ETV Bharat / bharat

কৃষ্ণ জন্মভূমি গোচৰত ৯ খন আবেদন খাৰিজ মথুৰা আদালতৰ

author img

By

Published : Jan 29, 2021, 8:25 PM IST

চহৰত সাম্প্ৰদায়িক অশান্তি সৃষ্টি কৰিব পাৰে বুলি পুৰোহিতসকলে আবেদনৰ জৰিয়তে কাত্ৰ কেশৱ দেৱ মন্দিৰৰ ভিতৰত শ্বাহী ইদগাহ মছজিদ নিৰ্মাণ কৰাকলৈ নিন্দা কৰিছিল । হিন্দু মহাসভাকে ধৰি অন্যান্য সংগঠনে দাবী কৰিছিল যে কৃষ্ণৰ জন্মস্থানৰ ওচৰত থকা ইদগাহ অবৈধ ।

কৃষ্ণ জন্মভূমি গোচৰত ৯ খন আবেদন খাৰিজ মথুৰা আদালতৰ
কৃষ্ণ জন্মভূমি গোচৰত ৯ খন আবেদন খাৰিজ মথুৰা আদালতৰ

নিউজ ডেস্ক , ২৯ জানুৱাৰী : শ্ৰীকৃষ্ণৰ জন্মভূমিত থকা মছজিদ আঁতৰোৱাকলৈ বিতৰ্ক অব্য়াহত আছে । আদালতত এই বিষয়কলৈ গোচৰ চলি থকাৰ মাজতে মথুৰাৰ কৃষ্ণ জন্মভূমিৰ মন্দিৰৰ ওচৰৰ পৰা ১৭ শতিকাৰ মছজিদ আঁতৰোৱাৰ বাবে আগতে দাখিল কৰা গোচৰত এক পক্ষ হোৱাৰ বাবে কৰা ৯ খনকৈ আবেদন খাৰিজ কৰে মথুৰা জিলা আদালতে । মথুৰা জিলা আদালতে অখিল ভাৰতীয় তীৰ্থ পুৰোহিত মহাসভা, মথুৰ চতুৰ্বেদী পৰিষদ আৰু হিন্দু মহাসভাকে ধৰি বিভিন্ন সংগঠনে দাখিল কৰা ৯ খন আবেদন খাৰিজ কৰে । ইফালে লক্ষ্ণৌৰ অধিবক্তা ৰঞ্জনা অগ্নিহোত্ৰীয়ে দাখিল কৰা সংশোধন আবেদনৰ পৰৱৰ্তী শুনানিৰ দিন ২২ মাৰ্চত নিৰ্ধাৰণ কৰিছে আদালতে ।

উল্লেখ যে পুৰোহিতসকলৰ দ্বাৰা কৰা আবেদনৰ জৰিয়তে কাত্ৰ কেশৱ দেৱ মন্দিৰ পৰিষৰৰ ভিতৰত শ্বাহী ইদগাহ মছজিদ নিৰ্মাণকলৈ নিন্দা কৰিছে লগতে এই বিষয়টোৱে চহৰত সাম্প্ৰদায়িক অশান্তি সৃষ্টি কৰিব পাৰে বুলিও দাবী কৰিছে আনহাতে হিন্দু মহাসভাকে ধৰি অন্যান্য সংগঠনে দাবী কৰিছিল যে কৃষ্ণৰ জন্মস্থানৰ কাষত থকা ইদগাহ অবৈধ ।

জিলা আদালতৰ অধিবক্তা শিৱৰাম সিঙৰ মতে আবেদন সংশোধন কৰাৰ বাবে সকলো আবেদন আদালতৰ দ্বাৰা খাৰিজ কৰা হৈছে। এনে পৰিস্থিতিত লক্ষ্ণৌৰ অধিবক্তা ৰঞ্জনা অগ্নিহোত্ৰী আৰু আন সাতজনৰ দ্বাৰা দাখিল কৰা আবেদনত কোনেও পক্ষ ল'ব পৰা নাই।

উল্লেখ যে ২০২০ চনৰ ২৫ ছেপ্টেম্বৰত ১৩.৩৭ একৰ ভূমি যাক শ্ৰীকৃষ্ণৰ জন্মস্থান বুলি কোৱা হৈছে সেই ঠাইত থকা মছজিদটো অবৈধ বুলি আদালতত অভিযোগ দাখিল কৰা হৈছিল ৷

লগতে পঢ়ক :দিল্লীস্থিত ইজৰাইলৰ দূতাবাসৰ সমীপত বিস্ফোৰণ !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.