে এতিয়া তেওঁৰ এই সফলতাৰ জৰিয়তে অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে ৷

Meet the face behind anti-COVID drug developed by DRDO
ডিআৰডিঅ’ৰ দ্বাৰা বিকশিত এন্টি-ক’ভিড ঔষধৰ আঁৰৰ ব্যক্তিজনৰ কথাৰে...
author img

By

Published : May 10, 2021, 11:01 PM IST

নিউজ ডেস্ক, 10 মে’: ডিআৰডিঅ'ৰ জ্যেষ্ঠ বিজ্ঞানী ডাঃ অনিল কুমাৰ মিশ্ৰাৰ দ্বাৰা উদ্ভাৱন কৰা ক’ভিডৰ ঔষধ এণ্টি-ডিঅক্সি-ডি-গ্লুকোজ (2-ডিজি) ডিচিজিআইৰ দ্বাৰা মজলীয়াৰ পৰা গুৰুতৰ ক’ভিড ৰোগীৰ ক্ষেত্ৰত জৰুৰীকালীন ব্যৱহাৰৰ বাবে অনুমোদন জনোৱা হৈছে ৷ বিশ্বব্যাপী মনোযোগ আকৰ্ষণ কৰা 2-ডিজি ঔষধৰ বিকাশত ডাঃ মিশ্ৰাই এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে । উত্তৰ প্ৰদেশৰ বালিয়াৰ বাসিন্দা জ্যেষ্ঠ বিজ্ঞানী গৰাকীয়ে এতিয়া তেওঁৰ এই সফলতাৰ জৰিয়তে অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে ৷

প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা (ডিআৰডিঅ')ৰ মতে, হায়দৰাবাদৰ ডাঃ ৰেড্ডীৰ গৱেষণাগাৰৰ সহযোগত ডিআৰডিঅ'ৰ পৰীক্ষাগাৰ ইনষ্টিটিউট অৱ নিউক্লিয়াৰ মেডিচিন এণ্ড এলাইড চাইন্সেছ (আইএনএমএএছ)ৰ দ্বাৰা 2-ডিঅক্সি-ডি-গ্লুকোজ (2-ডিজি) ঔষধৰ এক এণ্টি-ক’ভিড-19 থেৰাপিউটিক প্ৰয়োগ বিকশিত কৰা হৈছে ।

ক্লিনিকেল পৰীক্ষণৰ ফলাফলে দেখুৱাইছে যে, এই অণুটোৱে চিকিৎসালয়ত ভৰ্তি ৰোগীসকলৰ দ্ৰুত আৰোগ্যত সহায় কৰে আৰু পৰিপূৰক অক্সিজেনৰ নিৰ্ভৰশীলতা হ্ৰাস কৰে ।

2-ডিজিৰ সৈতে চিকিৎসা কৰা ক’ভিড ৰোগীৰ ক্ষেত্ৰত আৰ.টি.পি.চি.আৰ. পৰীক্ষাত ঋণাত্মক ৰূপান্তৰ দেখা গৈছে । কৰ’ণা মহামাৰীত ভুগি থকা লোকসকলৰ বাবে এই ঔষধ যথেষ্ট লাভজনক হ'ব ধাৰণা কৰা হৈছে ।

ডাঃ মিশ্ৰাই এইটোও দাবী কৰিছে যে, ঔষধটো শিশুসকলৰ ক্ষেত্ৰতো কাৰ্যকৰী আৰু কৰ’ণাৰ পৰা পুনৰুদ্ধাৰৰ হাৰ দুগুণ বৃদ্ধি কৰে ।

উল্লেখ্য যে, ডাঃ অনিল মিশ্ৰৰ জন্ম হৈছিল বালিয়াৰ চিকন্দৰপুৰ অঞ্চলৰ মিছৰী চ’ক গাঁৱত ৷ তেওঁ ১৯৮৪ চনত গোৰখপুৰ বিশ্ববিদ্যালয়ৰ পৰা M.Sc আৰু ১৯৮৮ চনত বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ পৰা ৰসায়ন বিজ্ঞান বিভাগৰ পৰা পিএইচডি সম্পূৰ্ণ কৰে ।

লগতে পঢ়ক: দেশত তুলনামূলকভাৱে হ্ৰাস দৈনিক ক'ভিড আক্ৰান্তৰ সংখ্যা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.